চিটাৰা ডেস্ক, ১১ মাৰ্চ:আজি লছ এঞ্জেলেছৰ ডলবি থিয়েটাৰত ৯৬ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় । এই সন্মানীয় বঁটা অনুষ্ঠানত আধিপত্য বিস্তাৰ কৰে ক্ৰিষ্টোফাৰ নোলানৰ ‘অপেনহাইমাৰ’ ছবিখনে । এই ছবিখনে ১৩ টা মনোনয়ন লাভ কৰিছিল, ইয়াৰ ভিতৰত ৭ টা বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷
ইয়াৰ লগে লগে ‘অপেনহাইমাৰ’এ এই বছৰৰ সৰ্বাধিক অস্কাৰ বঁটা লাভ কৰা ছবি হিচাপে পৰিগণিত হয় । অস্কাৰত আলোড়নৰ সৃষ্টি কৰা ‘অপেনহাইমাৰে’ কোনবোৰ শিতানত বঁটা লাভ কৰিছে জানো আহক ৷
শ্ৰেষ্ঠ ছবিৰ অস্কাৰ লাভ 'অপেনহাইমাৰ'ৰ
ক্ৰিষ্টোফাৰ নোলানৰ 'অপেনহাইমাৰ' ছবিয়ে এইবাৰ শ্ৰেষ্ঠ ছবিৰ অস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে । এই শিতানত ‘অপেনহাইমাৰ’এ ‘আমেৰিকান ফিকশ্যন’, ‘এনাটমী অৱ এ ফ’ল’, ‘বাৰ্বি’, ‘দ্য হোল্ডোভাৰছ’, ‘কিলাৰ্ছ অৱ দ্য ফ্লাৱাৰ মুন’, ‘মাইষ্ট্ৰ’, ‘পাষ্ট লাইভছ’, ‘পুৰ থিংছ’ আৰু ‘দ্য জ’ন অৱ ইন্টাৰেষ্ট’ক পৰাস্ত কৰে ।
শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ লাভ ক্ৰিষ্টোফাৰ নোলানৰ
ক্ৰিষ্টোফাৰ নোলানে ‘অপেনহাইমাৰ’ৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ লাভ কৰে । ইয়াৰ লগে লগে প্ৰথমবাৰৰ বাবে ক্রিষ্টোফাৰে অস্কাৰ লাভ কৰে ৷ এই দৌৰত তেওঁ 'এনাটমী অৱ এ ফ'ল'ৰ পৰিচালক জাষ্টিন ট্ৰিট, 'কিলাৰ্ছ অৱ ফ্লাৱাৰ মুন'ৰ পৰিচালক মাৰ্টিন স্কোৰচেজ, 'পুৱৰ থিংছ'ৰ পৰিচালক ইয়ৰ্গছ লেনথিমছ আৰু 'দ্য জ'ন অৱ ইন্টাৰেষ্ট'ৰ পৰিচালক জনাথন গ্লেজাৰক পৰাস্ত কৰি জয়লাভ কৰে ।
শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কিলিয়ান মাৰ্ফীৰ