চিটাৰা ডেস্ক, ৬ মাৰ্চ: বিশ্বৰ আটাইতকৈ সন্মানীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ‘অস্কাৰ ২০২৪’ৰ কাউণ্টডাউন আৰম্ভ হৈছে । এই বঁটা অনুষ্ঠানৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে । ভাৰততো এই বঁটাক লৈ উচাহ দেখা গৈছে ৷ এইবাৰ ১০ মাৰ্চ, ২০২৪ (EST)ত অনুষ্ঠিত হ’ব একাডেমী বঁটা । চতুৰ্থবাৰৰ বাবে এই অনুষ্ঠানৰ আঁত ধৰোতাৰ ৰূপত থাকিব কমেডিয়ান জিমি কিমেল । এই প্ৰতিবেদনত জানো আহক ভাৰতত অস্কাৰৰ লাইভ টেলিকাষ্ট আৰু ষ্ট্ৰীমিং কেতিয়া আৰু ক’ত চাব পাৰিব ?
ভাৰতত কেতিয়াৰ পৰা আৰম্ভ হ’ব ‘অস্কাৰ ২০২৪’ ?
আমেৰিকাত ৰেড কাৰ্পেট অনুষ্ঠান আৰু বঁটা প্ৰদান অনুষ্ঠান দেওবাৰে নিশা অনুষ্ঠিত হ’ব, আনহাতে ভাৰতত অস্কাৰ ২০২৪ ৰ লাইভ ষ্ট্ৰীমিং সোমবাৰে পুৱা অৰ্থাৎ ১১ মাৰ্চত অনুষ্ঠিত হ’ব ।
ভাৰতত ক’ত চাব পাৰিব অস্কাৰ ২০২৪ ?
ভাৰতীয় দৰ্শকে ১১ মাৰ্চ সোমবাৰে পুৱা ৪:০০ বজাত অ’টিটি প্লেটফৰ্ম ডিজনী + হটষ্টাৰত অস্কাৰ ২০২৪ লাইভ চাব পাৰিব । মঙলবাৰে ডিজনী প্লাছ হটষ্টাৰৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টে এই বছৰৰ অস্কাৰৰ বাবে মনোনীত হোৱা বেছিভাগ ছবিৰ এটা ৰিল শ্বেয়াৰ কৰিছিল, য’ত লিখা আছিল, “আপোনাৰ জলপান তৈয়াৰ কৰি লওক আৰু তাৰকাৰে ভৰা দিনটো উপভোগ কৰক ! অস্কাৰ ২০২৪, ১১ মাৰ্চত ডিজনী+ হটষ্টাৰত লাইভ ষ্ট্ৰীমিং । শ্ব’টো আৰম্ভ কৰোঁ আহক !”