অসম

assam

ETV Bharat / entertainment

অসমৰ বহু শিল্পীৰ উত্থানৰ নেপথ্যত এন কে প্ৰডাকচন: NK Production - NK PRODUCTION

আশীৰ দশকত অসমত এক সাংস্কৃতিক বিপ্লৱৰ সৃষ্টি কৰা সংগীত প্ৰযোজনা সংস্থাটো সন্দৰ্ভত ই টিভি ভাৰতৰ সাংবাদিক দিপাঞ্জলি শৰ্মাৰ এক বিশেষ প্ৰতিবেদন ।

NK Production
বহু শিল্পীৰ উত্থানৰ নেপথ্যত এন কে প্ৰডাকচনৰ ভূমিকা (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 12, 2024, 9:30 PM IST

গুৱাহাটী :এটা যুগ আছিল যেতিয়া অসমৰ সংগীত জগতত এক খলকনিৰ সৃষ্টি কৰিছিল এটা সংগীত প্ৰযোজনা সংস্থাই । নতুন নতুন শিল্পী, নতুন সুৰ-কথা-ধাৰাৰে ৰাজ্যজুৰি সংগীতৰ লহৰ তুলিছিল এই প্ৰযোজনা সংস্থাটোৱে উপহাৰ দিয়া বিভিন্ন অডিঅ' কেছেটে । বহু কালজয়ী গীত-সুৰ সৃষ্টিৰ লগতে বহু প্ৰতিভাক উদ্ভাসিত কৰি তুলিছিল এই সংস্থাটোৱে । পৰৱৰ্তী সময়ত ভিচিডিৰ জৰিয়তে নতুন ধাৰাত খোজ পেলাই সৃষ্টি কৰিছিল বহু কাহিনী, আমোদ দিছিল দৰ্শকক । তাৰ পিচত পদাৰ্পণ ছবি জগতত । চাৰিটা দশক এই প্ৰযোজনা সংস্থাটোৱে পৰিৱৰ্তিত সময়ৰ লগত খোজ মিলাই আগবাঢ়ি গৈছে । নিশ্চয় আপোনালোকে ধৰিব পাৰিছে আমি কোনটো সংগীত প্ৰযোজনা গোষ্ঠীৰ কথা ক'ব খুজিছোঁ । এয়া হৈছে এক গৌৰৱপূৰ্ণ ইতিহাস সৃষ্টিকাৰী প্ৰযোজনা সংস্থা এন কে প্ৰডাকচন (NK Production) ।

১৯৮৩ চনত প্ৰয়াত বলীন বৰকটকীয়ে স্থাপন কৰা এন কে প্ৰডাকচনে ভৰি দিলে ৪১ বছৰত । কেনেদৰে আৰম্ভণি হৈছিল এন কে প্ৰডাকচন ? এন কে প্ৰডাকচনৰ যাত্ৰা সন্দৰ্ভত স্বত্ত্বাধিকাৰী দেৱ বৰকটকীয়ে ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত জনায় বহু কথা ।

বহু শিল্পীৰ উত্থানৰ নেপথ্যত এন কে প্ৰডাকচনৰ ভূমিকা (ETV Bharat Assam)

অসমীয়া সাংস্কৃতিক জগতৰ এক আৱেগ এন কে প্ৰডাকচন । অসমীয়া সংগীত জগতৰ লগতে চলচ্চিত্ৰ জগতখনৰো এক অবিচ্ছেদ্য অংগ হৈছে এন কে প্ৰডাকচন । ১৯৮৩ চনত প্ৰয়াত বলীন বৰকটকীয়ে স্থাপন কৰা এন কে প্ৰডাকচনৰ প্ৰথমটো অডিঅ' এলবাম আছিল ঔম শান্তি । পিতৃৰ মৃত্যুৰ পিছত পুত্ৰ দেৱ বৰকটকীয়ে এন কে প্ৰডাকচনক অন্য এক গতি প্ৰদান কৰে ।

আনহাতে, জুবিন গাৰ্গৰ ভালেসংখ্যক জনপ্ৰিয় গীতো প্ৰযোজনা কৰিছে এন কে প্ৰডাকচনে । জুবিনৰ প্ৰথমটো এলবাম 'অনামিকা'ও নিৰ্মাণ হৈছিল এই এন কে প্ৰডাকচনৰ বেনাৰতে । লগতে বলিউডৰ বহুকেইগৰাকী জনপ্রিয় কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিছে এন কে প্ৰডাকচনৰ বেনাৰত ।

কুমাৰ চানু, কবিতা কৃষ্ণমূৰ্তি, সাধনা স্বৰগমে কণ্ঠ নিগৰাইছে এন কে প্ৰডাকচন প্ৰযোজিত এলবামত । ভি চি ডিৰ ক্ষেত্ৰত এন কে প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা জানমণি, অঞ্জনা আছিল জনপ্রিয়তাৰ চূড়ান্ত শিখৰত । এটা সময় আছিল, যিসময়ত বছৰৰ শেষৰ ভাগলৈ দৰ্শকে অধীৰ আগ্ৰহেৰে বাট চাই আছিল । কাৰণ বছৰৰ শেষভাগত মুক্তিলাভ কৰিছিল বিহুসুৰীয়া ভি চি ডিসমূহ ।

এতিয়া অৱশ্যে সেই ভি চি ডিসমূহ নাই যদিও সেই গীতসমূহ আজিও মানুহৰ মুখে মুখে, অনুৰণিত হৈ আছে কাণত । সেই সোণালী সময় এতিয়া নাই যদিও ৰাইজক মনোৰঞ্জন দিবলৈ এতিয়াও কোনো ত্ৰুটি কৰা নাই এন কে প্ৰডাকচনে । সময়ৰ সৈতে খোজত খোজ মিলাই আগবাঢ়িছে এন কে প্ৰডাকচনে ।

এন কে প্ৰডাকচন সন্দৰ্ভত স্বত্ত্বাধিকাৰী দেৱ বৰকটকীয়ে ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত জনায় বহু কথা ।

কেনেদৰে আৰম্ভণি হৈছিল এন কে প্ৰডাকচনৰ, জানো আহক দেৱ বৰকটকীৰ মুখেৰে

এন কে প্ৰডাকচনৰ আৰম্ভণি হৈছিল ১৯৮৩ চনত । তেতিয়াৰে পৰা এতিয়ালৈকে সুদীৰ্ঘ ৪১ টা বছৰে এন কে প্ৰডাকচনে অসমীয়া সংগীত জগতক অন্য এক মাত্ৰা প্ৰদান কৰি আহিছে । অডিঅ' কেছেটৰ পৰা আৰম্ভ হৈছিল এন কে প্ৰডাকচনৰ যাত্ৰা । তাৰ পাছত লাহে লাহে ভি চি ডি ওলায় । তেনেদৰেই সময়ৰ সৈতে খোজ মিলাই এন কে প্ৰডাকচনৰ কামৰ ধাৰাও সলনি হৈ আহি আছে ।

স্মৃতি ৰোমন্থন কৰি দেৱ বৰকটকীয়ে কয়, "আগতে আমাৰ অডিঅ' কেছেট আছিল । কিন্তু কেছেটবোৰ ২০১২ চনমানৰ পৰা বন্ধ হৈ গ'ল । ১৯৯৫ চনমানৰ পৰাই আমি ভি চি ডি আকাৰে উলিয়াছিলোঁ । ৯০ মিনিট দৈৰ্ঘ্যৰ এটা সম্পূৰ্ণ কাহিনীৰে একোখনকৈ ভি চি ডি উলিয়াই আহিছোঁ । তাৰ মাজত গীতো থাকে ।"

'জানমণি' সন্দৰ্ভত মন্তব্য

'জানমণি' আগতে আমি ডিচেম্বৰৰ ১ তাৰিখে মুক্তি দিছিলোঁ । মানুহে অধীৰ আগ্ৰহেৰে ভি চি ডিসমূহৰ বাবে ৰৈ থাকে । 'জানমণি'ত অভিনেত্ৰী শ্যামন্তিকাই অভিনয় কৰিছিল, জুবিনে গীতসমূহ গাইছিল । 'জানমণি'য়ে দৰ্শকৰ মাজত বিশেষ আদৰ লাভ কৰিছিল । এইবাৰো আমি 'জানমণি'ক ৱেব ছিৰিজ হিচাপে দৰ্শকৰ মাজত মুক্তি দিবলৈ সাজু হৈছোঁ । এইবাৰত 'জানমণি'ত প্ৰায় ১০ টা গীত থাকিব ।

আগতে আমাৰ কাহিনী ভি চি ডি হিচাপত আছিল । ভি চি ডিৰ বজাৰখন এতিয়া নোহোৱা হৈ গ'ল, যাৰ বাবে আমি ৱেব ছিৰিজ আকাৰে উলিয়াব লগা হ'ল । ৱেব ছিৰিজখনত ১ ঘণ্টা সময়কৈ ১০ টা খণ্ড থাকিব ।

অতীতৰ সেই দিনবোৰ সোঁৱৰণ কৰা যায়নে ?

তেওঁৰ উত্তৰ, "আগতে আমি এই সময়ছোৱাত বহুত ব্যস্ত আছিলোঁ । ঠিক তেনেদৰে আন ষ্টুডিঅ'সমূহো ব্যস্ত থাকে । আগতে ডিচেম্বৰ মাহটো আমাৰ বাবে বহু ব্যস্ত মাহ আছিল ।"

উল্লেখ্য যে 'জানমণি'ৰ পাছতে ৱেব ছিৰিজ আকাৰত আহিব 'অঞ্জনা' । ৫ টা খণ্ডৰে মুক্তি পাবলগীয়া 'অঞ্জনা'তো থাকিব বহুকেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী । জানুৱাৰীৰ পৰা আৰম্ভ হ'ব 'অঞ্জনা'ৰ দৃশ্যগ্ৰহণৰ কাম ।

লগতে পঢ়ক :মনত পৰেনে জখলাবন্ধালৈ ? সেই যে দোকানে দোকানে বাজি থকা বিহুৰ কেছেটবোৰ...
লগতে পঢ়ক :আৰম্ভ হ'ল সপ্তদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ

ABOUT THE AUTHOR

...view details