গুৱাহাটী, 3 এপ্ৰিল :অসমীয়া ছবিজগতৰ বাবে আন এটা ভাল খবৰ । শীঘ্ৰেই ছবিগৃহলৈ আহিব আন এখন ছবি "THE মিৰাজ" (The Mirage)। কিছুদিন পূৰ্বে সমাজিক মাধ্যমযোগে ছবিখনৰ নাম আৰু এটা ফাষ্টলুক ভিডিঅ’ মুক্তি দিয়া হয় । সম্প্ৰতি সময়ত আলফা তথা আন নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে অসমৰ সম্পৰ্ক আৰু যুৱপ্ৰজন্মৰ ওপৰত ইয়াৰ প্ৰভাৱৰ ঘটনাক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন । Bi.Mo. ফিল্মচৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ প্ৰযোজনা কৰিছে সুৰবালা দেৱীয়ে আৰু পৰিচালনা কৰিছে বিকাশ মুছাহাৰীয়ে । উল্লেখ্য যে, বিকাশ মুছাহাৰীয়ে পৰিচালনা কৰা এইখন প্ৰথম অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি । ছবিখনৰ কাৰ্যবাহী প্ৰযোজনা অনামিকা বৰুৱাৰ ।
স্বাধীন অসমৰ সপোন দেখি আলফা তথা আন নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনসমূহত যোগ দিয়া একাংশ যুৱ-প্ৰজন্মৰ কাহিনী দেখুৱাবলৈ চেষ্টা কৰা হৈছে ৷ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনত যোগ দিয়াৰ পিচত তেওঁলোকে সন্মুখীন হোৱা পৰিস্থিতিসমূহক কাহিনী হিচাপে লৈ নিৰ্মাণ কৰা হৈছে ছবিখন । এক কথাত ক’বলৈ গলে "দ্য মিৰাজ" কাহিনীভাগ সত্য ঘটনাৰ ওপৰত আধাৰিত ।