গুৱাহাটী, 2 মে’ :এ. এম টেলিভিশ্যনৰ বেনাৰত শীঘ্ৰেই আহি আছে ‘স্বৰ্গৰথ’ । ৰাজেশ ভূঞাৰ পৰিচালনাৰে নিৰ্মিত এই অসমীয়া ছবিখন অহা 7 জুন তাৰিখে মুক্তি লাভ কৰিব ৰাজ্য প্ৰতিটো ছবি গৃহত । শুকুৰবাৰে সামাজিক মাধ্যমযোগে মুক্তি দিয়া হৈছিল ছবি শীৰ্ষ গীতটোৰ কিয়দংশ লগতে টীজাৰ ।
মুক্তিৰ কিছু মুহূৰ্তৰ ভিতৰতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল গীতটোৰ টীজাৰটো । বুধবাৰে মহানগৰীৰ পানবজাৰস্থীত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত মুকলি কৰা হয় ছবিখনৰ শীৰ্ষগীতটিৰ লগতে ছবিখনৰ পোষ্টাৰ । এই শীৰ্ষগীতটিত কন্ঠদান কৰিছে অৰূপ জ্যোতি বৰুৱাই ৷ লগতে এই গীতটিত নাগাৰা নাম আৰু "পে পে পে" ৰ জৰিয়তে ভাইৰেল হোৱা কৰিশ্মা নাথকো দেখা পোৱা গৈছে ।
প্ৰথমবাৰৰ বাবে কৰিশ্মা নাথক এইবাৰ ৰাইজে দেখিবলৈ পাব ৰূপালী মঞ্চত । কোনেৱে আকৌ কৰিশ্মা নাথক ছবিখনত দেখি ভাল বুলি কোৱাৰ লগতে আন কোনোৱে নাগাৰা নামক ছবিখনক অন্তৰ্ভুক্ত কৰাৰ বাবে সমালোচনাও কৰিছে । বহুজনে নাগাৰা নামক বিকৃত ৰূপত উপস্থাপন কৰা বুলি কটু সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে ।