গুৱাহাটী, ১১ মাৰ্চ : একশ্যনৰ পৰা আঁতৰি এইবাৰ এখন ভৌতিক ছবিৰ বাবে সাজু হওক অসমবাসী ৷ কিয়নো অহা ৩১ মে’ত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘পিশাচ’ । অমিতাভ ৰাগৰ পৰিচালনাৰে ‘ফায়াৰ ফ্লাই ফ্লিমচ’ৰ নিবেদিত ছবিখন মুক্তিৰ পূৰ্বে দেওবাৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ ৰুদ্ৰবৰুৱা প্ৰেক্ষাগৃহত ছবিখনৰ পোষ্টাৰ আৰু ফাৰ্ষ্ট লুক ভিডিঅ’ মুকলি কৰা হয় । পিশাচ’ ছবিখনৰ কাহিনী পৰিচালক অমিতাভ ৰাগৰ ।
পিশাচৰ কাহিনী কি ?
সমাজত ঘটি থকা এটা বাস্তৱধৰ্মী ৰোমান্টিক কাহিনীৰে প্ৰেম আৰু প্ৰেমৰ পৰা লোৱা ভয়ংকৰ ৰূপক কাহিনীৰ আধাৰ হিচাপে লৈ সুন্দৰভাৱে উপস্থাপন কৰা হৈছে ছবিখনত । আনহাতে ছবিখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে নিৰুপম শইকীয়া, জেনেট বে’, অচিন্ত্য ৰাজ কাশ্যপ, শশাংক সমীৰ, চিমি ৰিয়ান, ত্ৰিৱেণী গগৈ, মিন্টু বৰুৱা আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।
ছবিখনৰ শীৰ্ষ গীতটিত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষুৱে লগতে গীতটি কম্প’জাৰ বহ্নিমান আৰু নেপথ্য গীত পৰাগ প্ৰীয়ম নাথৰ । ছবিখনৰ ডি অ’ পি পাপু ডেকা, সম্পাদনা হাৰ্দিক কাশ্যপ, কালাৰিষ্ট ৰতন শীল শৰ্মা, চাউণ্ড ডিজাইন কিংসুক মৰাণ, পোষ্টাৰ ডিজাইন টাচিন মুনটাকিন, কলা পৰিচালক ভূষণ আৰু নাৰায়ণৰ ।
চলচ্চিত্ৰখনৰ ক্ৰিয়েটিভ প্ৰডিউচাৰ তথা মুখ্য সহ-পৰিচালকৰ ভূমিকাত আছে মৃণাল ডেকা । অনিমা লহকৰে প্ৰযোজনা কৰা ‘পিশাচ’ৰ সহ-প্ৰযোজনা ৰাজ দত্ত আৰু টাচিন মুনটাকিনৰ । দেওবাৰে ছবিখনৰ পোষ্টাৰ আৰু ফাৰ্ষ্ট লুক ভিডিঅ’ মুকলি অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰা, অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ, কণ্ঠশিল্পী সীমান্ত শেখৰ, চলচ্চিত্ৰ পৰিচালক বিশ্বজিৎ বৰাৰ লগতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত কেইবাগৰাকীও গণ্যমান্য ব্যক্তি ।
লগতে পঢ়ক:১৫ মাৰ্চত ছবিগৃহলৈ আহি আছে জনপ্ৰিয় ৰেডিঅ' নাট 'গোবৰধন চৰিত'