হায়দৰাবাদ: ব্যক্তিগত জীৱনক লৈ আলোচনা চলি থকাৰ পিছতো ঐশ্বৰ্য ৰায় বচ্চন নিৰ্ভয়ে থিয় হৈ আছে । তেওঁৰ বৈবাহিক জীৱনক লৈ অভিনেত্ৰীগৰাকী নিৰন্তৰ সংবাদ মাধ্যমৰ নিৰীক্ষণৰ অধীনত থকা স্বত্বেও, সামাজিক ব্যাধিবোৰৰ বাবে শক্তিশালীভাৱে তেওঁৰ কণ্ঠস্বৰ ব্যৱহাৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে ।
ইনষ্টাগ্ৰামত, ঐশ্বৰ্যই এটা গুৰুত্বপূৰ্ণ সমস্যাৰ কথা উল্লেখ কৰি এটা ভিডিঅ’ আপলোড কৰিছে, য’ত তেওঁ ৰাস্তাত হোৱা উৎপীড়নৰ বিৰুদ্ধে মাত মাতিছে । এক আন্তৰ্জাতিক সৌন্দৰ্য ব্ৰেণ্ডৰ সামাজিক প্ৰচাৰৰ অংশ হিচাপে লোৱা এই পদক্ষেপত ঐশ্বৰ্যই বিশ্বব্যাপী লাখ লাখ মহিলাক প্ৰভাৱিত কৰা এটা সমস্যা সমাধানৰ বাবে মাত মাতিছে ।
ভিডিঅ'টোত, ঐশ্বৰ্যই যুৱতীসকলৰ সৈতে পোনপটীয়াকৈ কথা পাতিছে, তেওঁলোকক আত্মবিশ্বাস আৰু মৰ্যাদাৰে নিৰ্যাতনৰ সন্মুখীন হ'বলৈ আহ্বান জনাইছে । “ৰাস্তাত উৎপীড়ন । আপুনি ইয়াৰ সৈতে কেনেদৰে মোকাবিলা কৰিব ? চকুৰ সম্পৰ্ক পৰিহাৰ কৰিব নেকি ? নহয় !” তেওঁ শক্তিশালী মনোবলেৰে কথাখিনি কয় । 51 বছৰীয়া তাৰকাগৰাকীয়ে মহিলাসকলক মূৰ তুলি থাকিবলৈ কৈ উৎসাহিত কৰি কয়, “পোনপটীয়াকৈ সমস্যাটোৰ চকুত চাওক, আপোনাৰ মূৰটো ওপৰলৈ ধৰি ৰাখক ৷ নাৰী আৰু নাৰীবাদী । মোৰ শৰীৰ, মোৰ মূল্য, কেতিয়াও আপোনাৰ মূল্যৰ সৈতে আপোচ নকৰিব । নিজকে সন্দেহ নকৰিব । আপোনাৰ মূল্যৰ বাবে থিয় হওক । আপোনাৰ পোছাক বা আপোনাৰ লিপষ্টিকক দোষ নিদিব । ৰাস্তাত উৎপীড়ন কেতিয়াও আপোনাৰ দোষ নহয় ।”
ঐশ্বৰ্যৰ স্পষ্ট বাৰ্তা :
মহিলাসকলে দৃঢ়তাৰে থিয় হৈ তেওঁলোকৰ অধিকাৰ দাবী কৰিব লাগে, তেওঁলোকে সন্মুখীন হোৱা নিৰ্যাতনৰ বাবে দোষী অনুভৱ কৰিব নালাগে । এই শক্তিশালী বাৰ্তাটো এনে এটা সময়ত আহিছে যেতিয়া ঐশ্বৰ্যৰ ব্যক্তিগত জীৱন সংবাদ মাধ্যমৰ তীব্ৰ নিৰীক্ষণৰ অধীনত আছে । জুলাইত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াত ঐশ্বৰ্য আৰু আৰাধ্যা বচ্চন পৰিয়ালৰ পৰা পৃথকে উপস্থিত হোৱাৰ পিছৰে পৰা তেওঁৰ আৰু স্বামী অভিষেক বচ্চনৰ মাজত সকলো ঠিকে নাই বুলি বাতৰি প্ৰচাৰ হৈ আহিছে । তাৰ মাজতে অভিষেকে বিবাহ বিচ্ছেদৰ বিষয়ে ‘যেতিয়া প্ৰেম সহজ হোৱা বন্ধ হৈ পৰে’ শীৰ্ষক এটা ইনষ্টাগ্ৰাম পোষ্ট লাইক কৰে ৷ তেতিয়াৰ পৰাই বিচ্ছেদৰ বাতৰি অধিক তীব্ৰতৰ হৈ পৰে ৷
দম্পতীটোৱে এই সন্দৰ্ভত একো প্ৰতিক্ৰিয়া বৰ্তমানলৈকে দিয়া নাই ৷ কিন্তু কিংবদন্তী অভিনেতা অমিতাভ বচ্চনে স্পষ্টতঃ তেওঁৰ পৰিয়ালক লৈ চলি থকা জল্পনা-কল্পনাক সম্বোধন কৰিছিল । এটা ব্লগ পোষ্টত তেওঁ লিখিছিল, “মই পৰিয়ালৰ বিষয়ে খুব কম কথা কওঁ, কিয়নো সেইটো মোৰ ক্ষেত্ৰ, আৰু ইয়াৰ গোপনীয়তা মোই বজাই ৰাখো । অনুমানবোৰ অনুমান । প্ৰমাণীকৰণ অবিহনে সেইবোৰ অসত্য বুলি অনুমান কৰা হয় ।”
ইফালে অলপতে ঐশ্বৰ্যই কন্যা আৰাধ্যাৰ ত্ৰয়োদশ সংখ্যক জন্মদিন উদযাপন কৰে । ছ’চিয়েল মিডিয়াতো এই উদযাপনৰ ধাৰাবাহিক ফটো শ্বেয়াৰ কৰে তেওঁ ৷ পিছে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা কথাটো আছিল ফটোসমূহত অভিষেকৰ অনুপস্থিতি ৷ ই আৰু অধিক জল্পনা-কল্পনাৰ সৃষ্টি কৰে ৷ অৱশ্যে এই ব্যক্তিগত বিষয়বোৰত ঐশ্বৰ্য বা অভিষেক কোনোৱেই ৰাজহুৱাভাৱে কোনো মন্তব্য কৰা নাই ।
লগতে পঢ়ক :ঐশ্বৰ্য ৰায় বচ্চনৰ মন আছিল চিকিৎসক হোৱাৰ, কিন্তু…