অসম

assam

ETV Bharat / entertainment

এইবাৰ অভিনেতা নয়ন নীলিমৰ ফেচবুক একাউণ্ট হেক - Actor Nayan Nilim facebook handle - ACTOR NAYAN NILIM FACEBOOK HANDLE

Nayan Nilim social media handle: অভিনেতা নয়ন নীলিমৰ ফেচবুক একাউণ্ট হেক । এই সন্দৰ্ভত ইতিমধ্যে গীতানগৰ থানাত এজাহাৰ দাখিল অভিনেতাগৰাকীৰ । ভিডিঅ’ বাৰ্তা যোগে সকলোকে সাৱধান হ'বলৈ আহ্বান অভিনেতাগৰাকীৰ ।

actor nayan nilim facebook handle hacked actor requests followers to remain careful while using social media
অভিনেতা নয়ন নীলিম (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 19, 2024, 4:12 PM IST

গুৱাহাটী, 19 ছেপ্টেম্বৰ : অভিনেতা নয়ন নীলিম সন্মুখীন হ’ল আন এক অভিজ্ঞতাৰ ৷ চাইবাৰ অপৰাধীৰ টাৰ্গেটলৈ আহিল অভিনেতা নয়ন নীলিম । 'নয়ন নীলিম' নামৰ ফেচবুক পেজটো হেক কৰি অপৰাধীয়ে ডি এইচ ডি স্প’ৰ্টছ নাম দিয়ে । এই সন্দৰ্ভত ইতিমধ্যে গীতানগৰ থানাত এজাহাৰ দাখিল কৰে অভিনেতাগৰাকীয়ে ।

অভিনেতা নয়ন নীলিমৰ ভাষ্য (ETV Bharat Assam)

এই সন্দৰ্ভত এক ভিডিঅ’ বাৰ্তা প্রেৰণ কৰি অভিনেতাগৰাকীয়ে জনাই, ‘‘বিগত 14 বছৰে আপোনালোকৰ লগত প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে যোগাযোগত আছো । আপোনালোকৰ ভাল লগা বা আপোনালোকৰ বেয়া লগা, আপোনালোকৰ খং অভিমান সকলো কথা আন্তৰিকতাৰে গ্ৰহণ কৰিছো । যোৱাকালি কোনো দুৰ্বৃত্তই নয়ন নীলিম নামৰ ব্লু টিক থকা যিটো ফেচবুক পেজ, সেইটো হেক কৰিছে । নতুন ছবিৰ কামৰ পৰিকল্পনা থকা হেতুকে বিগত দুটা মাহ মই সামাজিক মাধ্যমৰ পৰা বিৰত হৈ আছিলো । সেয়ে আপোনালোকো সাৱধান হওক, অচিনাকি ফোনকল বা অচিনাকি লিংক আদি নুখুলি ততাতৈয়াকৈ কোনো জনা শুনা মানুহৰ লগত কথা পাতক আৰু আৰক্ষীক অৱগত কৰক । ময়ো ইতিমধ্যে অপৰাধ শাখাত এটা গোচৰ ৰুজু কৰিছো ।’’

হেক হোৱাৰ পাছত (Nayan Nilim facebook handle)

বৰ্তমান ডিজিটেল যুগ ৷ সুবিধা যিমান, বিপদো সিমান ৷ আমাক মাত্ৰাধিক সুবিধা কৰি দিয়াৰ বিনিময়ত ডিভাইচে আমাক যিদৰে নিৰীক্ষণ কৰিবলৈ লৈছে, সেয়া কিন্তু চিন্তনীয় বিষয় ৷ আজিকালিৰ যুগত ব্যক্তি এজনৰ ব্যক্তিগত বুলিবলৈ একো নাথাকে ৷ কেতিয়া শুইছো, কেতিয়া খাইছো, কি কিনিছো, ক’ত কি বিচাৰিছো সকলো তথ্য আমাৰ ডিভাইচৰ হাতত ৷

হেক হোৱাৰ পাছৰ পোষ্ট (Nayan Nilim facebook handle)

আনহে নালাগে টাইপ কৰাৰ পৰিৱৰ্তে মনৰ ভাৱ মুখেৰে প্ৰকাশ কৰিব পৰা সুবিধাকণো কিন্তু কম নহয় ৷ যি লাগে ফোনটো মুখৰ আগত লৈ গাই দিলেই হ’ল ৷ মানুহক অকলশৰীয়া হোৱাৰ পৰাও যেন সকাহ দিছে এই ডিভাইচটোৱে ৷ টেকন’লজিৰ এই উত্তৰণৰ কথা ভাবিলে কিন্তু সঁচাই আচৰিত লাগে ৷ আমাৰ ককা আইতাহঁতে, মামা মামীহঁতে এইবোৰ কথা আমাৰ মুখত শুনিলেতো সাধুকথা বুলিয়ে ক’ব নতুবা ভাবিব ৷

পিছে সি যি কি নহওক, উত্তৰণ সঁচাই ঘটিছে, কিন্তু তাৰ সমান্তৰালকৈ আমাৰ সুৰক্ষা বহু ক্ষেত্ৰত নাইকিয়া হৈছে ৷ ইলেক্ট্ৰ’নিক ডিভাইচ বা এপবোৰে সুৰক্ষা ব্যৱস্থা কঠোৰ কৰিছে যদিও দুৰ্বৃত্তই সময়ে সময়ে সুৰক্ষা বিঘ্নিত কৰে ৷ ফোন হেক কৰাৰ পৰা আৰম্ভ কৰি বেংক একাউণ্টৰ পৰা পইচা উলিয়াই লৈ যোৱালৈকে উত্তৰণৰ নামত কিন্তু মানুহে বহুত ভুগিবলগীয়া হৈছে ৷ আজিকালি সঘনাই বহু ব্যক্তিৰ ফেচবুক ইনষ্টাগ্ৰাম হেক হয় ৷ ইয়ো নিশ্চয় টেকন’লজিৰ সুবিধাৰ আঁৰৰে এটা ঋণাত্মক দিশ ৷

শেহতীয়াকৈ ফেচবুক একাউণ্ট হেক হোৱাৰ পাছত সকলো লোককে সাৱধান হ'বলৈ আহ্বান জনাইছে অভিনেতা নয়ন নীলিমে । উল্লেখ্য যে, পূৰ্বেও চাইবাৰ অপৰাধীৰ টাৰ্গেটত পৰিছিল কেইবাগৰাকী অভিনেতা অভিনেত্ৰী । বাছি যোৱা নাছিল আৰক্ষী কিম্বা মন্ত্ৰী বিধায়কো । সেয়ে সমাজিক মাধ্যম ব্যৱহাৰ কৰোতে সতৰ্ক হওক আপোনালোক ।

লগতে পঢ়ক :আগন্তুক নাট্যবৰ্ষত ভ্ৰাম্যমাণৰ মঞ্চত দৰ্শকে দেখা পাব উদয়ন দুৱৰাৰ লগতে মণি বৌ খ্যাত পাপৰি বৰাক - Assam mobile theatre

ABOUT THE AUTHOR

...view details