গুৱাহাটী:'নটসূর্য সোঁৱৰণী উদযাপন সমিতি'ৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত পাচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে অষ্টবিংশতিতম 'নটসূর্য' নাট সমাৰোহৰ । নাট সমাৰোহখনি অহা ২ ডিচেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্রীশ্রী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অনুষ্ঠিত হ'ব । এই কথা শনিবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত সদৰী কৰে 'নটসূর্য'ৰ কার্যকৰী সভাপতি পুলক বেনাৰ্জী আৰু সাধাৰণ সম্পাদক ৰামকৃষ্ণ শৰ্মাই ।
সংবাদমেলত তেওঁলোকে কয়,"২ ডিচেম্বৰৰ সন্ধিয়া ৫-১৫ বজাত পুলক বেনাজীৰ পৰিচালনাৰে 'নটসূর্য'ৰ সদস্যসকলে পৰিৱেশন কৰা দুটা সমবেত গীতেৰে সমাৰোহখনিৰ শুভাৰম্ভ কৰা হ'ব । নাট সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব নৃত্যাচার্য পদ্মশ্রী যতীন গোস্বামী । বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰিব অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ব সঞ্চালক ৰাহুল কুমাৰ দাসে ।
লগতে তেওঁ কয়,"উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি ঢকুৱাখানা এক্টিং একাডেমীৰ পৰা নিবেদন কৰা হ'ব ভাস্কৰ বৰুৱাৰ ৰচনা আৰু পৰিচালনাৰে নাটক 'মলখু' । এই নাট্য সন্ধিয়াটো বিশিষ্ট শিক্ষাবিদ, অধ্যাপক উপেন্দ্র নাথ শৰ্মাৰ নামত উৎসৰ্গা কৰা হ'ব । সেইদিনাৰ অনুষ্ঠানত 'নটসূর্য'ৰ প্রতিষ্ঠাপক সাধাৰণ সম্পাদক গিয়াছুদ্দিন আহমেদৰ স্মৃতিত ষষ্ঠ স্মাৰক বঁটা প্ৰদান কৰা হ'ব বিশিষ্ট নাট্যকাৰ, পৰিচালক আৰু অভিনেতা লিয়াকৎ আলীক । এই বঁটাৰ লগত আছে নগদ ২৫ হাজাৰ টকা, প্রশস্তিপত্র আৰু অংগবস্ত্ৰ ।"
তেওঁলোকে জনোৱা অনুসৰি এই অনুষ্ঠানতে 'নটসূর্য নাট সমাৰোহ'ৰ স্মৰণিকাখনো উন্মোচন কৰা হ'ব । ৩ ডিচেম্বৰৰ সন্ধিয়া ৫:৪৫ বজাত মঞ্চস্থ হ'ব হবিসমি ক্রিয়েচন, যোৰহাটৰ প্রযোজনাত ৰূপ কুমাৰ বৰাৰ ৰচনা আৰু গুণাকৰ দেৱ গোস্বামীৰ পৰিচালনাৰে 'অহম শকুনি' । অভিনেতা তথা নটসূর্যৰ সদস্য চিন্ময় ভট্টাচার্যৰ সোঁৱৰণত উৎসর্গিত এই নাট্য সন্ধিয়াটো উদ্বোধন কৰিব বিশিষ্ট অভিনেত্রী মৃদুলা বৰুৱাই ।
৪ ডিচেম্বৰৰ সন্ধিয়া ৫:৩০ বজাত মঞ্চস্থ হ'ব ৰংমহল, নগাঁৱৰ প্রযোজনাত নাট্যকাৰ গৌতম শইকীয়া ৰচিত আৰু বিদ্যুৎ কুমাৰ নাথ পৰিচালিত নাটক 'আধা অঁকা ছবি' । বিখ্যাত সংগীতজ্ঞ ভূপেন উজীৰৰ সোঁৱৰণত উৎসর্গিত হ'বলগীয়া এই নাট্য সন্ধিয়াটো উদ্বোধন কৰিব যশস্বী ভাস্কর্য শিল্পী বীৰেন সিংহই । একেদিনাই বিশিষ্ট সাংবাদিক আৰু বুদ্ধিজীৱী হাইদৰ হুছেইনক 'নটসূর্য'ৰ তৰফৰ পৰা সম্বর্ধনা জ্ঞাপন কৰা হ'ব ।