তিনিচুকীয়া :প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ সোঁৱৰণিত শ্ৰদ্ধাঞ্জলি জনাই কাকপথাৰৰ সংগীত শিল্পী, সুৰকাৰ সৌৰভ জ্যোতি বৰাই ‘বিদায় শিল্পী বন্ধু’ নামেৰে এটি গীত মুকলি কৰে ।
সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ দ্বাৰা নিবেদিত গীতটি সংগঠনটোৰ কাৰ্যালয়ত যুৱ সংবাদকৰ্মী হিৰণ্ময় মৰাণে আঁত ধৰা অনুষ্ঠানটোত বিভিন্ন দল-সংগঠনৰ নেতৃত্বৰ উপস্থিতিত মুকলি কৰা হয় ।
ৰাজীৱ শদিয়াৰ স্মৃতিত ‘বিদায় শিল্পী বন্ধু’ (ETV Bharat Assam) মুকলিৰ সময়ত গীতটি বাজি উঠাৰ লগে লগে সতীৰ্থগৰাকীৰ স্মৃতি সুঁৱৰি উচুপি উঠে শিল্পী সৌৰভ জ্যোতি বৰা ৷ পৰৱৰ্তী সময়ত গীতটোৰ জৰিয়তে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ টুপচিঙা গাঁৱৰ কথা উল্লেখ কৰিছে বুলি শিল্পী সৌৰভ জ্যোতি বৰাই উল্লেখ কৰে ৷ লগতে জীৱিতকালত চিনি নোপোৱাসকলে আজি তেওঁক সোঁৱৰাৰ কিছু কথা গানৰ জৰিয়তে প্ৰকাশ কৰিছে বুলি জানিবলৈ দিয়ে ৷
গণশিল্পী ৰাজীৱ শদিয়াক জীয়াই ৰখাৰ প্ৰচেষ্টা (Photo : ETV Bharat Assam) এটা সময়ত পৰিয়ালৰ চিকিৎসা কৰিবলৈ আৰ্থিক অসুবিধাৰ সন্মুখীন হোৱাৰ সময়ত কিয় কোনেও ৰাজীৱ শদিয়াক সঁহাৰি দিয়া নাছিল বুলি প্ৰশ্ন কৰিছে শিল্পীগৰাকীয়ে গীতটিৰ জৰিয়তে । শেষত এই গীতটি ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনক প্ৰদান কৰে শিল্পী সৌৰভ জ্যোতি বৰা আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে ৷
উক্ত গীতটি মুকলিৰ সময়ত সদৌ অসম মটক সন্মিলনৰ সম্পাদক কিৰণ ৰাজখোৱা, অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়া, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক সুৰজিত মৰাণ, সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি নৱ মৰাণ, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক স্বৰূপ গোঁহাইকে আদি কৰি বিভিন্ন দল-সংগঠনৰ জিলা সমিতিৰ নেতা-কৰ্মী তথা সংবাদকৰ্মীসকল উপস্থিত থাকে ।
উল্লেখ্য যে ভোগালীৰ উৰুকাৰ দিনটোতেই আমাৰ মাজৰ পৰা হেৰাই গৈছিল ৰাজীৱ শদিয়া ৷ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন একেবাৰে উকা কৰি গৈছিল জাতি-মাটিৰ গান গাই ভালপোৱা ৰাজীৱ শদিয়া । তিনিচুকীয়াৰ ৰসবাৰী পৰ্যটন মেলাত গীত গাই থকাৰ মাজতে হঠাৎ ঢলি পৰি অসুস্থ হৈ পৰিছিল গণশিল্পী ৰাজীৱ শদিয়া । হৃদক্ৰিয়া বন্ধ হৈ পৰাত জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক অসম চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল ৷ বহু চেষ্টা কৰিও চিকিৎসকে বচাব নোৱাৰিলে তেওঁৰ প্ৰাণ ।
লগতে পঢ়ক :ৰাজীৱ শদিয়াৰ মৃত্যুৱে প্ৰমাণ কৰিলে ৰাইজৰ মাজত থকা গণশিল্পীৰ ভেঁটি