গুৱাহাটী : কণ্ঠশিল্পী তথা ফেশ্বন ডিজাইনাৰ তনুজা চেতিয়াৰ ‘কবিতা কবিতা লগা গান’ শীর্ষক গীতৰ আনুষ্ঠানিক ভিডিঅ’ শুকুৰবাৰে মুকলি কৰা হয় । গীতটি মুক্তি পোৱাৰ সম্পূৰ্ণ 14 বছৰৰ পিছত আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত মুকলি কৰা হয় গীতটিৰ ভিডিঅ’ । গীতটিৰ ভিডিঅ’টি মুকলি কৰে বিশিষ্ট কণ্ঠশিল্পী মনিষা হাজৰিকাই ।
গীতটি মুকলি কৰি মনিষা হাজৰিকাই কয়, “গানৰ মাজত এটা মিঠা সোৱাদ থকাটো অতি জৰুৰী । গীত এটা শ্ৰুতিমধুৰ হোৱাটো খুবেই প্ৰয়োজন । গীতটো শ্ৰুতিমধুৰ হ’লে শ্ৰোতা-দৰ্শকক অতি সহজতে আকৰ্ষণ কৰিব পাৰি । এটা সুন্দৰ গীত আমাক উপহাৰ হিচাপে দিয়া বাবে তনুজা চেতিয়াক ধন্যবাদ জনালো ।”
বিশিষ্ট ফেশ্বন ডিজাইনাৰ তনুজা চেতিয়াই কণ্ঠদান কৰা গীতটো সংগীত, সুৰ, কথাৰে সজাইছে মানস হাজৰিকাই । গীতটি সন্দৰ্ভত কণ্ঠশিল্পী তনুজা চেতিয়াই মন্তব্য কৰে, “গীতটি 14 বছৰৰ আগতে গোৱা হৈছিল । ইচ্ছা এটা আছিল গীতটিৰ ভিডিঅ’ সংস্কৰণ মুক্তি দিয়াৰ । গীতটি আচলতে মোৰ সপোন । এই গানৰ যিটো এলবাম তাত 7 টা গীত আছে আৰু এই গীতটি পিছত গোৱা হৈছিল । আজি মই বহুত সুখী কাৰণ 14 বছৰৰ পাছত গীতটিৰ ভিডিঅ’ মুক্তি দিয়া হৈছে । আশা কৰো ৰাইজে গীতটি আঁকোৱালি ল’ব ।”