হায়দৰাবাদ : ইণ্ডিয়াজ গট লেটেণ্ট অনুষ্ঠানটোত অশালীন মন্তব্য সন্দৰ্ভত বাঢ়ি অহা সমালোচনাৰ পিছত ইউটিউবাৰ ৰণবীৰ এলাহবাদিয়া আৰু কৌতুক অভিনেতা সময় ৰাইনাক মুম্বাই আৰক্ষীয়ে মঙলবাৰে চমন জাৰি কৰে । ইউটিউব শ্ব’ত নিষেধাজ্ঞা আৰোপ কৰাৰ আহ্বান, গুৱাহাটীত গোচৰ পঞ্জীয়ন, ভাৰতীয় পাৰিবাৰিক মূল্যবোধৰ ওপৰত হোৱা আক্ৰমণক লৈ জনসাধাৰণৰ ব্যাপক ক্ষোভৰ পিছত এই পৰিস্থিতিৰ উদ্ভৱ হৈছে । যদিওবা ৰণবীৰে ক্ষমা বিচাৰিছে, বিতৰ্কটো এতিয়াও শেষ হোৱা নাই ।
মুম্বাই আৰক্ষীয়ে দুয়োৰে পৰা সহযোগিতা বিচাৰি এই সন্দৰ্ভত উত্তৰ বিচাৰিছে । ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে গুৱাহাটী আৰক্ষীয়ে ইণ্ডিয়াজ গট লেটেণ্ট শীৰ্ষক এটা শ্ব’ত অশ্লীলতাৰ প্ৰচাৰ আৰু যৌনতা আৰু অশ্লীল আলোচনাত লিপ্ত হোৱাৰ অভিযোগত বিশিষ্ট কণ্টেণ্ট ক্ৰিয়েটৰৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰিছে ।
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সামাজিক মাধ্যম X ত উল্লেখ কৰে, "আজি গুৱাহাটী আৰক্ষীয়ে ‘ইণ্ডিয়াজ গট লেটেণ্ট' শীৰ্ষক এটা অনুষ্ঠানত অশ্লীলতাৰ প্ৰচাৰ আৰু যৌনতা আৰু অশ্লীল আলোচনাত লিপ্ত কৰাৰ বাবে কেইজনমান ইউটিউবাৰ আৰু ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ তেওঁলোক ক্ৰমে আশীষ চঞ্চলানী, যশপ্ৰীত সিং, অপূৰ্বা মখিজা, ৰণবীৰ এলাহবাদিয়া আৰু সময় ৰাইনা ৷"
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই টুইটটোত লগতে কয়, "গুৱাহাটী অপৰাধ শাখাই Cyber PS case no 03/2025 under sections - 79/95/294/296 of BNS 2023 read with Sec 67 of IT Act, 2000, read with Section 4/7 of Cinematograph Act 1952 read with Section 4/6 of Indecent Representation of Women (Prohibition) Act, 1986 ৰ অধীনত এই গোচৰ ৰুজু কৰে ৷"