অসম

assam

ETV Bharat / entertainment

লোকসভা নিৰ্বাচনৰ পূৰ্বে পদত্যাগ কৰিলে টিএমচিৰ সাংসদ মিমি চক্ৰৱৰ্তীয়ে, কাৰণ কি ?

Mimi Chakraborty resigns as MP: পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ সাংসদ মিমি চক্ৰৱৰ্তীয়ে পদৰ পৰা পদত্যাগ কৰিছে । মিমি চক্ৰৱৰ্তীয়ে দলৰ মূৰব্বী মমতা বেনাৰ্জীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ।

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 1:21 PM IST

Mimi Chakraborty Resigns as TMC MP, Submits Resignation to West Bengal CM Mamata Banerjee
টিএমচিৰ সাংসদ মিমি চক্ৰৱৰ্তীৰ মমতা বেনাৰ্জীক পদত্যাগ পত্ৰ দাখিল

চিটাৰা ডেস্ক, ১৬ ফেব্ৰুৱাৰী: পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ সাংসদ মিমি চক্ৰৱৰ্তীয়ে পদৰ পৰা পদত্যাগ কৰিছে । লোকসভা নিৰ্বাচনৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে দলৰ মুৰব্বী মমতা বেনাৰ্জীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে । নিজৰ আসনত থকা টিএমচিৰ স্থানীয় নেতৃত্বক লৈ অসন্তুষ্ট বুলি প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে । উল্লেখ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনত জাদৱপুৰৰ আসনৰ পৰা মিমি চক্ৰৱৰ্তীয়ে জয়লাভ কৰিছিল ।

মিমিয়ে কয় যে তেওঁ নিজৰ আসনত বহি থকা স্থানীয় টিএমচিৰ নেতৃত্বক লৈ অসন্তুষ্ট । দৰাচলতে তেওঁ লোকসভাৰ অধ্যক্ষৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰা নাই, লোকসভাৰ অধ্যক্ষৰ সলনি মমতা বেনাৰ্জীক পদত্যাগ পত্ৰ দাখিল কৰিছে ৷ গতিকে কাৰিকৰীভাৱে তেওঁ নিজৰ সিদ্ধান্তৰ কথাহে ঘোষণা কৰিছে । ইয়াক আনুষ্ঠানিক পদত্যাগ হিচাপে গণ্য কৰা নহ’ব ।

উল্লেখ্য যে, মিমি চক্ৰৱৰ্তী বাংলা উদ্যোগৰ এক জনপ্ৰিয় নাম । ১৯৮৯ চনৰ ১১ ফেব্ৰুৱাৰীত পশ্চিম বংগৰ জলপাইগুৰিত মিমিৰ জন্ম হৈছিল । ২০১২ চনত চেম্পিয়ন ছবিৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল মিমি চক্ৰৱৰ্তীয়ে । তেওঁ বাংলা উদ্যোগত ২৫ খনতকৈও অধিক সফল ছবিত কাম কৰিছে । মিমিৰ জনপ্ৰিয়তা দেখি টিএমচিয়ে ২০১৯ চনত তেওঁক নিজৰ প্ৰাৰ্থী হিচাপে গঢ়ি তুলিছিল ।

বিজেপিয়ে অনুপম হাজৰাক মিমি চক্ৰৱৰ্তীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ টিকট দিছিল, আনহাতে বিকাশ ৰঞ্জন ভট্টাচাৰ্যই চিপিএমৰ পক্ষৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল । কিন্তু মিমি চক্ৰৱৰ্তীয়ে তেওঁৰ জনপ্ৰিয়তা, মমতাৰ মুখ আৰু সোণৰ বাংলাৰ সপোনৰ ভিত্তিত বংগত মোদীৰ ঢৌ ম্লান পেলাই নিজৰ সফলতা নিশ্চিত কৰে । প্ৰায় ২ লাখ ৯৫ হাজাৰ ভোটৰ বিপুল ব্যৱধানত বিজেপি নেতা অনুপম হাজৰাক পৰাস্ত কৰে অভিনেত্ৰীগৰাকীয়ে । তৃতীয় স্থানত আছিল চিপিএম ।

টিএমচিৰ নেতাই মিমিৰ বিৰুদ্ধে উত্থাপন কৰিছিল অভিযোগ

পশ্চিম বংগ চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীকান্ত মহতোৱে দাবী কৰিছিল যে টিএমচিৰ সাংসদ মিমি চক্ৰৱৰ্তী আৰু অন্যান্য নেতাই ধন লুট কৰিছে । মিমি চক্ৰৱৰ্তী, জুন মালিয়া, সয়নী ঘোষ, সায়ন্তিকা বেনাৰ্জী, নুছৰত জহানৰ দৰে নেতাৰ বিৰুদ্ধে ধন লুণ্ঠনৰ অভিযোগ উত্থাপন কৰিছিল । তেওঁ কৈছিল যে যদি এই নেতাসকল ধন লুট কৰি দলৰ বাবে সম্পত্তি হৈ পৰে, তেন্তে আমি মন্ত্ৰী হৈ থাকিব নিবিচাৰো । সকলোৱে কৈছে যে এই মন্ত্ৰীসভাৰ সকলো মন্ত্ৰী চোৰ । দলে কেৱল সেই চোৰসকলৰ কথা হে শুনিব । সেয়েহে আমি নতুন নতুন উপায় বিচাৰিব লাগিব । ইয়াৰ বিৰুদ্ধে আমি আন্দোলন কৰিব লাগিব।

লগতে পঢ়ক:আৰ্টিকেল ৩৭০ ক অপপ্ৰচাৰমূলক ছবি বুলি কোৱা সমালোচকক উভতি ধৰিলে য়ামীয়ে

ABOUT THE AUTHOR

...view details