অসম

assam

ফেচবুক-ইউটিউবৰ পৰা উপাৰ্জন হোৱা ধন বৰ্ণিলৰ পিতৃ-মাতৃয়ে ক'ত খৰচ কৰিছে জানেনে ? - Kid YouTubers

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 10:42 PM IST

Updated : Aug 19, 2024, 10:57 PM IST

Kid YouTubers from Assam : বৰ্ণিলক হয়তো প্ৰায়েই দেখে ফেচবুক, ইউটিউবত ৷ যদিহে আপুনি ইণ্টাৰনেটৰ পৃথিৱীখনত সক্ৰিয় ৷ ফেচবুক, ইউটিউবৰ জৰিয়তে ৩ বছৰ বয়সতে জনপ্ৰিয় হৈ পৰা কণমানি বৰ্ণিল নেওগৰ বিষয়ে জানো আহক...

Kid YouTubers from Assam
৩ বছৰ বয়সতে ফেচবুক-ইউটিবত জনপ্ৰিয় হৈ পৰা এটি কণমানি (ASSAMESE YOUTUBER)

সৰুপথাৰ, ১৯ আগষ্ট : যদিহে আপুনি সামাজিক মাধ্যমত সক্ৰিয়, তেন্তে নিশ্চয় এটি কণমানি আপোনাৰ খুবেই পৰিচিত ৷ ছ’চিয়েল মিডিয়াৰ পৃষ্ঠা স্ক্ৰল কৰিলেই হয়তো কণমানিটোক প্ৰায়েই দেখে পিতৃৰ সৈতে ৷ পিতৃয়ে প্ৰায়েই কাঠৰ কাম কৰি থাকে আৰু কণমানিটিয়ে আকৰ্ষণীয় কিছু কথা কৈ থাকে ৷ স্বাভাৱিকতে কণমানিটোৰ শিশু অৱস্থাৰ গতিবিধি, কথাই আকৰ্ষিত কৰে লাখ লাখ দৰ্শকক ৷ বৰ্ণিলৰ প্ৰতিভা আৰু আয়ত্বশক্তিতো মুগ্ধ হয় সকলো লোক ৷

৩ বছৰ বয়সতে ফেচবুক-ইউটিবত জনপ্ৰিয় হৈ পৰা এটি কণমানি (ASSAMESE YOUTUBER)

কণমানিটোৰ বয়স এতিয়া মাত্ৰ ৩ বছৰ ৬ মাহ ৷ ইমান কম বয়সতেই জনপ্ৰিয় হৈ পৰা শিশুটিৰ নাম বৰ্ণিল নেওগ ৷ বৰ্ণিল নেওগ এতিয়া হৈ পৰিছে সামাজিক মাধ্যম ফেচবুক আৰু ইউটিউবৰ এটা চিনাকি নাম ৷

সৰুপথাৰৰ চুঙাজান অঞ্চলৰ আমগুৰি দ-গাঁৱৰ ৰুবু নেওগ আৰু মামু নেওগৰ সন্তান বৰ্ণিল নেওগ ৷ সন্তান বৰ্ণিলৰ ভাললগা কাৰু-কাৰ্যবোৰ ভিডিঅ’ হিচাপে ৰেকৰ্ড কৰি পিতৃ ৰুবু নেওগে ফেচবুক আৰু ইউটিউবত আপলোড কৰিবলৈ ল’লে প্ৰায় ৭ মাহ পূৰ্বে ৷ সেই ভিডিঅ’সমূহে তাৎক্ষণিকভাৱে বিপয়ি পৰিল সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ মাজত ৷ Rubu Neog Trishna নামৰ ফেচবুক পেইজটোৰ বৰ্তমানৰ ফ’ল’ৱাৰ ১ লাখ ১৮ হাজাৰ আৰু একে নামৰ ইউটিউব চেনেলটোৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা ৪৪ হাজাৰ ৩০০ ৷

কণমানিটোৰ ধেমেলীয়া, ভাললগাবোৰ লাহে লাহে সকলোৰে ভাললগা হ’ল আৰু বৃদ্ধি পাবলৈ ধৰিলে ভিউৱাৰ্ছৰ সংখ্যা ৷ ফলত ফেচবুক আৰু ইউটিবৰ পৰা ধন আহৰণ কৰিবলৈও সক্ষম হ’ল পুত্ৰৰ জৰিয়তে ৷ কিন্তু এক ভাললগা কথা যে, ফেচবুক আৰু ইউটিউবৰ পৰা লাভ কৰা সমূদায় ধনৰাশি পিতৃ-মাতৃ ৰুবু নেওগ আৰু মামু নেওগে নিজৰ কামত ব্যৱহাৰ নকৰি, অধিকাংশই ৰাইজৰ সহায় হোৱাকৈহে ব্যৱহাৰ কৰিছে ৷

গুগল এডছেন্সৰ পৰা লাভ কৰা প্ৰথমখিনি ধনৰ পৰা তেওঁলোকে এটা অংগনৱাড়ী কেন্দ্ৰৰ সকলো ছাত্ৰ-ছাত্ৰীক একোটাকৈ স্কুল বেগ প্ৰদান কৰিলে ৷ পৰৱৰ্তী সময়ত বিভিন্ন লোকক সহায় কৰাৰ উপৰিও নুমলীগড়ৰ বানাক্ৰান্তকো সাহাৰ্য প্ৰদান কৰিলে বৰ্ণিলৰ জৰিয়তে এডছেন্সৰ পৰা লাভ কৰা ধন ৷ বৰ্ণিলৰ পিতৃয়ে ক’লে- ‘‘‘ভগৱানে আমাক নিজৰ বাবে নহয়, আনৰ বাবে পঠাইছে । সেয়েহে ভৱিষ্যতেও আনক সহায় কৰি যাম ।’’

সাধাৰণ কাঠৰ কাম কৰি জীৱনটো আগবঢ়াই নিয়া বৰ্ণিলৰ পিতৃ-মাতৃৰ মানৱীয়তা আৰু মহানুভৱতাক প্ৰশংসা কৰিছে সকলোৱে ৷

লগতে পঢ়ক :হাতত কেৱল চকলেট লৈ 15 মিনিটৰ বাবে অ’চি হ’ল তিনিবছৰীয়া অয়াংশ

Last Updated : Aug 19, 2024, 10:57 PM IST

ABOUT THE AUTHOR

...view details