মাজুলী: শীতকালছোৱালৈ যেন মাজুলীবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থাকে ! কেৱল মাজুলীবাসীয়েই নে ! মাজুলীৰ কলা-সংস্কৃতিৰ প্ৰতি আকৃষ্ট প্ৰতিজনেই এই সময়ছোৱালৈ বাট চাই থাকে বুলি ক’লেও ভুল কোৱা নহ’ব ৷ শীতকালৰ মাজুলীৰ সৌন্দৰ্য অপৰূপ ৷ তাতে আকৌ চাৰিওফালে ৰাস বন্দনাৰে পৰিৱেশ হৈ থাকে ভক্তিময় ৷
ৰাসৰ আখৰা আৰম্ভ হোৱাৰ সময়ৰে পৰা মাজুলীৰ ইমূৰ-সিমূৰ থাকে মাথো কলাত্মক পৰিৱেশৰ আৱৰ্তত ৷ আজিৰে পৰা আৰম্ভ মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ । কৃষ্ণ বন্দনাৰে মুখৰিত হৈ আছে মাজুলীৰ আকাশ-বতাহ ৷ ৰাসৰ সমান্তৰালকৈ এতিয়া প্ৰস্তুতি চলিছে সংগীতৰ আন এক অনুষ্ঠানৰ ৷ চাওঁতে চাওঁতে পাঁচটা বৰ্ষত ভৰি দিলেহি মাজুলী মিউজিক ফেষ্টিভেলে ৷
মাজুলীৰ জেংৰাই বালিচাপৰিত অনুষ্ঠিত হ’ব পঞ্চম সংখ্যক মাজুলী মিউজিক ফেষ্টিভেল ৷ এইবাৰ এই সংগীত মহোৎসৱত ভাৰতৰ কেইবাটাও বেণ্ডৰ লগতে গীত পৰিবেশন কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে । বিগত বছৰকেইটাত মাজুলী সংগীত মহোৎসৱত লাকী আলী, কৈলাশ খেৰকে ধৰি বহু জনপ্ৰিয় শিল্পীয়ে গীত পৰিবেশন কৰিছিল । এই বৰ্ষত ২২ নৱেম্বৰ পৰা ২৪ নৱেম্বৰলৈ জেংৰাই বালিচাপৰিত অনুষ্ঠিত হ’ব এই সংগীত মহোৎসৱ ।