চিটাৰা ডেস্ক, 20 মে’: বৰ্তমান সমগ্ৰ দেশতে চলি আছে লোকসভা নিৰ্বাচন ৷ অক্ষয় কুমাৰ, দীপিকা পাডুকন, ৰণবীৰ সিং, আমিৰ খান, শ্বাহৰুখ খানকে ধৰি বহু তাৰকাই ভোটদান সাব্যস্ত কৰে ৷ ইয়াৰ লগতে আজি প্ৰবীণ অভিনেতা পৰেশ ৰাৱলেও নিজৰ ভোটদান সাব্যস্ত কৰে ৷ ভোটদানৰ সমান্তৰালকৈ তেওঁ ভোট নিদিয়াসকলৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে ৷
সোমবাৰে মুম্বাইত পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় ৷ বলীউডৰ বহু চেলিব্ৰিটিয়ে পুৱাই ভোট দিবলৈ ভোটকেন্দ্ৰত উপস্থিত হয় ৷ অভিনেতা পৰেশ ৰাৱলকো দেখা গ’ল ভোটকেন্দ্ৰত ৷ পাপাৰাজীৰ সন্মুখত পোজ দি ভোটৰ চিহ্ন দেখুৱাই সেই ঠাইৰ পৰা ওলাই যায় অভিনেতাজনে ৷ এই সময়ত অভিনেতাগৰাকীয়ে ভোট নিদিয়াসকলক শাস্তি দিব লাগে বুলি কৈছে ৷
ভোট নিদিয়াসকলৰ সন্দৰ্ভত এই মন্তব্য পৰেশ ৰাৱলৰ
পৰেশ ৰাৱলে ভোটদানৰ পিছত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰাৰ সময়তে নিৰ্বাচনত অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৷ অভিনেতাজনে কয়, "জনসাধাৰণ কয় যে চৰকাৰে এই কাম নকৰে, চৰকাৰে সেই কাম নকৰে আৰু আজি যদি আপুনি ভোটদান নকৰে তেন্তে চৰকাৰ নহয়, তাৰবাবে আপুনি দায়ী হ’ব ৷"
আনকি ভোট নিদিয়াসকলক শাস্তি দিব লাগে বুলিও মত প্ৰকাশ কৰে পৰেশ ৰাৱলে ৷ অভিনেতাগৰাকীয়ে আৰু কয় যে, ভোট নিদিয়াৰ বাবে কিছুমান বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যেনে কৰ বৃদ্ধি বা আন কোনো শাস্তি ৷