অসম

assam

ETV Bharat / entertainment

লৰেন্স বিষ্ণৈৰ ত্ৰাসত সন্ত্ৰস্ত ছলমান খান আৰু পৰিয়াল - SALMAN KHAN HOUSE FIRING incident - SALMAN KHAN HOUSE FIRING INCIDENT

Salman Khan statement on house firing: ছলমান খানৰ ঘৰত গুলীচালনা সন্দৰ্ভত অৱশেষত অভিনেতাজনৰ বক্তব্য সন্মুখলৈ আহিছে ৷ তেওঁ আৰক্ষীক কৈছে যে লৰেন্স বিষ্ণৈয়ে তেওঁক আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক হত্যা কৰিব বিচাৰে ৷

lawrence bishnoi wants to kill me and my family members salman khans statement in charge sheet
ছলমান খান (ANI)

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 11:05 AM IST

চিটাৰা ডেস্ক, 25 জুলাই :লৰেন্স বিষ্ণৈ গেঙৰ ত্ৰাসে খেদি ফুৰিছে ভাইজান আৰু পৰিয়ালক ৷ কৃষ্ণ মৃগকাণ্ডৰ বাবে আজিও বিষ্ণৈৰ টাৰ্গেটত আছে ছলমান ৷ চলিত বছৰতে ছলমানৰ বাসগৃহলৈ গুলীচালনা কৰিছিল কেবাজনো দুৰ্বৃত্তই ৷ গুলীচালনাৰ গোচৰত শেহতীয়াকৈ ছলমান খানৰ বক্তব্য জানিব পৰা গৈছে । ছলমান খানৰ বিবৃতিয়ে দেখুৱাইছে যে লৰেন্স বিষ্ণৈ দলৰ আক্ৰমণৰ বাবে তেওঁ আৰু তেওঁৰ পৰিয়াল কিমান ভয়ত আছে ।

বিবৃতিত ছলমান খানে কৈছে, ‘লৰেন্স বিষ্ণৈ গেঙে মোক হত্যা কৰিব বিচাৰিছিল, মোৰ পৰিয়ালো বিপদত পৰিছে’ । উল্লেখ্য যে, 2024 চনৰ 14 এপ্ৰিলৰ পুৱা লৰেন্স বিষ্ণৈ গেঙৰ দুই সদস্যই ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনা কৰিছিল । গুলীচালনাৰ পিচত দুয়ো অপৰাধীয়ে পোনে পোনে মুম্বাইৰ পৰা গুজৰাটলৈ পলায়ন কৰে । ভূজ আৰক্ষীৰ সহায়ত কচ্চত ধৰা পৰে তেওঁলোক । মুম্বাই ক্ৰাইম ব্ৰাঞ্চে এই গোচৰৰ তদন্ত কৰি আছে । এই গোচৰত ছলমান খানে দিয়া বক্তব্যও মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ হাতত আছে ।

ছলমান খানে তেওঁৰ বিবৃতিত জানিবলৈ দিয়ে যে তেওঁৰ ঘৰত গুলীচালনা হোৱাৰ সময়ত তেওঁ ক'ত আছিল আৰু কি কৰি আছিল । 4 জুনত, ছলমান খানে মুম্বাই অপৰাধ শাখাৰ এণ্টি-এক্সটৰ্শ্যন চেলৰ সৈতে তেওঁৰ বিবৃতি লিপিবদ্ধ কৰে ।

বিবৃতিটোত কি ক’লে ছলমানে ?

ছলমান খানে কয়, ‘মই এগৰাকী চলচ্চিত্ৰ তাৰকা আৰু যোৱা 35 বছৰ ধৰি বলীউডত কাম কৰি আছো । বান্দ্ৰা বেণ্ডষ্টেণ্ডৰ ওচৰত মোৰ ঘৰ গেলেক্সি আছে, য’ত যিকোনো উৎসৱতে মোৰ অনুৰাগীয়ে ভিৰ কৰেহি, তেওঁলোকৰ মৰম পাবলৈ মই গেলেক্সিৰ বেলকনিৰ পৰা তেওঁলোকক হেল্ল’ ক’বলৈ আহোঁ আৰু যেতিয়া মোৰ ঘৰত পাৰ্টী হয়, মই বন্ধু-বান্ধৱ আৰু দেউতাৰ সৈতে বেলকনিত সময় কটাওঁ, কামৰ পিচত বা ৰাতিপুৱা সোনকালে সাৰ পোৱাৰ পিচত মই বেলকনিলৈ গৈ বিশুদ্ধ বতাহ লওঁ, মই নিজৰ বাবে ব্যক্তিগত নিৰাপত্তাৰক্ষীও ৰাখিছো ।’

লগতে পঢ়ক :ক’লা হৰিণা কাণ্ডই শান্তিত শুৱ নিদিব নেকি ভাইজানক ? - Salman Khan House Firing

ছলমান খানৰ বাহনত AK-47ৰে আক্ৰমণৰ পৰিকল্পনা, কিন্তু… - Salman Khan

ছলমান খানে লগতে আৰু কয়, '2022 চনত মোৰ দেউতাই বান্দ্ৰা আৰক্ষী চকীত এটা অভিযোগ দাখিল কৰিছিল, মোৰ দেউতাই এখন পত্ৰ পাইছিল, য'ত মোক আৰু মোৰ পৰিয়ালক হত্যা কৰাৰ ভাবুকি দিয়া হৈছিল, এই পত্ৰখন মোৰ এপাৰ্টমেণ্টৰ বিল্ডিঙৰ সিপাৰে থকা এখন বেঞ্চত পোৱা গৈছিল ৷ মাৰ্চ 2023 ত মই মোৰ দলৰ এজন কৰ্মচাৰীৰ পৰা মোৰ অফিচিয়েল জি-মেইল আইডিত এটা মেইল পাইছিলো, য'ত লৰেন্স বিষ্ণৈয়ে মোক আৰু মোৰ পৰিয়ালক ভাবুকি দিছিল, মোৰ টীমটোৱে বান্দ্ৰা আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছিল ।’

'2023 চনৰ জানুৱাৰী মাহত দুজন লোকে নাম সলনি কৰি মোৰ পানভেল ফাৰ্মহাউচত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল আৰু তালুকা আৰক্ষী থানাই তেওঁলোক দুয়োৰে বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল, মই পিচত গম পাইছিলো যে সেই দুয়োজন অপৰাধী ৰাজস্থানৰ ফাজিলকা গাঁৱৰ, যিখন হৈছে লৰেন্স বিষ্ণৈৰ গাঁও ৷ মোৰ সৈতে প্ৰশিক্ষিত আৰক্ষী, দেহৰক্ষী, ব্যক্তিগত দেহৰক্ষী আছে ।’

"2024 চনৰ 14 এপ্ৰিলত মই মোৰ কোঠাত শুই আছিলো, যেতিয়া মই আতচবাজীৰ শব্দ শুনিছিলো ৷ ৰাতিপুৱা 4.55 বজাত যেতিয়া দেহৰক্ষীয়ে মোক কৈছিল যে এখন বাইকত অহা দুজন ব্যক্তিয়ে গেলেক্সি এপাৰ্টমেণ্টৰ প্ৰথম মহলাৰ বাৰান্দালৈ গুলীচালনা কৰিছিল, মই গম পাইছিলো যে লৰেন্স বিষ্ণৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই আক্ৰমণৰ দায়িত্ব লৈছে, মই নিশ্চিত যে লৰেন্সৰ দলটোৱে এই কাম সম্পন্ন কৰিছে ।"

"মোৰ দেহৰক্ষীয়ে 14 এপ্ৰিলত সংঘটিত আক্ৰমণৰ বিষয়ে বান্দ্ৰা আৰক্ষী চকীত অভিযোগ দাখিল কৰে । ইয়াৰ পূৰ্বে লৰেন্স বিষ্ণৈ আৰু তেওঁৰ দলটোৱে মোক আৰু মোৰ পৰিয়ালক হত্যা কৰাৰ কথা এটা সাক্ষাৎকাৰত কৈছিল, সেয়েহে মই বিশ্বাস কৰোঁ যে লৰেন্স বিষ্ণৈয়ে তেওঁৰ দলৰ সহায়ত এইটো কৰিছে ৷ মোৰ পৰিয়াল গুলীচালনাৰ সময়ত শুই আছিল, গেঙৰ পৰিকল্পনা আছিল মোক আৰু মোৰ পৰিয়ালক হত্যা কৰা ৷’ ছলমান খানে আনকি এই বিবৃতিত স্বাক্ষৰো কৰিছে ।

লগতে পঢ়ক :ছলমানৰ ঘৰৰ ভিডিঅ’ আছে গেংষ্টাৰ বিষ্ণৈৰ হাতত ! - salman khan firing case

শেষ ন’হবই নেকি ছলমান খানক ক্ষতি কৰিব খোজা লোকৰ তালিকা ! - SALMAN KHAN HOUSE FIRING

ABOUT THE AUTHOR

...view details