অসম

assam

ইণ্ডিয়ান আইডল ১৪ বিজয়ীৰ খিতাপ দখল কানপুৰৰ বৈভৱ গুপ্তাৰ

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 10:50 AM IST

Indian Idol 14 Winner: ‘ইণ্ডিয়ান আইডল ১৪’ৰ বিজয়ীৰ নাম ঘোষণা । কানপুৰৰ বৈভৱ গুপ্তাই লাভ কৰিছে এই ছিজনৰ ট্ৰফী ।

Kanpur's Vaibhav Gupta Wins Indian Idol 14, Takes Home Rs 25 Lakh Cash and a Car
ইণ্ডিয়ান আইডল ১৪ বিজয়ী

চিটাৰা ডেস্ক, ৪ মাৰ্চ: ‘ইণ্ডিয়ান আইডল ১৪’ৰ বিজয়ীৰ নাম ঘোষণা হ’ল ৷ এইবাৰ বৈভৱ গুপ্তাই লাভ কৰে ‘ইণ্ডিয়ান আইডল ১৪’ৰ ট্ৰফী ৷ অৱশ্যে কানপুৰৰ বাসিন্দা বৈভৱৰ বাবে এই খিতাপ অৰ্জন কৰাটো একেবাৰেই সহজ নাছিল । এই ৰিয়েলিটি শ্ব’টোৰ শীৰ্ষ ৫ গৰাকী প্ৰতিযোগী আছিল অনন্যা পাল, শুভাদীপ দাস, পিয়ুষ পাণৱাৰ আৰু অঞ্জনা পদ্মনাভন ।

সকলোৱে নিজৰ উত্তম গীতৰে এই শীৰ্ষ ৫ত স্থান লাভ কৰিছিল ৷ কিন্তু সমগ্ৰ দেশৰ মানুহৰ হৃদয়ত স্থান বনাবলৈ সক্ষম হৈছিল বৈভৱে । ২০২৪ চনৰ ৩ মাৰ্চত অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হয় এই অনুষ্ঠানৰ গ্ৰেণ্ড ফিনালে ।

পুৰস্কাৰৰ সৈতে কিমান ধন লাভ কৰিলে বৈভৱে ?

‘ইণ্ডিয়ান আইডল’ৰ ট্ৰফীৰ লগতে বৈভৱ গুপ্তাই উপহাৰ হিচাপে লাভ কৰে ২৫ লাখ টকাৰ চেক আৰু মাৰুতি চুজুকিৰ এখন ব্ৰেজা বাহন ।

বৈভৱৰ লগতে এই প্ৰতিযোগীসকলেও লাভ কৰে পুৰস্কাৰৰ ধন

একে সময়তে প্ৰথম ৰানাৰ্ছ আপ শুভাদীপ দাস আৰু দ্বিতীয় ৰানাৰ্ছ আপ পিয়ুষ পাণৱাৰকো চেনেলৰ দ্বাৰা ট্ৰফীৰ লগতে ৫ লাখ টকাৰ চেক প্ৰদান কৰা হয় । ইয়াৰ উপৰিও তৃতীয় ৰানাৰ্ছ আপ অনন্যা পালক ৩ লাখ টকাৰ চেক দিয়া হৈছে ।

উল্লেখ্য যে, ‘ইণ্ডিয়ান আইডল ১৪’ৰ গ্ৰেণ্ড ফিনালে খণ্ডৰ বাবে পেনেলত দেখা গৈছিল বিচাৰক কুমাৰ ছানু, শ্ৰেয়া ঘোষাল আৰু বিশাল দাদলানীক । বৈভৱৰ কণ্ঠই বিচাৰক আৰু দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হৈছিল, যাৰ বাবে বিজয়ীৰ খিতাপ দখল কৰে বৈভৱে ৷

এতিয়া বৈভৱ গুপ্তাই এই বিজয়ৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু শুভেচ্ছা লাভ কৰিছে । একে সময়তে বৈভৱে কয় যে শ্ব’টোৰ ট্ৰফী জয় কৰাটো তেওঁৰ বাবে সপোনতকৈ কম নহয় । তেওঁৰ এই বিজয়ৰ বাবে তেওঁ সমগ্ৰ দেশৰ সেই সকলো লোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে যিয়ে তেওঁক বিশ্বাস কৰিছিল আৰু তেওঁক ভোট দিছিল আৰু তেওঁক বিজয়ী হোৱাত সহায় কৰিছিল ।

লগতে পঢ়ক:অনন্যা পাণ্ডে-আদিত্য ৰয় কাপুৰৰ প্ৰেমৰ সম্পৰ্কক গ্ৰীণ চিগনেল দিলে ৰণবীৰ কাপুৰে !

ABOUT THE AUTHOR

...view details