চিটাৰা ডেস্ক, ২১ মাৰ্চ: বলীউডৰ অভিনেত্ৰী কংগনা ৰনৌত স্পষ্টবাদী শৈলীৰ বাবে পৰিচিত । কোনো সংকোচ নোহোৱাকৈ সকলোৰে সন্মুখত নিজৰ মতামত প্ৰকাশ কৰা দেখা যায় যদিও শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক অলপ আৱেগিক হৈ পৰা দেখা গৈছে । আচলতে শেহতীয়াকৈ আধ্যাত্মিক গুৰু তথা ঈশা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সদগুৰু জগ্গী বাসুদেৱৰ মগজুৰ অস্ত্ৰোপচাৰ হৈছে । সেয়েহে, তেওঁৰ বাবে অভিনেত্ৰীগৰাকীক চিন্তিত হৈ পৰা দেখা গৈছে ।
কংগনা ৰনৌতে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেল ইনষ্টাগ্ৰাম আৰু এক্স একাউন্টত সদগুৰুৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰাৰ লগতে আৱেগিক কেপচনো লিখিছে ।
সদগুৰুৰ মগজুৰ অস্ত্ৰোপচাৰ
যোৱা ১৭ মাৰ্চত দিল্লীৰ এপ’ল’ হাস্পতালত সদগুৰু জগ্গী বাসুদেৱৰ মগজুৰ অস্ত্ৰোপচাৰ হৈছিল । তেওঁৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি কংগনাই নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত লিখিছে,‘‘যেতিয়াৰ পৰা মই ৰাধেৰ পৰা এই বিষয়ে গম পাইছো মই থতমত খাই পৰিছিলো । সেই অসহ্য যন্ত্ৰণাত সদগুৰুৱে বিশাল শিৱৰাত্ৰী অনুষ্ঠান আয়োজন কৰাৰ লগতে, কোনো সভা বা শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা নাছিল । সোনকালে ভাল হ’ব, আপোনাৰ অবিহনে আমি একো নহয় ।’’