অসম

assam

ETV Bharat / entertainment

তেলেংগানাত নিষিদ্ধ হ’ব নেকি কংগনা ৰনৌতৰ ইমাৰ্জেন্সি ? - KANGANA RANAUT CONTROVERSY - KANGANA RANAUT CONTROVERSY

Kangana Ranaut Emergency : কংগনা ৰনৌতৰ আগন্তুক ৰাজনৈতিক ছবি ইমাৰ্জেন্সি তেলেংগানাত নিষিদ্ধ কৰাৰ প্ৰস্তুতি চলি আছে ! সবিশেষ আগলৈ-

Kangana Ranaut Emergency To Get Banned In Telangana? Here's What We Know
কংগনা ৰনৌতৰ ইমাৰ্জেন্সিক লৈ বিতৰ্ক (Movie Poster)

By ETV Bharat Entertainment Team

Published : Aug 30, 2024, 4:55 PM IST

চিটাৰা ডেস্ক, 30 আগষ্ট : বলীউডৰ অভিনেত্ৰী কংগনা ৰনৌত এইকেইদিন বাতৰিৰ শিৰোনামত আছে । শেহতীয়াকৈ কংগনাক কৃষকক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবে বহুত ট্ৰ’ল কৰা হৈছে । এতিয়া কংগনাৰ ৰাজনৈতিক ছবি ইমাৰ্জেন্সিও মুক্তি পাবলৈ গৈ আছে, যিখন ছবিৰ ট্ৰেইলাৰে মুক্তিৰ পিছৰে পৰা বিতৰ্কৰ সৃষ্টি কৰি আহিছে ! এতিয়া এই বহু প্ৰত্যাশিত ছবিখন সন্দৰ্ভত এটা নতুন আপডেট পোৱা গৈছে । উল্লেখ্য যে, তেলেংগানাত ইমাৰ্জেন্সি ছবিখন নিষিদ্ধ কৰাৰ প্ৰস্তুতি চলোৱা হৈছে । 6 ছেপ্টেম্বৰত মুক্তি পাবলৈ গৈ আছে Emergency ছবিখন ।

কিয় নিষিদ্ধ কৰা হৈছে Emergency ?

ইমাৰ্জেন্সি ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছৰে পৰা বিতৰ্কৰ সৃষ্টি হৈ আহিছে । শিখ সম্প্ৰদায়ে কংগনাক তেওঁলোকৰ সম্প্ৰদায়ৰ আৱেগক আঘাত দিয়াৰ বাবে সমোলোচনা কৰিছে । এনে পৰিপ্ৰেক্ষিতত তেলেংগানা চৰকাৰ আৰু শিখ সম্প্ৰদায়ৰ মাজত এখন হাই-প্ৰফাইল বৈঠক অনুষ্ঠিত হৈছে, য’ত ছবিখন নিষিদ্ধ কৰাৰ প্ৰস্তুতি চলোৱা হৈছে ।

লগতে পঢ়ক :অষ্ট্ৰেলিয়া শিখ কাউন্সিলে দেশত কংগনা ৰনৌতৰ চলচ্চিত্ৰ নিষিদ্ধ কৰাৰ দাবী জনাইছে - Film emergency controversy

বাতৰি অনুসৰি, আইপিএছ বিষয়া তেজদীপ কৌৰ মেননৰ নেতৃত্বত তেলেংগানা শিখ ছ’চাইটিৰ এটা প্ৰতিনিধি দলে চৰকাৰী উপদেষ্টা মহম্মদ আলী শব্বীৰক সাক্ষাৎ কৰে । তেওঁলোকে চৰকাৰক এখন প্ৰতিবেদন দাখিল কৰিছে । এই প্ৰতিবেদনত খবৰ পোৱা গৈছে যে ইমাৰ্জেন্সি চলচ্চিত্ৰখনে শিখ সম্প্ৰদায়ৰ ত্যাগ আৰু তেওঁলোকৰ বিশ্বাসযোগ্যতাক কলংকিত কৰিছে ।

ইফালে বৈঠকৰ অন্তত আই পি এছ বিষয়া শব্বীৰে এই দাবীসমূহ তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীলৈ প্ৰেৰণ কৰে আৰু তেওঁ এতিয়া আশ্বাস দিছে যে চৰকাৰে প্ৰাসংগিক আলোচনাৰ অন্তত ৰাজ্যখনত ছবিখন নিষিদ্ধ কৰাৰ কথা বিবেচনা কৰিব ।

মন কৰিবলগীয়া যে কংগনা ৰনৌতে নিজেই ইমাৰ্জেন্সি ছবিখন পৰিচালনা কৰিছে আৰু ছবিখনত তেওঁ দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে ।

লগতে পঢ়ক :ইমাৰ্জেন্সিৰ ট্ৰেইলাৰ আঁতৰাবলৈ কংগনা ৰনৌতলৈ আইনী জাননী - Kangana Ranaut controversy

ABOUT THE AUTHOR

...view details