চিটাৰা ডেস্ক, ১৪ ফেব্ৰুৱাৰী: প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত ২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত জেকলিন ফাৰ্নাণ্ডেজৰ নাম সাঙোৰ খোৱাৰ পিচৰে অভিনেত্ৰীগৰাকীয়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে সুকেশ চন্দ্ৰশেখৰে তেওঁক হাৰাশাস্তি আৰু ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰি দিল্লী আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাৰ কাষ চাপিছিল ৷ কিন্তু এতিয়া খবৰ আহিছে যে অভিনেত্ৰীগৰাকীয়ে দিল্লীৰ আদালতৰ পৰা আবেদন প্ৰত্যাহাৰ কৰিছে ।
জেকলিনে সুকেশৰ বিৰুদ্ধে আবেদন প্ৰত্যাহাৰ কৰিছে !
সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি জেকলিনে দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনত অভিযুক্ত প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে সংবাদ মাধ্যমত তেওঁৰ সৈতে জড়িত যিকোনো পত্ৰ প্ৰকাশ কৰাটো বন্ধ কৰিবলৈ নিৰ্দেশনা বিচাৰিছিল । অতিৰিক্ত অধিবেশনৰ ন্যায়াধীশ চন্দৰ জীত সিঙৰ আদেশত কোৱা হৈছে, “অভিনেত্ৰীগৰাকীৰ হৈ দাখিল কৰা আবেদন প্ৰত্যাহাৰ কৰা হৈছে ৷ গতিকে এতিয়া আবেদনখনত একো বাকী নাথাকিল আৰু সেই অনুসৰি নিষ্পত্তি কৰা হৈছে ।”
জেকলিনে সুকেশৰ বিৰুদ্ধে এইসমূহ অভিযোগ উত্থাপন কৰিছিল