চিটাৰা ডেস্ক, 17 মে’ :ছ'চিয়েল মিডিয়াৰ তাৰকা সুন্দৰীসকলে কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৪ ৰ পৰা তেওঁলোকৰ আকৰ্ষণীয় ছবিসমূহ শ্বেয়াৰ কৰিছে । কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৪ ভাৰতৰ বাবে অতি বিশেষ । ইয়াত বলীউডৰ বহু অভিনেত্ৰীয়ে ৰেড কাৰ্পেটত নিজৰ সৌন্দৰ্য প্ৰদৰ্শন কৰিছে । একে সময়তে বহু ছ’চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰো কাঁ লৈ গৈছে আৰু তাৰ পৰা নিজৰ ছবি পোষ্ট কৰি অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে ।
আস্থা শ্বাহ
বিউটি, ফেশ্বন আৰু লাইফষ্টাইল কন্টেন্ট ক্ৰিয়েটৰ আস্থা শ্বাহে কাঁ ২০২৪ ত অংশ লৈছে ৷ কাঁ ফিল্ম ফেষ্টিভেলৰ পৰা ছ’চিয়েল মিডিয়াত নিজৰ ৰেড কাৰ্পেটৰ সুন্দৰ ছবি শ্বেয়াৰ কৰিছে আস্থাই । আস্থা শ্বাহক যথেষ্ট আকৰ্ষণীয় ৰূপত দেখা গৈছে । ১০ লাখ অনুৰাগীয়ে ইনষ্টাগ্ৰামত আস্থাক অনুসৰণ কৰে । আস্থাই কৈছে যে কাঁ লৈ যোৱাৰ পিচতে তেওঁৰ অনুগামীৰ সংখ্যা ১০ লাখ হ’ল ।
নিহাৰিকা এনএম
আকৰ্ষণীয় ডিজিটেল কন্টেন্ট ক্ৰিয়েটৰ তথা প্ৰিয়ংকা চোপ্ৰাকে ধৰি বহু বলীউডৰ তাৰকাৰ সৈতে কাম কৰা নিহাৰিকা এন এমেও প্ৰথমবাৰৰ বাবে কাঁ লৈ যোৱাৰ সুযোগ লাভ কৰে । ৩৪ লাখ অনুৰাগীয়ে ইনষ্টাগ্ৰামত নিহাৰিকাক অনুসৰণ কৰে । নিহাৰিকাই নিয়ন ড্ৰেছত নিজৰ ধুনীয়া ছবি শ্বেয়াৰ কৰিছে ।