অসম

assam

By ETV Bharat Assamese Team

Published : 5 hours ago

ETV Bharat / entertainment

আইফাৰ মঞ্চত শ্বাহৰুখ-ৰাণীৰ সমান্তৰালকৈ জিলিকিল ৰণবীৰৰ ছবি - iifa 2024 winners

IIFA 2024 Winners Full List: আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ একাডেমী (আই আই এফ এ) বঁটা 2024 ৰ দ্বিতীয় দিনটো যথেষ্ট দৰ্শনীয় আছিল । বাদশ্বাহে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰাৰ বিপৰীতে ৰাণী মুখাৰ্জীয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰে ৷ লগতে ‘এনিমেল’ ছবিখনো জিলিকি উঠে । IIFA 2024 ৰ বিজয়ী তালিকাখন চাওঁ আহক-

iifa 2024 winners full list shah rukh khan rani mukerji win best actors animal named multiple awards
বলীউড তাৰকা (Photo: ANI)

চিটাৰা ডেস্ক, 30 ছেপ্টেম্বৰ : আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ একাডেমী (আই আই এফ এ) বঁটা 2024 আবুধাবিত অনুষ্ঠিত হৈছে, য’ত বলীউড তাৰকাসকলে নিজৰ শ্ৰেষ্ঠ গ্লেমাৰাছ ৰূপ প্ৰদৰ্শন কৰিছে । এই অনুষ্ঠানত বলীউডৰ ডাঙৰ ডাঙৰ চেলেব্ৰিটীসকলে অংশগ্ৰহণ কৰিছে । আই আই এফ এ 2024 ত ভাৰতীয় চিনেমাৰ শ্ৰেষ্ঠ প্ৰতিভাক সন্মান জনোৱা হৈছে, য’ত বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান, ৰাণী মুখাৰ্জী, ৰণবীৰ কাপুৰৰ ছবি এনিমেল, হেমা মালিনী, অনিল কাপুৰ আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিৰ নাম সন্নিবিষ্ট হৈছে ।

বিজয়ী ঘোষণাৰ লগে লগে তাৰকাসকলৰ উত্তেজনা তুংগত আছিল । আই আই এফ এ 2024 ত শ্বাহৰুখ খানে ‘জোৱান’ ছবিত কৰা দুৰ্দান্ত অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰাৰ বিপৰীতে বলীউডৰ সুন্দৰী অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে ‘মিচেছ চেটাৰ্জী বনাম নৰৱে’ত মাতৃৰ উজ্জ্বল চৰিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতা (মহিলা) খিতাপ লাভ কৰে । একে সময়তে ৰণবীৰ কাপুৰৰ ‘এনিমেল’ ছবিখনে বহু বঁটা লাভ কৰিছে । IIFA 2024 ৰ জনপ্ৰিয় শাখাৰ বিজয়ীসকলৰ সম্পূৰ্ণ তালিকা তলত দিয়া হৈছে :

IIFA 2024 বিজয়ী সম্পূর্ণ তালিকা...

শ্ৰেষ্ঠ ছবি - সন্দীপ ৰেড্ডী ভাংগা, এনিমেল

শ্ৰেষ্ঠ অভিনেতা (পুৰুষ) - শ্বাহৰুখ খান, জোৱান

শ্ৰেষ্ঠ অভিনেতা (মহিলা) - ৰাণী মুখাৰ্জী, মিচেছ চেটাৰ্জী বনাম নৰৱে

শ্ৰেষ্ঠ পৰিচালক - বিধু বিনোদ চোপ্ৰা, 12th ফেইল

সহকাৰী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা (পুৰুষ) - অনিল কাপুৰ (এনিমেল)

সহকাৰী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা (মহিলা) – শ্বাবানা আজমী (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী)

নেতিবাচক ভূমিকা – ববি দেওল, এনিমেল

শ্ৰেষ্ঠ কাহিনী - ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী

শ্ৰেষ্ঠ গল্প (ৰূপান্তৰিত) - 12th ফেইল

শ্ৰেষ্ঠ সংগীত পৰিচালক - প্ৰীতম, বিশাল মিশ্ৰ, মনন ভৰদ্বাজ, শ্ৰেয়াস পুৰাণিক, জানি, ভূপিন্দৰ বাব্বল, অসীম কেমসন, হৰ্ষবৰ্ধন ৰামেশ্বৰ, এনিমেল

শ্ৰেষ্ঠ গীতৰ কথা - সিদ্ধাৰ্থ সিং আৰু গৰিমা ৱাহাল, সত্ৰংগা, এনিমেল

শ্ৰেষ্ঠ প্লেবেক গায়ক (পুৰুষ) – ভূপিন্দৰ বাব্বল – অৰ্জন ভেলী (এনিমেল)

শ্ৰেষ্ঠ প্লেবেক গায়িকা (মহিলা) – শিল্পা ৰাও – চালেয়া (জোৱান)

ভাৰতীয় চিনেমালৈ অসাধাৰণ কৃতিত্ব - হেমা মালিনী, জয়ন্তীলাল গদা

চিনেমাত 25 বছৰ সম্পূৰ্ণ কৰাৰ কৃতিত্ব - কৰণ জোহৰ

বছৰটোৰ আত্মপ্ৰকাশ – আলিজেহ অগ্নিহোত্ৰী

ভাৰতীয় চিনেমালৈ অসাধাৰণ অৱদান - অজয় ​​বিজলী, জয়ন্তীলাল গদা

তিনিদিনীয়া উৎসৱটো 27 ছেপ্টেম্বৰত আৰম্ভ হৈছিল, যি হৈছে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগ - তামিল, তেলুগু, মালায়ালম আৰু কানাড়াৰ প্ৰতি সমৰ্পিত এক অনুষ্ঠান । আইফা 2024 29 ছেপ্টেম্বৰত আইফা ৰকছৰ সৈতে সমাপ্ত হ’ব । হানী সিং, শিল্পা ৰাও আৰু শংকৰ-এহছান-লয়ৰ দৰে তাৰকাসকলে দৰ্শকৰ বাবে লাইভ প্ৰদৰ্শন কৰিব ৷

লগতে পঢ়ক :মণিৰত্নমৰ চৰণ স্পৰ্শ কৰি প্ৰশংসিত ঐশ্বৰ্য ৰায় - Aishwarya touches Mani Ratnam feet

ABOUT THE AUTHOR

...view details