অসম

assam

ETV Bharat / entertainment

গ্ৰীষ্মকালত নিজকে শীতল কৰি ৰাখিব বিচাৰিছে নেকি ? তেন্তে অনুসৰণ কৰক আলিয়া ভাটৰ এই ষ্টাইল - Alia Bhatt - ALIA BHATT

শেহতীয়াকৈ আলিয়া ভাটক বগা চাৰ্ট আৰু শ্বৰ্ট পৰিধান কৰা দেখা গৈছিল যিটো গ্ৰীষ্মকালৰ বাবে এক উত্তম আউটফিট । একে সময়তে অনুৰাগীসকলেও আলিয়াৰ এই লুক অতিকৈ ভাল পাইছে ।

If you want to stay cool in summer, then follow this summer outfit style of Alia Bhatt
গ্ৰীষ্মকালত নিজকে শীতল কৰি ৰাখিব বিচাৰিছে নেকি ? তেন্তে অনুসৰণ কৰক আলিয়া ভাটৰ এই ষ্টাইল (SOURCE: INSTAGRAM)

By ETV Bharat Assamese Team

Published : May 4, 2024, 5:37 PM IST

চিটাৰা ডেস্ক, 4 মে’: গ্ৰীষ্মকালৰ বাবে বৰ্তমান ৰ’দৰ উত্তাপ খুবেই বৃদ্ধি পাইছে আৰু বহুতে নিজৰ সাজ-পোছাকক লৈ বিভ্ৰান্ত হৈ পৰিছে যে তেওঁলোকে কি পৰিধান কৰিব যাতে গ্ৰীষ্মকালত তেওঁলোকৰ লুকটো Cool দেখা যায় আৰু লগতে আৰামদায়ক হয় ৷ বহুতে বলীউডৰ তাৰকাক তেওঁলোকৰ সাজ-পোছাক ষ্টাইলৰ বাবে অনুসৰণ কৰে, আনহাতে চেলিব্ৰিটিসকলেও প্ৰতিদিনে নিজৰ অনুৰাগীৰ বাবে নতুন ষ্টাইলৰ বিবৃতি দি থাকে, যিবোৰ অনুসৰণ কৰি অনুৰাগীসকলেও ভাল ষ্টাইল কঢ়িয়াই নিব পাৰে ৷ এতিয়া শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী আলিয়া ভাটক Cool সাজ-পোছাকত দেখা গৈছিল, তেওঁ বগা চাৰ্ট আৰু শ্বৰ্ট পৰিধান কৰিছিল ৷ যিটো গ্ৰীষ্মকালৰ বাবে একেবাৰেই উপযুক্ত ৷

আলিয়াৰ এই সাজ-পোছাক গ্ৰীষ্মকালৰ বাবে একেবাৰে উপযুক্ত

এই তীব্ৰ গৰমত মানুহে বিচাৰে যে তেওঁলোকৰ সাজ-পোছাক ষ্টাইলিছ হোৱাৰ লগতে আৰামদায়ক হওক যাতে গ্ৰীষ্মকালতো তেওঁলোকক Cool দেখাব পাৰে ৷ কেতিয়াবা আমি চলচ্চিত্ৰ তাৰকাৰ সাজ-পোছাকৰ পৰাও ৰেফাৰেন্স ল’ব পাৰো ৷ শেহতীয়াকৈ আলিয়াইও তেওঁৰ অনুৰাগীসকলক এটা নিখুঁত গ্ৰীষ্মকালীন সাজ-পোছাকৰ উল্লেখ দিছে ৷ শেহতীয়াকৈ দেখা গৈছে বগা কপাহী চাৰ্ট আৰু শ্বৰ্ট পিন্ধি ৷ এইখিনিতে অভিনেত্ৰীগৰাকীয়ে বগা স্নিকাৰৰ সৈতে চুলিখিনি বান্ধি ৰাখিছিল ৷ য’ত অভিনেত্ৰীগৰাকীৰ গ্ৰীষ্মকালীন বিশেষ এই লুকটো একেবাৰে নিখুঁত দেখা গৈছে ৷

অনুৰাগীসকলে আলিয়াৰ Cool Look পচন্দ কৰিছিল

আলিয়াৰ এই লুকটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে অনুৰাগীৰ পৰা বহু ধৰণৰ প্ৰতিক্ৰিয়া আহিবলৈ ধৰিলে ৷ এজনে লিখিছে, ‘আলিয়াই নিখুঁত সাজ-পোছাকৰ ৰেফাৰেন্স দিয়ে’ ৷ এজন ব্যৱহাৰকাৰীয়ে লিখিছে, 'মই সদায় আপোনাৰ ষ্টাইল ভাল পাওঁ আৰু ঋতুভিত্তিক সাজ-পোছাকৰ বাবে আপোনাক অনুসৰণ কৰো ৷'

ৱৰ্ক ফ্ৰণ্টৰ কথা কওঁতে আলিয়াক শেষবাৰৰ বাবে দেখা গৈছিল ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ত ৷ এই ক্ষেত্ৰত ৰণবীৰ সিং তেওঁৰ লগত আছিল ৷ ইয়াৰ উপৰিও তেওঁৰ পাইপলাইনত আছে সঞ্জয় লীলা ভাঞ্চালীৰ ‘লাভ এণ্ড ৱাৰ’ য’ত তেওঁ ৰণবীৰ কাপুৰ আৰু বিকি কৌশলৰ সৈতে পৰ্দা শ্বেয়াৰ কৰিব ৷ ইয়াৰ উপৰিও কৰণ জোহৰৰ ‘জিগ্ৰা’ ছবিতো দেখা যাব অভিনেত্ৰীগৰাকীক ৷

লগতে পঢ়ক:চুক্তিভংগৰ বাবে কমল হাছানৰ বিৰুদ্ধে অভিযোগ দাখিল পৰিচালক লিংগাস্বামীৰ - Uttama Villain Film Controversy

ABOUT THE AUTHOR

...view details