চিটাৰা ডেস্ক, 27 মে’ :অভিনেত্ৰী শ্বেহনাজ গীল তেওঁৰ পেছাদাৰী জীৱনতকৈ তেওঁৰ ব্যক্তিগত জীৱনৰ বাবেহে অধিক আলোচনাত থাকে । শেহতীয়াকৈ, তেওঁ আৰু গুৰু ৰন্ধাৱাৰ মাজত প্ৰেমৰ বাতৰিয়ে গতি লাভ কৰিছে । দুয়োজনে অলপতে মুনৰাইজ এলবামত একেলগে কাম কৰিছিল । তেতিয়াৰ পৰাই শ্বেহনাজ আৰু গুৰু ৰন্ধাৱাৰ মাজত প্ৰেমৰ সম্পৰ্ক থকা বুলি চৰ্চা হৈ আহিছে ৷
মুনৰাইজৰ পিচতে শ্বেহনাজ-গুৰুৰ প্ৰেম
গায়ক-সংগীতশিল্পী গুৰু ৰন্ধাৱা আৰু অভিনেত্ৰী শ্বেহনাজ গীল এবছৰৰো অধিক সময় ধৰি শিৰোনামৰ কেন্দ্ৰবিন্দু হৈ আছে । উৰাবাতৰি আছে যে দুয়োজনে ইজনে সিজনক ডেট কৰি আছে ৷ বিশেষকৈ তেওঁৰ সংগীত ভিডিঅ' 'মুনৰাইজ'ৰ পিচৰ পৰা এই বাতৰি বিয়পি পৰে । শেহতীয়া এক সাক্ষাৎকাৰত, গুৰুৱে উৰাবাতৰিবোৰৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয়, "যেতিয়া মানুহে মোৰ ডেটিং জীৱনৰ বিষয়ে কথা পাতে তেতিয়া মই ভাল পাওঁ । পৃথিৱীখনত বহুত ধুনীয়া ছোৱালী আছে, তেওঁলোকৰ পৰা এই বিষয়ে শুনি মই ভাল পাওঁ । প্ৰতিজন ল’ৰাই কৰবাত নহয় কৰবাত এইটো বিচাৰে ।"