অসম

assam

ETV Bharat / entertainment

পৰ্দাত ওলোৱাৰ ক্ষেত্ৰত বাধা আহিছে মিষ্টাৰ পাৰ্ফেক্টছ’নিষ্টৰ পুত্ৰৰ - Junaid khan debut Movie Maharaj - JUNAID KHAN DEBUT MOVIE MAHARAJ

Junaid khan debut Movie Maharaj : গুজৰাট উচ্চ ন্যায়ালয়ে হিন্দু গোটৰ আবেদনৰ পিচত আমিৰ খানপুত্ৰ জুনেইদ খানৰ প্ৰথম চলচ্চিত্ৰ মহাৰাজৰ মুক্তি স্থগিত ৰাখিছে ৷

Gujarat High Court stays release of Aamir khan son Junaid khan debut Movie Maharaj after plea from Hindu group
সপৰিয়ালে আমিৰ খান (ETV Bharat)

By ETV Bharat Entertainment Team

Published : Jun 14, 2024, 1:37 PM IST

চিটাৰা ডেস্ক, 14 জুন : আমিৰ খানৰ পুত্ৰ জুনেইদ খানৰ বলীউড অভিষেকত লাগিছে কেণা । আজি ১৪ জুনত জুনেইদৰ প্ৰথম বলীউড ছবি ‘মহাৰাজ’ মুক্তি পোৱাৰ কথা আছিল, কিন্তু তাৰ পূৰ্বে আদালতে মুক্তি নিষিদ্ধ কৰে । কিয় জানেনে?

বলীউডৰ মিষ্টাৰ পাৰ্ফেক্টছ’নিষ্ট আমিৰ খানৰ পুত্ৰ জুনেইদ খানে আজি মহাৰাজ চলচ্চিত্ৰখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰাৰ কথা আছিল । মহাৰাজ চলচ্চিত্ৰখন ১৪ জুনত নেটফ্লিক্সত মুক্তি পোৱাৰ কথা আছিল, কিন্তু গুজৰাট উচ্চ ন্যায়ালয়ে ছবিখনৰ মুক্তি স্থগিত ৰাখিছে । চলচ্চিত্ৰখনৰ বিৰুদ্ধে হিন্দু আৰু সনাতন ধৰ্মৰ অনুভূতিক আঘাত কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই চলচ্চিত্ৰখনত, আমিৰ খানৰ পুত্ৰই এজন সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছে যিয়ে ধৰ্মক আদালতৰ কাঠগড়াৰ মাজলৈ লৈ যায় ।

ইতিমধ্যে বিশ্ব হিন্দু পৰিষদে আপত্তি প্ৰকাশ কৰিছে আৰু ইয়াৰ পিচত ছবিখনৰ বিশেষ প্ৰচাৰ কৰাও নহ’ল আৰু ছবিখনৰ ট্ৰেইলাৰো মুক্তি নাপালে । বিতৰ্কৰ বাবে মহাৰাজ ছবিখন পোনপটীয়াকৈ অ’টিটিত প্ৰচাৰ হ’বলগীয়া আছিল কিন্তু তাতো বাধা আৰোপ কৰিলে গুজৰাট উচ্চ ন্যায়ালয়ে ।

ছবিখনৰ কাহিনী কি ?

১৮৬২ চনৰ লিবেল মহাৰাজৰ গোচৰৰ আধাৰত নিৰ্মিত ছবিখন । এতিয়া আমিৰ খানৰ অনুৰাগীসকলে হয়তো এই ছবিখন চাবলৈ বহু সময় অপেক্ষা কৰিব লাগিব । আনহাতে, ভগৱান কৃষ্ণ আৰু বল্লভাচাৰ্যৰ অনুগামীসকলে ছবিখনৰ বিৰুদ্ধে আদালতত আবেদন দাখিল কৰিছে । তাত লিখা হৈছে ছবিখন ১৮৬২ চনৰ লিবেল মহাৰাজৰ গোচৰৰ আধাৰত নিৰ্মিত, যাৰ ফলত জনসাধাৰণৰ ওপৰত বেয়া প্ৰভাৱ পৰিব আৰু এই ছবিখন হিন্দু ধৰ্মৰ বিৰুদ্ধে ।

ছবিখন সিদ্ধাৰ্থ মালহোত্ৰাই পৰিচালনা কৰিছে আৰু যশ ৰাজ বেনাৰৰ অধীনত নিৰ্মিত ছবিখন ১৪ জুনত মুক্তিৰ বাবে সাজু আছিল । এতিয়া এই গোচৰটোৰ পৰৱৰ্তী শুনানি ১৮ জুনত হ'ব ।

লগতে পঢ়ক :ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বাবে মনোনীত ভাৰতৰ দুখন ছবি - UK National Film Awards

ABOUT THE AUTHOR

...view details