অসম

assam

ETV Bharat / entertainment

পিতৃ হ'বলৈ ওলাইছে বিখ্যাত ইউটিউবাৰ ধ্ৰুৱ ৰাঠী; সামাজিক মাধ্যমযোগে দিলে এই সুখবৰ - Dhruv Rathee Wife Juli Lbr Pregnant

Dhruv Rathee Wife Juli Lbr Pregnant: পিতৃত্বৰ গৌৰৱেৰে গৌৰাম্বিত হ’বলৈ ওলাইছে জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠীয়ে । ছ’চিয়েল মিডিয়াত কেইখনমান ফটো শ্বেয়াৰ কৰি তেওঁ সকলোকে এই সুখবৰ দিয়ে ৷ ইফালে অনুৰাগীয়েও সামাজিক মাধ্যমযোগে অভিনন্দন জনালে ইউটিউবাৰগৰাকীক ৷

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 1:52 PM IST

Updated : Jul 10, 2024, 5:02 PM IST

Good news! Dhruv Rathee is going to be a father
পিতৃ হ'বলৈ ওলাইছে বিখ্যাত ইউটিউবাৰ ধ্ৰুৱ ৰাঠী; সামাজিক মাধ্যমযোগে দিলে এই সুখবৰ (INSTAGRAM)

নেশ্যনেল ডেস্ক, 10 জুলাই: পুনৰবাৰ শিৰোনাম দখল কৰিছে জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠীয়ে । পিতৃ হ'বলৈ ওলাইছে ধ্ৰুৱ ৰাঠী । মঙলবাৰে অনুৰাগীক এই সুখবৰ দিলে ধ্ৰুৱ ৰাঠীয়ে । শেহতীয়াকৈ তেওঁ নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত পত্নীৰ সৈতে কিছু ছবি শ্বেয়াৰ কৰিছে, য’ত তেওঁৰ পত্নীয়ে তেওঁৰ বেবী বাম্প প্ৰদৰ্শন কৰা দেখা গৈছে । এই ছবিবোৰত ধ্ৰুৱৰ পত্নীয়ে ধূসৰ ৰঙৰ বডিকন ড্ৰেছত নিজৰ বেবী বাম্পটো প্ৰদৰ্শন কৰি আছে ।

ধ্ৰুৱ ৰাঠীয়ে পত্নীৰ সৈতে ছবি শ্বেয়াৰ কৰে

ধ্ৰুৱ ৰাঠীয়ে ৯ জুলাইত নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত পত্নী জুলিৰ সৈতে কেইবাখনো ছবি শ্বেয়াৰ কৰিছিল । এই বিশেষ মুহূৰ্তবোৰ শ্বেয়াৰ কৰাৰ সমান্তৰালকৈ ধ্ৰুৱ ৰাঠীয়ে কেপচনত লিখিছে যে ‘Baby Rathee coming in September’ ৷

জনাই দিও যে, এই ছবিবোৰত মানুহে বিভিন্ন মন্তব্য কৰি দম্পতীটোলৈ অভিনন্দন জ্ঞাপন কৰিছে । ১২ ঘন্টাৰ ভিতৰত ২৮ লাখৰো অধিক অনুৰাগীয়ে ধ্ৰুৱ ৰাঠীৰ এই পোষ্টটো লাইক কৰি অভিনন্দন জনাইছে ।

ধ্ৰুৱ-জুলিৰ বিষয়ে

জনাই দিও যে, ২০২১ চনৰ ২৪ নৱেম্বৰত অষ্ট্ৰিয়াৰ ভিয়েনাৰ বেলভেডেৰ পেলেচত প্ৰেয়সী জুলি এল বি আৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় ধ্ৰুৱ ৰাঠী । দৰাচলতে ধ্ৰুৱ ৰাঠীৰ জন্ম হৈছিল হাৰিয়ানাত । ইয়াৰ পিছত ধ্ৰুৱ ৰাঠীয়ে দিল্লীত পঢ়া-শুনা সাং কৰি জাৰ্মানীলৈ ঢাপলি মেলে । জাৰ্মানলৈ গৈ তেওঁ মেকানিকেল ইঞ্জিনিয়াৰিং আৰু এম.টেক কৰে । এই সময়তে তেওঁ জুলিৰ সৈতে সাক্ষাৎকাৰ হয় । বিবাহ বান্ধোনৰ পূৰ্বে ধ্ৰুৱ ৰাঠী আৰু তেওঁৰ প্ৰেমিকা বহু বছৰ ধৰি ইজনে আনজনক ডেট কৰি আছিল । এটা সাক্ষাৎকাৰত ধ্ৰুৱই কৈছিল যে, তেওঁ আৰু জুলি দুয়ো যেতিয়া ইজনে আনজনক লগ পাইছিল তেতিয়া তেওঁলোকৰ বয়স আছিল প্ৰায় ১৯ বছৰ ।

লগতে পঢ়ক:পুনৰবাৰ বিপদত এলভিছ; নয়ডা আৰক্ষীয়ে চলোৱা জেৰাৰ অন্তত গ্ৰেপ্তাৰ বিখ্যাত ইউটিউবাৰগৰাকী

Last Updated : Jul 10, 2024, 5:02 PM IST

ABOUT THE AUTHOR

...view details