অসম

assam

ETV Bharat / entertainment

অসমীয়া গ্ৰাম'ফোন ৰেকৰ্ডৰ গৌৰৱোজ্জ্বল ১০০ বছৰ : সযতনে ৰখা আছে প্ৰথমখন ৰেক’ৰ্ড - Assamese Gramophone Records

Gramophone Record history in Assam : 100 বছৰ সম্পূৰ্ণ কৰিলে অসমীয়া গ্ৰাম’ফোন ৰেকৰ্ডে ৷ প্ৰথমখন অসমীয়া গ্ৰাম’ফোন ৰেকৰ্ডত কন্ঠদান কৰিছিল প্ৰফুল্ল চন্দ্ৰ বৰুৱাই ১৯২৪ চনত ৷ সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়াত ৰাজ্যৰ সাংস্কৃতিক বিভাগেও গ্ৰহণ কৰিছে বিশেষ কাৰ্যসূচী ৷

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 4:12 PM IST

Gramophone Record history in Assam
অসমীয়া গ্ৰাম'ফোন ৰেকৰ্ডৰ গৌৰৱোজ্জ্বল ১০০ বছৰ (ETV Bharat Assam)

ডিব্ৰুগড়, ২৫ জুলাই : অসমীয়া সংগীত জগতৰ স্বৰ্ণিল ইতিহাসৰ ধ্বজাবাহক হ’ল অসমীয়া গ্ৰাম’ফোন ৰেকৰ্ড ৷ অসমীয়া সংগীতৰ মাইলৰ খুঁটি এই গ্ৰাম’ফোন ৰেকৰ্ড ৷ উল্লেখ্য যে ভাৰতৰ প্ৰথমখন গ্ৰাম’ফোন ৰেকৰ্ড বজাৰলৈ আহিছিল ১৯০২ চনত আৰু অসমৰ প্ৰথমখন গ্ৰাম’ফোন ৰেকৰ্ড বজাৰলৈ আহিছিল ১৯২৪ চনত ৷

অসমীয়া গ্ৰাম'ফোন ৰেকৰ্ডৰ গৌৰৱোজ্জ্বল ১০০ বছৰ (ETV Bharat Assam)

আধুনিক প্ৰযুক্তিৰ প্ৰভাৱত আজিৰ সমাজে গ্ৰাম’ফোন ৰেকৰ্ড ব্যৱহাৰ নকৰিলেও শ্ৰব্য কেছেট অথবা ভিচিডিৰ পূৰ্বৰ সেই অতীতৰ অমীয়া সুৰ আজিও বিদ্যমান এই গ্ৰাম’ফোন ৰেকৰ্ডত ৷ ইয়াৰ মাজতে অসমীয়া গ্ৰাম’ফোন ৰেকৰ্ডে ১০০ বছৰ অতিক্ৰম কৰিলে ৷ ১৯২৪ চনৰ প্ৰথমখন অসমীয়া গ্ৰাম’ফোন ৰেকৰ্ডত কন্ঠদান কৰিছিল প্ৰফুল্ল চন্দ্ৰ বৰুৱাই ৷ অসমীয়া গ্ৰাম’ফোন ৰেকৰ্ডৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত মৰাণৰ উমানন্দ দুৱৰাৰ সংগ্ৰহালয়ত আছে ১৯২৪ চনৰ প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ কণ্ঠৰ প্ৰথমখন অসমীয়া গ্ৰাম’ফোন ৰেকৰ্ড ৷

অসমীয়া সংগীত জগতৰ সোণালী ইতিহাস ৰচনা গ্ৰাম’ফোন ৰেকৰ্ডক লৈ এতিয়াও গৌৰৱাম্বিত প্ৰতিগৰাকী অসমীয়া ৷ প্ৰথমখন অসমীয়া গ্ৰাম’ফোন ৰেকৰ্ড সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা মৰাণৰ উমানন্দ দুৱৰাই জানিবলৈ দিয়া অনুসৰি ১৯২৪ চনত কলকাতাত বাণীবদ্ধ কৰা হৈছিল প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ কন্ঠত প্ৰথমখন অসমীয়া ভাষাৰ গ্ৰাম’ফোন ৰেকৰ্ড ।

সেই সময়ত চাৰিটা গীতত কন্ঠদান কৰিছিল প্ৰফুল্ল চন্দ্ৰ বৰুৱাই ৷ দুখন গ্ৰাম’ফোন ৰেকৰ্ড বাণীবদ্ধ কৰা হৈছিল ৷ ইয়াৰে এখন ৰেকৰ্ড সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল মৰাণৰ শিল্পী উমানন্দ দুৱৰাই । প্ৰথমখন অসমীয়া ভাষাৰ গ্ৰাম’ফোন ৰেকৰ্ডৰ ওপৰত গবেষণাৰ কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজনে ভিৰ কৰিছেহি মৰাণৰ উমানন্দ দুৱৰাৰ গ্ৰাম’ফোন ৰেকৰ্ড সংগ্ৰহালয়ত ৷

এই সংগ্ৰহালয়ত প্ৰথমখন অসমীয়া গ্ৰাম’ফোন ৰেকৰ্ডৰ উপৰিও সজীৱ কৰি ৰখা হৈছে প্ৰায় পাঁচ হাজাৰ গ্ৰাম'ফোন ৰেকৰ্ড । তদুপৰি হাতেৰে চলাব পৰা গ্ৰাম’ফোন যন্ত্ৰৰ লগতে বিদ্যুৎচালিত গ্ৰাম’ফোন যন্ত্ৰলৈকে ২২ প্ৰকাৰৰ গ্ৰাম’ফোন যন্ত্ৰৰ সংগ্ৰহ আছে উমানন্দ দুৱৰাৰ সংগ্ৰহালয়ত ।

আনহাতে অসমীয়াৰ গ্ৰাম’ফোন ৰেকৰ্ডে সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়াত ৰাজ্যৰ সাংস্কৃতিক বিভাগে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব ৷ ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই ইতিমধ্য মৰাণৰ উমানন্দ দুৱৰাৰ সংগ্ৰহালয় পৰিদৰ্শন কৰে ৷ এই কথা জানিবলৈ দিয়ে গ্ৰাম’ফোন ৰেকৰ্ড সংগ্ৰহালয়টোৰ স্বত্বাধিকাৰী উমানন্দ দুৱৰাই ৷

লগতে পঢ়ক :অসমৰ সাংস্কৃতিক ইতিহাসৰ এক জীৱন্ত দলিল : উমানন্দ দুৱৰাৰ গ্ৰাম'ফোন ৰেকৰ্ড সংগ্ৰহালয়

ABOUT THE AUTHOR

...view details