অসম

assam

"অল আইজ অন ৰাফাহ" আন্দোলনলৈ ছিলভাৰ স্ক্ৰীণৰ তাৰকাৰ সমৰ্থন - All Eyes On Rafah

By ETV Bharat Assamese Team

Published : May 29, 2024, 12:39 PM IST

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে গাজাৰ ৰাফাহত ইজৰাইলৰ আক্ৰমণত কমেও ৪৫ জন পেলেষ্টাইনী লোকৰ মৃত্যু হোৱাৰ পিচত “মৰ্মান্তিক ভুল” স্বীকাৰ কৰে । উক্ত ঘটনাটোৱে আন্তৰ্জাতিক প্ৰেক্ষাপটত সমালোচনাৰ সৃষ্টি কৰে ৷ প্ৰিয়ংকা চোপ্ৰা, ৰশ্মিকা মান্দন্না, অনুৰাগ কাশ্যপ, কীৰ্তি সুৰেশৰ পৰা আৰম্ভ কৰি এটলী, দুলকৰ ছলমান, তৃপ্তি ডিমৰী, দিয়া মিৰ্জা, সামান্থা ৰুথ প্ৰভু, আলিয়া ভাটলৈকে বহু তাৰকাই পেলেষ্টাইনলৈ সমৰ্থন প্ৰকাশ কৰি শিশুসহ অসামৰিক লোকৰ হতাহতৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে ।

From Priyanka, Rashmika to Keerthy, Indian Celebs Add Voice to "All Eyes On Rafah" Movement
যুদ্ধ বিৰতিৰ আহ্বান তাৰকাৰ (etv bharat)

চিটাৰা ডেস্ক, 29 মে’ :গাজাৰ দক্ষিণৰ ৰাফা চহৰত ইজৰাইলৰ আক্ৰমণত স্থানচ্যুত হোৱা পেলেষ্টাইনীসকলক ৰখা টেণ্ট কেম্পত জুই লগাই কমেও পঞ্চল্লিশজন ব্যক্তিক হত্যা কৰা হয় । ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে এই ঘটনাক ‘মৰ্মান্তিক ভুল’ বুলি সোমবাৰে স্বীকাৰ কৰে । শেহতীয়াকৈ পেলেষ্টাইনৰ ওপৰত কৰা আক্ৰমণৰ পিচত ইজৰাইল আন্তঃৰাষ্ট্ৰীয় সমালোচনাৰ লক্ষ্য হৈ পৰিছে । বহু ভাৰতীয় তাৰকাই অসামৰিক লোকৰ লগতে জীৱন্তে জ্বলাই দিয়া শিশুৰ মৃত্যুত ক্ষোভ প্ৰকাশ কৰিছে ।

যুদ্ধ বিৰতিৰ আহ্বান তাৰকাৰ (etv bharat)

প্ৰিয়ংকা চোপ্ৰা, ৰশ্মিকা মান্দান্না, অনুৰাগ কাশ্যপ, ইলিয়ানা ডিক্ৰুজ, আথিয়া শ্বেট্টী, কীৰ্তি সুৰেশ আৰু অন্যান্য ভাৰতীয় চেলেব্ৰিটীসকলে পেলেষ্টাইনীসকলৰ সৈতে একাত্মতা প্ৰকাশ কৰি তেওঁলোকৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত "অল আইজ অন ৰাফাহ" টেম্পলেট শ্বেয়াৰ কৰিছে । ইউনিচেফৰ বিশ্বব্যাপী গুডউইল ৰাষ্ট্ৰদূত হোৱা স্বত্বেও পেলেষ্টাইনৰ ওপৰত আক্ৰমণ সন্দৰ্ভত মৌন হৈ থকাৰ বাবে সমালোচনাৰ সন্মুখীন হোৱা প্ৰিয়ংকা চোপ্ৰাইয়ো ইনষ্টাগ্ৰামত "অল আইজ অন ৰাফা" টেমপ্লেটটো ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰিছে ।

পেলেষ্টাইনীসকলৰ প্ৰতি সমৰ্থন দেখুৱাই অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত তিনিটা ষ্ট’ৰী শ্বেয়াৰ কৰিছে । প্ৰথমটো ষ্ট’ৰীত অল আইজ অন ৰাফাহ শ্বেয়াৰ কৰে তেওঁ ৷ দ্বিতীয়টো ষ্ট’ৰীত তেওঁ লিখে: “আমি বাস কৰা পৃথিৱীখনৰ বৰ্তমান পৰিস্থিতিয়ে মোৰ হৃদয় ভাঙি পেলাইছে ।” তৃতীয়টো ষ্ট’ৰীত আছিল এটা দুখজনক ভিডিঅ’ ৷ কালি আক্ৰমণৰ বলি হোৱা ৰাফাহৰ নিৰাপদ ষ্ট্ৰিপত থকা শিশুৰ এটা দুখজনক ভিজুৱেল আছিল এইটো ৷

ইনষ্টাগ্ৰাম ষ্ট’ৰী (instagram story)
ইনষ্টাগ্ৰাম ষ্ট’ৰী (instagram story)

অভিনেত্ৰী আথিয়া শ্বেট্টীয়ে পেলেষ্টাইনীসকলৰ হৈ থিয় দি ইনষ্টাগ্ৰামত কেবাটাও ষ্ট’ৰী শ্বেয়াৰ কৰে । অল আইজ অন ৰাফাহৰ ষ্টেটাছৰ লগতে গাজাৰ ৰাফাত বোমা বিস্ফোৰণৰ পূৰ্বে এজন সাংবাদিকে চিত্ৰগ্ৰহণ কৰা শিশুৰ ভিডিঅ’ শ্বেয়াৰ কৰে তেওঁ । ইনষ্টাগ্ৰামত তেওঁ শান্তিৰ ওপৰত এটা উক্তিও শ্বেয়াৰ কৰে, য’ত লিখা আছিল: “গ্ৰহটোক সুস্থ কৰিবলৈ আমি নিজকে সুস্থ কৰিব লাগিব ।”

ইনষ্টাগ্ৰাম ষ্ট’ৰী (instagram story)
ইনষ্টাগ্ৰাম ষ্ট’ৰী (instagram story)

কেদৰে দক্ষিণৰ অভিনেত্ৰী কীৰ্তি সুৰেশৰ সৈতে "অল আইজ অন ৰাফাহ" আন্দোলনত যোগদান কৰে প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে । আলিয়া ভাট, কৰীণা কাপুৰ, বৰুণ ধৱন আদি কেইবাগৰাকীও তাৰকাই এই হিংসাত্মক কাৰ্যক গৰিহণা দি ইনষ্টাগ্ৰামত নিজৰ সমৰ্থন প্ৰকাশ কৰাৰ পিচতে অনুৰাগ কাশ্যপে নিজৰ মত প্ৰকাশ কৰে ।

ইনষ্টাগ্ৰাম ষ্ট’ৰী (instagram story)
ইনষ্টাগ্ৰাম ষ্ট’ৰী (instagram story)
ইনষ্টাগ্ৰাম ষ্ট’ৰী (instagram story)

গাজাৰ ৰাফাত এটা শৰণাৰ্থী শিবিৰত ইজৰাইলৰ বিমান আক্ৰমণৰ সময়ত প্ৰাণ হেৰুওৱা লোকসকলৰ সমৰ্থনত বহু ভাৰতীয় চেলেব্ৰেটীকে ধৰি সমগ্ৰ বিশ্বই "All eyes on Rafah" বাক্যাংশ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে । ইনষ্টাগ্ৰামত 10 নিযুতৰো অধিক ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰা এই বাক্যাংশই ৰাফাৰ বাসিন্দাসকলে সন্মুখীন হোৱা ভয়ংকৰ পৰিস্থিতি বৰ্ণনা কৰিছে ।

বৰুণ ধৱন, এটলী, বিজয় বৰ্মা, তৃপ্তি ডিমৰী, হিনা খান আৰু নিমিষা সজায়নৰ দৰে ভাৰতীয় চেলেব্ৰেটীসকলে তেওঁলোকৰ ইনষ্টাগ্ৰাম ষ্ট'ৰীজত পেলেষ্টাইনীসকলৰ সৈতে একাত্মতা প্ৰকাশ কৰিছে ৷

ইয়াৰ পূৰ্বে দুলকৰ ছলমান, সামান্থা ৰুথ প্ৰভু, স্বৰা ভাস্কৰ, দিয়া মিৰ্জা, গৌহৰ খান, ফাতিমা ছানা শ্বেখ, ৰাধিকা আপ্তে আৰু এমি জেকছনৰ দৰে তাৰকাসকলেও পেলেষ্টাইনীসকলৰ প্ৰতি সমৰ্থন জনাইছে আৰু নিৰীহ নাগৰিক আৰু শিশু হত্যাৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান জনাইছে ।

"All eyes on Rafah" কেৱল এটা বাক্যাংশই নহয়, সংঘাতৰ শান্তিপূৰ্ণ সমাধান বিচাৰি কৰা ই এক স্পষ্ট আহ্বান । এসময়ত যুদ্ধবিধ্বস্ত গাজা ষ্ট্ৰিপৰ আশ্ৰয়স্থল ৰাফাহ ইজৰাইলৰ বিমান আক্ৰমণত ধ্বংস হোৱাৰ ফলত প্ৰায় এক মিলিয়ন পেলেষ্টাইনী শৰণাৰ্থীয়ে আশ্ৰয় বিচাৰিছে । শেহতীয়াকৈ ৰাফাহৰ টাল আল চুলতানৰ শৰণাৰ্থী শিবিৰত সংঘটিত আক্ৰমণৰ ফলত বহু লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়ক :এন টি আৰৰ 'সমাজৰ বাবে দৃষ্টিভংগী' পূৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ প্ৰধানমন্ত্ৰী - NTR 101st Birth Anniversary

ABOUT THE AUTHOR

...view details