চিটাৰা ডেস্ক, ৭ মাৰ্চ: জানে তু য়া জানে না ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰা ইমৰাণ খানে এতিয়া বহুদিনৰ মূৰত পুনৰ অভিনয় জগতলৈ ঘূৰি আহিবলৈ সাজু হৈছে । কিন্তু ইমৰাণে পেছাদাৰী জীৱনতকৈ ব্যক্তিগত জীৱনৰ বাবেহে অধিক বাতৰিৰ শিৰোনামত থাকে । ইমৰাণে অৱন্তিকা মালিকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । কিন্তু এতিয়া এই দম্পতীৰ মাজত বিচ্ছেদ ঘটিছে । অৱশ্যে দুয়োগৰাকীয়ে আজিলৈকে বিবাহ বিচ্ছেদৰ খবৰক লৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল ৷ এতিয়া ইমৰাণে শেহতীয়াকৈ বিবাহ বিচ্ছেদৰ খবৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লেখা ৱাশ্বিংটনৰ লগত ডেট কৰাৰ কথাও কয় ।
ইমৰাণ খানৰ প্ৰেমিকা লেখাক নেটিজেনে হোম ব্ৰেকাৰ বুলি আখ্যা দিছে । যাৰ ওপৰত এতিয়া ইমৰাণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ এটা সাক্ষাৎকাৰত কৈছে যে লকডাউনৰ সময়ত লেখাৰ প্ৰেমত পৰিছিল, সেয়াও তেওঁলোকৰ বিবাহ বিচ্ছেদৰ কেইবামাহৰ পিচত ।
বিবাহ বিচ্ছেদৰ খবৰ নিশ্চিত হ’ল