চিটাৰা ডেস্ক, ৭ ফেব্ৰুৱাৰী:হৃত্বিক ৰোশন আৰু দীপিকা পাডুকন অভিনীত ছবি ‘ফাইটাৰ’ ছবিগৃহত মুক্তি পালে । ছবিখনে দৰ্শকৰ পৰা মিশ্ৰিত সঁহাৰি লাভ কৰিছে । কিন্তু ছবিখনৰ গীতবোৰ যথেষ্ট ভাইৰেল হৈ পৰিছে । ফাইটাৰৰ গীতবোৰ দৰ্শকে ভাল পাইছে ৷ ইফালে ভেলেণ্টাইন ডে’ ওচৰ চাপিছে ৷ এনে পৰিস্থিতিত নিৰ্মাতাই ছবিখনৰ পৰা এটা ৰোমান্টিক গীত মুকলি কৰিছে ।
ভেলেণ্টাইন ডে’ৰ পূৰ্বে ফাইটাৰৰ নতুন গীত মুকলি
ছবিখন মুক্তি পোৱাৰ দুসপ্তাহৰ পাচত ভেলেণ্টাইন ডে’ উপলক্ষে ছবিখনৰ পৰা মুক্তি দিয়া হৈছে ‘বেকাৰ দিল’ গীত । গীতটোৰ প্ৰতিটো সুৰত মৰম আৰু ৰোমাঞ্চ ফুটি উঠিছে । কেৱল মৰম আৰু ৰোমাঞ্চেই নহয়, এই গীতটিত এটি আৱেগিক সুৰো আছে যিয়ে হৃদয় চুই যাব আপোনাৰ । হৃত্বিক ৰোশন আৰু দীপিকা পাডুকনৰ আচৰিত কেমিষ্ট্ৰী দেখা পোৱা গৈছে এই গীতটিত । এই গীতটি ভেলেণ্টাইন ডে’ৰ এটা বিশেষ উপহাৰ ৰূপে পৰিগণিত হৈছে ৷