অসম

assam

ETV Bharat / entertainment

আশাবাদ আৰু ইতিবাচক বার্তাৰে সৃষ্টিৰাজি প্ৰতিফলিত কৰা এগৰাকী চিত্ৰশিল্পী - VISUAL ARTIST MANIKA DEVI INTERVIEW

এগৰাকী বিশিষ্ট চিত্ৰশিল্পী মণিকা দেৱী, যাৰ প্ৰতিটো সৃষ্টিত প্ৰতিফলিত হয় আশা আৰু ইতিবাচক বার্তা । ই টিভি ভাৰতৰ সৈতে এক অন্তৰংগ বাৰ্তালাপ-

VISUAL ARTIST MANIKA DEVI INTERVIEW
বিশিষ্ট চিত্ৰশিল্পী শিল্পী মণিকা দেৱী (Photo : ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Jan 29, 2025, 1:32 PM IST

Updated : Jan 29, 2025, 1:39 PM IST

গুৱাহাটী :অসমৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী মণিকা দেৱী । কলা জগতত কাঠৰ কাট প্ৰিণ্টিং, কাঠখোদাই, নক্সা, ৰিলিফ প্ৰিণ্ট আৰু চেৰিগ্ৰাফকে ধৰি বিভিন্ন কৌশলৰ অনন্য মিশ্ৰণেৰে তেওঁ অনবদ্য অৱদান আগবঢ়াবলৈ সক্ষম হৈছে ।

তেওঁৰ প্ৰতিটো সৃষ্টিত প্ৰতিফলিত হয় আশা আৰু ইতিবাচক বার্তা । বিশৃংখলতাৰ এই ৰঙীন পৃথিৱীখনত মুখ্যতঃ ক’লা আৰু বগা ৰঙৰ মাজত প্ৰতিফলিত হয় আশাবাদ ।

আশাবাদ আৰু ইতিবাচক বার্তাৰে সৃষ্টিৰাজি প্ৰতিফলিত কৰা এগৰাকী চিত্ৰশিল্পী (ETV Bharat Assam)

লিংগ বৈষম্যৰ সৈতে যুঁজি থকা সমাজখনত তেওঁ এগৰাকী মহিলাৰ স্বাধীনতা আৰু সুৰক্ষাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে । তেওঁৰ সৃষ্টিৰাজিয়ে মহিলাসকলে সন্মুখীন হৈ থকা দুৰ্বলতাবোৰ প্ৰতিফলিত কৰে, কিন্তু তাৰ সমান্তৰালকৈ অটল শক্তিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । সমাজত ঘটি থকা বিভিন্ন ঘটনাৰ লগতে জীৱনলৈ অহা ভিন্ন প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ'বলৈ সাহস প্ৰদান কৰে মণিকা দেৱীৰ কলাত্মক সৃষ্টিয়ে ।

মণিকা দেৱীৰ চিত্ৰকলাৰ যাত্ৰাৰ আৰম্ভণি-

জন্মৰ পাছত ছবি অংকনৰ দ্বাৰাই এটি শিশুৰ শিক্ষা আৰম্ভ হয় ৷ চিত্ৰশিল্পী মণিকা দেৱীৰো শিশু অৱস্থাতে হাতত লাগিছিল পেঞ্চিল, ৰং পেঞ্চিল ইত্যাদি ৷ তেনেদৰেই আৰম্ভ হৈছিল এই যাত্ৰাৰ । সৰুতে ছবি আঁকি খুব ভাল পাইছিল মণিকা দেৱীয়ে । সেই সময়ত ছবি অঁকাৰ বিষয়ে তেওঁৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল যদিও বিদ্যালয়ত অনুষ্ঠিত হোৱা প্ৰতিখন চিত্ৰাংকণ প্ৰতিযোগিতাতে তেওঁ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল । ছবি অঁকাৰ প্ৰতি থকা এই ধাউতি দেখি এগৰাকী শিক্ষাগুৰুৱে তেওঁৰ জ্যেষ্ঠভগ্নীক মাতি আনি আৰ্ট স্কুলত নামভৰ্তি কৰাই দিয়াৰ পৰামৰ্শ আগবঢ়ায় । তেতিয়ালৈ কিন্তু তেওঁলোক অৱগত নাছিল যে চিত্ৰকলাৰ পাঠদানৰ বাবে আৰ্টস্কুলো থাকে । শিক্ষাগুৰুৰ পৰামৰ্শ অনুসৰি ভগ্নীৰ লগত প্ৰথমে গুৱাহাটীৰ জজ ফিল্ডৰ ওচৰত থকা আৰ্টস্কুললৈ গৈছিল যদিও সেইখন বন্ধ হৈ থকাহে দেখা পাইছিল ।

চিত্ৰকলাৰএই যাত্ৰা সন্দৰ্ভত তেওঁ কয়, “সমাজবিজ্ঞানৰ ছাৰৰ পৰামৰ্শ অনুসৰি মই বাইদেউৰ লগত তালৈ গৈছিলো যদিও আৰ্টস্কুলখন বন্ধ হৈ থকাৰ বাবে মোৰ শিকা হোৱা নাছিল । পৰৱৰ্তী সময়ত এগৰাকী বান্ধৱীৰ মুখেৰে আৰ্টিষ্ট গিল্ডত আৰ্টৰ প্ৰশিক্ষণ দিয়ে বুলি জানিব পাৰিলো । তেতিয়া মই অষ্টম শ্ৰেণীত পঢ়ি আছিলো । নৱম শ্ৰেণীত মই বাইদেউৰ সৈতে গৈ আৰ্টিষ্ট গিল্ডত নামভৰ্তি কৰিলো । তেতিয়া বীৰেন দত্ত ছাৰৰ ঘৰত আৰ্টিষ্ট গিল্ড আছিল । দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত মই চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়ত নামভৰ্তি কৰো । তাত ছপা চিত্ৰত অনাৰ্ছ লৈ উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত বৰোদা বিশ্ববিদ্যালয়ৰ পৰা এম এফ এ (M.F.A)ৰ ডিগ্ৰী গ্ৰহণ কৰো ।”

চিত্ৰকলাকে জীৱিকা হিচাপে লোৱাৰ সিদ্ধান্ত -

“সৰুৰে পৰা ছবি আৰু খেল এই দুয়োটা বিষয়বস্তুতে মোৰ খুব আগ্ৰহ আছিল । আৰ্ট কলেজত পঢ়িবলৈ যোৱাৰে পৰাই মোৰ মনত এই জগতখনত থকাৰ ইচ্ছা জন্মিছিল । যেতিয়া এই জগতখনত লাহে লাহে সোমাই গ’লো তেতিয়াই ইয়াকে জীৱিকা হিচাপে লৈ আগবঢ়াৰ সিদ্ধান্ত লৈছিলো ।”

মণিকা দেৱীয়ে অসম জাতীয় বিদ্যালয়, সৰলা-বিৰলা জ্ঞান জ্যোতিকে ধৰি বহুকেইখন শিক্ষানুষ্ঠাত শিক্ষাদান কৰাৰ লগতে এক্সটাৰ্নেল হিচাপেও কেবাখনো শিক্ষানুষ্ঠাৰ লগত জড়িত হৈ আছে । উল্লেখ্য যে চিত্ৰকলাৰ বাবে তেওঁ ২০১২ চনত উত্তৰ-পূৰ্বাঞ্চলৰ চিত্ৰ প্ৰদৰ্শনীত জুৰীৰ বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল । ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মানৱ সম্পদ উন্নয়নৰ পৰা জুনিয়ৰ ফেল’শ্বিপো লাভ কৰিছিল মণিকা দেৱীয়ে । বৰ্তমানলৈ তেওঁ চাৰিখন একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ লগতে বহুকেইখন ৰাষ্ট্রীয়-আন্তঃৰাষ্ট্ৰীয় গোট প্ৰদৰ্শনী, কৰ্মশালা আদিত অংশগ্ৰহণ কৰিছে ।

লগতে পঢ়ক :চিত্ৰকলাৰ সাধনাত ব্ৰতী এটি দম্পতীৰ কাহিনী

Last Updated : Jan 29, 2025, 1:39 PM IST

ABOUT THE AUTHOR

...view details