অসম

assam

ETV Bharat / entertainment

অভিনয় কৰিবলৈ কোনে জোৰ দিছিল জলি লস্কৰক ?

কেনেদৰে আৰম্ভ হৈছিল অভিনেত্ৰী জলি লস্কৰৰ অভিনয় যাত্ৰা ? বহুকেইখন ছবিৰ প্ৰস্তাৱ পোৱাৰ পাছতো কিয় অভিনয় কৰা নাছিল জলি লস্কৰে ?

etv bharat exclusive interview with assamese actor Jolly Laskar
জলি লস্কৰ (ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : 4 hours ago

গুৱাহাটী :অসমীয়া ছবি জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী জলি লস্কৰ । সাৱলীল ভংগীমাৰে কোৱা তেওঁৰ কথা কেইটাই মুহূৰ্ততে মোহিব পাৰে শ্ৰোতাক ৷ জলি লস্কৰৰ কথাৰ উপস্থাপনেই সুকীয়া ৷ এইগৰাকী অভিনেত্ৰীৰ অভিনয়ৰ তালিকাত বহু সংখ্যক চিনেমাৰ নাম সংযুক্ত হৈ থকা যদিও যিকেইখন আছে সেই কেইখনেই কিন্তু বহুত ৷ বচা বচা কামহে পছন্দ কৰে তেওঁ ৷ কোৱালিটী অভাৰ কোৱাণ্টিটীত বিশ্বাস কৰে জলি লস্কৰে ৷ কেৱল চিনেমাই নহয় ধাৰাবাহিকত কৰা অভিনয়েৰেও তেওঁ অসমৰ এটা ঘৰুৱা নাম হৈ পৰিছে ৷ দৰ্শকৰ পৰা পোৱা মৰম তেওঁৰ বাবে আশীৰ্বাদস্বৰূপ ৷ খোদ এই কথা স্বীকাৰ কৰি তেওঁ কৈছে যে ছবিতকৈ কিন্তু ধাৰাবাহিকৰ জৰিয়তেহে তেওঁ সাধাৰণ দৰ্শকৰ কাষ চাপিছে ৷

ৰামধেনু, কথানদী, মি এণ্ড মাই ছিষ্টাৰ আদিকে ধৰি কেইবাখনো অসমীয়া ছবিত তেওঁ অভিনয় কৰিছে ৷ বহুকেইখন জনপ্ৰিয় ধাৰাবাহিক, নাটক আদিতো অভিনয় কৰি দৰ্শকৰ মন মুহিবলৈ সক্ষম হোৱা অভিনেত্ৰীগৰাকীৰ কেনেদৰে আৰম্ভ হৈছিল অভিনয় যাত্ৰা ? ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে জনালে পেছা হিচাপে নোলোৱা স্বত্বেও তেওঁ কেনেদৰে অভিনয় জগতত সাঙোৰ খাই আছে-

এক আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat Assam)

কেনেদৰে আৰম্ভ হৈছিল অভিনয় যাত্ৰা ?

“1976 চনত প্ৰথম ব্লেক এণ্ড হোৱাইট ছবি ‘আদালত’ ত মই শিশু চৰিত্ৰ এটাত অভিনয় কৰিছিলো । সেয়ে আছিল মোৰ অভিনয় যাত্ৰাৰ আৰম্ভণি । মোৰ দেউতাইয়ো মাজে মাজে গাঁৱৰ নাটকবোৰত অভিনয় কৰিছিল । কিন্তু তেতিয়া ইমান প্ৰচাৰ নাছিল নাটৰ-ছবিৰ । কিন্তু অভিনয়ৰ পূৰ্বে মই নাচহে শিকিছিলো, সত্ৰীয়া । কিন্তু অভিনয়টো চাগে মোৰ ভিতৰ আছে নেকি, সেইকাৰণে যদিও মই নাচ শিকিছিলো লাহে লাহে মই অভিনয়ৰ ফালে আহিলো । অভিনয়টো মই ইমানেই বেছি ভাল পাওঁ যে, যদি কেতিয়াবা মোৰ গাটোও বেয়া হৈ থাকে ভাল হৈ যায় ।”

লগতে পঢ়ক :সপ্তাহত কেইবাখনো ছবিয়ে মুক্তি লাভ কৰে, পিছে সঠিকৰূপত চলিছেনে ছবিবোৰ ?

চলচ্চিত্ৰ কৰিবলৈ কোনে জোৰ দিছিল ?

“ছবি কৰিছো যদিও কলেজত পঢ়ি থকা সময়ত যেতিয়া মোলৈ বহু ছবিৰ প্ৰস্তাৱ আহিছিল, তেতিয়া কিন্তু মই ছবি নকৰিলো । কাৰণ সেই সময়ত মোৰ বাবে পঢ়াটো প্ৰথম উদ্দেশ্য আছিল । কিন্তু তাৰ পাছত যেতিয়া ছবিৰ অফাৰ আহিছে, কৰিছো ৷ এই ক্ষেত্ৰত মোৰ গৃহস্থৰ কথা মই ক’বই লাগিব ৷ তেওঁ মোক এই ক্ষেত্ৰত আগবঢ়াই নিছে ৷ মই চাকৰি পাইয়ো কৰা নাছিলো, তেতিয়া তেওঁ কৈছিল যে ইমান পঢ়া-শুনা কৰিও চাকৰি নকৰিলা যেতিয়া অভিনয় তুমি কৰিব লাগিব, যিহেতু তুমি অভিনয় ভাল পোৱা ৷ পিছে ছবি মই অকণমান চাই চিতিহে কৰো । প্ৰথমে মই চাওঁ স্ক্ৰীপ্টখন কেনেকুৱা, কোন পৰিচালকে কৰিছে । মোৰ মতে মই কিমান কাম কৰিছো সেইটো গুৰুত্বপূৰ্ণ নহয়, মই কেনেকুৱা কাম কৰিছোঁ সেইটো হে গুৰুত্বপূৰ্ণ ।”

মাজুলীৰ যাত্ৰাই দিছিল ধাৰাবাহিকৰ জনপ্ৰিয়তাৰ প্ৰমাণ

“ধাৰাবাহিকৰ যাত্ৰাও খুবেই ভাল । এবাৰ ফেৰীত মাজুলীলৈ যাওতে বহিবলৈ বহুতে মোক ছিট এৰি দিছিল ৷ তেওঁলোকে মোক মোৰ ধাৰাবাহিকৰ চৰিত্ৰটোৰে জানিছিল ৷ কিন্তু মই মোৰ চিনেমাৰ কথা সোধোতে তেওঁলোকে নাই চোৱা বুলি কৈছিল ৷ মই তেতিয়াই জানিছিলো মই ধাৰাবাহিকৰ জৰিয়তেহে তেওঁলোকৰ কাষ চাপিছো ৷ মই ধাৰাবাহিকৰ প্ৰথম কাম কৰিছিলো মনোৰঞ্জনধৰ্মী চেনেল ৰঙৰ এখন ধাৰাবাহিকৰ যোগেদি । পৰৱৰ্তী সময়ত অন্য মনোৰঞ্জনধৰ্মী চেনেলটো সম্প্ৰচাৰ হোৱা ধাৰাবাহিকত কাম কৰিছো । এতিয়াও মোৰ এখন ধাৰাবাহিকৰ কাম চলি আছে ।”

লগতে পঢ়ক :লণ্ডনৰ পৰা বিশ্বযাত্ৰা: মঞ্চত অসমৰ বৰ্ষা-ইটালীৰ ফেডেৰিকা

ABOUT THE AUTHOR

...view details