অসম

assam

By ETV Bharat Entertainment Team

Published : 4 hours ago

ETV Bharat / entertainment

কেনেদৰে আৰম্ভ হৈছিল জয় কাশ্যপৰ সাংস্কৃতিক যাত্ৰা ? - Musician Joy Kashyap interview

Joy Kashyap interview: কেনেদৰে অভিনয়ৰ লগতে সংগীতৰ যাত্ৰা আৰম্ভ হৈছিল অভিনেতা জয় কাশ্যপৰ ? ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে জনালে তেওঁৰ সাংস্কৃতিক যাত্ৰাৰ বিষয়ে ৷ যোৰহাটৰ পৰা গুৱাহাটীলৈ অহা জয় কাশ্যপ কিদৰে মুম্বাই পালেগৈ শুনক জয় কাশ্যপৰ মুখেৰেই-

etv bharat exclusive interview with actor and musician joy kashyap
জয় কাশ্যপ (ETV Bharat Assam)

গুৱাহাটী, 1 অক্টোবৰ : কেইবাখনো অসমীয়া ছবিত অভিনয় কৰাৰ লগতে ভিচিডি, ধাৰাবাহিক আদিত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা শিল্পী জয় কাশ্যপৰ আন এটা পৰিচয় সংগীতশিল্পী । সংগীতৰ সমান্তৰালকৈ তেওঁ চলাই গৈছে অভিনয় যাত্ৰা । এটা সাংস্কৃতিক পৰিৱেশত ডাঙৰ-দীঘল হোৱা শিল্পীগৰাকীয়ে প্ৰথমে অভিনয় ক্ষেত্ৰত জড়িত হোৱাৰ এক সপোন বুকুত বান্ধি 2001 চনত যোৰহাটৰ পৰা গুৱাহাটীলৈ আহে । গুৱাহাটীত তেওঁ সেইসময়ত দূৰদৰ্শনৰ কেইবাখনো ধাৰাবাহিকত অভিনয় কৰাৰ লগতে ভিচিডি আদিতো অভিনয় কৰে । ইমানতেই সীমাবদ্ধ নাথাকি 2008 চনত মুম্বাইলৈ উৰা মাৰে শিল্পীগৰাকী । অভিনয়ৰ বাবে মুম্বাইলৈ গৈছিল যদিও পৰৱৰ্তী সময়ত এগৰাকী সংগীতশিল্পী হিচাপে মুম্বাইত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয় জয় কাশ্যপ ।

বৰ্তমান এখন ধাৰাবাহিকত অভিনয় কৰি থকাৰ লগতে শেহতীয়াকৈ দুখনকৈ ছবিত অভিনয়ো কৰিছে অভিনেতাগৰাকীয়ে । তাৰে এখন হৈছে ‘জয় হনুমেন’ । ‘জয় হনুমেন’ৰ এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছে অভিনেতাগৰাকীয়ে । ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে জনালে তেওঁৰ জীৱনৰ বহু কথা ।

অভিনেতা-সংগীতশিল্পী জয় কাশ্যপৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat Assam)

অভিনেতা তথা সংগীতশিল্পী জয় কাশ্যপৰ সাংস্কৃতিক যাত্ৰা কেনেদৰে আৰম্ভ হৈছিল ?

সাংস্কৃতিক যাত্ৰা সন্দৰ্ভত অভিনেতাগৰাকীয়ে কয়, “শৈশৱৰ পৰাই অভিনয় আৰু সংগীতৰ লগত জড়িত আছিলো । ঘৰখনত এটা সাংস্কৃতিক পৰিৱেশ আছিল । মোৰ মা সংগীতশিল্পী আছিল, ককা ভাস্কৰ্যশিল্পী আছিল । গতিকে তেনেদৰে সৰুৰে পৰা সংস্কৃতিক এটা পৰিৱেশ পাইছিলো । কিন্তু এয়া যে মোৰ প্ৰফেছন হ’ব সেইটো ভবা নাছিলো । ভাল পোৱা কামবোৰ কৰি গৈছিলো । অভিনয় কৰি ভাল পাওঁ, বজাই ভাল পাওঁ এইটোৱে এতিয়া প্ৰফেছন হৈ পৰিল ।”

মুম্বাইৰ যাত্ৰা সন্দৰ্ভত অভিনেতাগৰাকীৰ মন্তব্য ?

মুম্বাইলৈ যোৱাটো এটা মোৰ বহুত দিনৰ পৰা সপোন আছিল । যোৰহাটত মোৰ ঘৰ আছিল, যোৰহাটৰ পৰা মই গুৱাহাটীলৈ আহিলো । মই যেতিয়া প্ৰথম কাম আৰম্ভ কৰিছিলো তেতিয়া দূৰদৰ্শন, ভিচিডি আদিৰ কাম কৰিছিলো । পৰৱৰ্তী সময়ত দুখনমান ছবিৰ কামো কৰিলো । অভিনয়ৰ লগতে মোৰ মিউজিকৰ কেৰিয়াৰটোও গৈ আছিল । মোৰ এটা বেণ্ড আছিল । তেনেকৈ মই থিয়েটাৰো কৰিলো । কিন্ত মনত এটা সপোন আছিল যে মই বাহিৰলৈ যাম, তেনেকুৱা এটা সপোনৰ বাবে মই 2008 চনত বাহিৰলৈ গ’লো । 2008 চনৰ পৰা এতিয়ালৈকে মই মুম্বাইৰে বাসিন্দা আচলতে । নিজৰ ঠাইৰ প্ৰতি দুৰ্বলতা থকাৰ বাবে মই মাজে মাজে ইয়ালৈ আহি সুবিধা মিলিলে কাম কৰো ।”

মুম্বাইৰ জীৱনশৈলী আৰু সংগ্ৰাম সম্পৰ্কে অভিনেতাগৰাকীৰ মন্তব্য

“মুম্বাইতে থাকক বা য’তেই নাথাকক কিয় সংগ্ৰাম থাকেই । প্ৰতিগৰাকী মানুহৰে জীৱনত সংগ্ৰাম থাকেই । মুম্বাইত সমস্যাৰ সন্মুখীন হৈছিলো । কাৰণ কোনো চিনাকি মানুহ নথকা আচিনাকী এখন চহৰ । কষ্ট হ'ল যদিও, মানুহে প্রতিটো খোজতে কিবা এটা নতুন শিক্ষা লাভ কৰে বা নতুন কিবা এটা শিকিবলৈ সুযোগ পায় । বিভিন্ন ধৰণৰ মানুহক লগ পোৱা যায় । মুম্বাইত অভিনয়তকৈ সংগীতৰ ক্ষেত্ৰখনত প্ৰতিষ্ঠিত হোৱাটো অলপ সহজ । অভিনয়ৰ কাৰণে গৈছিলো যদিও সংগীতৰ লগত জড়িত হৈ থকাৰ বাবে খুব কম সময়ৰ ভিতৰত তাত সংগীতশিল্পী হিচাপে প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হ’লো । তেনেদৰে মোৰ কামবোৰ তাত আৰম্ভ হ'ল ।”

লগতে পঢ়ক :জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ কাহিনীক লৈ নিৰ্মাণ কৰা হৈছে নেকি ‘জয় হনুমেন’ ? - Himanshu Prasad Das Joy Hanu Man

ABOUT THE AUTHOR

...view details