অসম

assam

ETV Bharat / entertainment

সপ্তাহত কেইবাখনো ছবিয়ে মুক্তি লাভ কৰে, পিছে সঠিকৰূপত চলিছেনে ছবিবোৰ ?

প্ৰতি সপ্তাহত এখনকৈ অসমীয়া ছবিয়ে মুক্তি লাভ কৰাৰ পাছতো সুখী নহয় বহু লোক । ছবিসমূহ মুক্তি ঠিকেই পাইছে কিন্তু চলাহে নাই !

By ETV Bharat Entertainment Team

Published : 5 hours ago

critical analysis on assamese films of recent times know why movies don't work as expected
কি কয় চলচ্চিত্ৰ নিৰ্মাতা আৰু সমালোচকে (ETV Bharat Assam)

গুৱাহাটী : 1935 চনত মুক্তি লাভ কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া ছবি জয়মতীৰ পৰাই আৰম্ভ হৈছিল অসমীয়া ছবিৰ যাত্ৰা ৷ এই যাত্ৰাই বহু ঘাত-প্রতিঘাত, উত্থান-পতনৰ মাজেৰে আহি আজিৰ পর্যায় পাইছেহি । এতিয়াৰ এই সময়খিনিৰ পৰা যদি আমি আৰম্ভণিৰ সময়ছোৱালৈ উভতি যাওঁ তেন্তে দেখা পাম এক বৃহৎ পাৰ্থক্য ৷

এটা সময় আছিল য’ত এটা বছৰত এখন বা দুখনহে অসমীয়া ছবিয়ে মুক্তি লাভ কৰিছিল আৰু বছৰটোত মুক্তি লাভ কৰিবলগীয়া সেই ছবিকেইখনৰ বাবেই দৰ্শকে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছিল ।

জ্যোতিপ্ৰসাদ আগৰৱালাই আৰম্ভ কৰা এই ধাৰা পৰৱৰ্তী সময়ত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, ড° ভবেন্দ্ৰ নাথ শইকীয়া, পদুম বৰুৱা, ব্ৰজেন বৰুৱা, জাহ্নু বৰুৱাৰ পৰা অশোক কুমাৰ বিষয়া, মুনীন বৰুৱালৈকে বহুকেইজন স্বনামধন্য চলচ্চিত্ৰ পৰিচালকে এখনৰ পাছত আন এখন ছুপাৰহিট ছবি মুক্তি দি অব্যাহত ৰাখিছিল ।

পৰিচালক আৰু সমালোচকৰ ভাষ্য (ETV Bharat Assam)

এটা সময় আছিল যেতিয়া দর্শকে গাঁৱৰ পৰা বাছ ভাৰা কৰি অসমীয়া ছবি চাবলৈ ছবিগৃহলৈ আহিছিল । কিন্তু লাহে লাহে পৰিস্থিতি বেয়ালৈ আহিল ৷ অৰ্থনৈতিক দুৰৱস্থাৰ বাবে অসমীয়া ছবি উদ্যোগটো জহি-খহি যাবলৈ ধৰিলে । বহু চিত্ৰগৃহ ক্ৰমাৎ বন্ধ হ’বলৈয়ো আৰম্ভ কৰিলে ।

অসমীয়া ছবি ‘‘যৌৱনে আমনি কৰে’’ আছিল অসমীয়া ছবি উদ্যোগটোৰ বাবে অন্য এটা টাৰ্ণিং পইণ্ট । এই ছবিখনৰ পাছত বছৰ এটাত মুক্তি পোৱা ছবিৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে । কিছু বছৰ এই ধাৰা অব্যাহত থকাৰ পাছত পুনৰ অসমীয়া ছবিজগতলৈ দুৰ্দিন ঘূৰি আহিছিল ।

ক’ভিডকালীন পৰিস্থিতিৰ বাবে আধাতে ৰৈ গ’ল বহু ছবিৰ কাম । বন্ধ হৈ গ’ল বহু পুৰণি ছবিগৃহ । কিন্তু এতিয়া যেন পুনৰ লহপহকৈ বাঢ়ি আহিছে অসমীয়া ছবি উদ্যোগটো । ঠন ধৰি উঠিছে অসমীয়া ছবি উদ্যোগ । এটা সময়ত আঙুলিৰ মূৰত গণিব পৰাকৈ মুক্তি পোৱা ছবিৰ সংখ্যা এতিয়া বৃদ্ধি পাইছে ।

প্ৰতি সপ্তাহতে এতিয়া মুক্তি লাভ কৰিবলৈ লৈছে এখনকৈ অসমীয়া চিনেমাই । কিন্তু ইমানৰ পাছতো যেন সুখী নহয় ছবি ব্যৱস্যায়ীসকল । ছবিসমূহে মুক্তি ঠিকেই লাভ কৰিছে কিন্তু ইয়াৰে বহু সংখ্যক ছবি প্ৰকৃতাৰ্থত নাই চলা । এই সন্দৰ্ভত আমি চলচ্চিত্ৰ সমালোচক তথা নৱ প্ৰজন্মৰ পৰিচালকসকলৰ মন্তব্য ল’বলৈ চেষ্টা কৰিছিলো ।

জানো আহকচোন তেওঁলোকৰ মনৰ ভিতৰৰ কথাবোৰ-

  • চলচ্চিত্ৰ সমালোচক উৎপল দত্তৰ সৈতে ইটিভি ভাৰতৰ টেলিফোনিক বাৰ্তালাপ-

“কেৱল মই বুলিয়ে নহয়, পৃথিৱীত এনে কোনো মানুহ নাই, যিয়ে জানে যে কি কৰিলে ছবিখন চলিব । যদিহে কোনোবাই ক’ব পাৰিলেহেতেন যে এনে কৰিলে ছবিখন চলিব বা অমুক-অমুক কৰিলে ছবিখন চলিব, তেন্তে তেওঁ কেৱল এই কথা কৈয়ে বহুত টকাৰ মালিক হ’ব পাৰিলেহেতেন । সেইবাবে ছবিক এক ধৰণৰ জুৱা বুলি কোৱা হয় ।

দৰ্শকে কি বিচাৰে সেয়া আগতে কোনেও অনুমান কৰিব নোৱাৰে । একেই উপাদান থকা এখন ছবি কেতিয়াবা হিট হয় আৰু কেতিয়াবা ফ্লপ হয় । প্ৰতি সপ্তাহত একোখনকৈ অসমীয়া ছবি মুক্তি পাইছে সেইটোক লৈ ভাল পাব লগা কথা এইটোৱেই যে ছবিখনৰ নামত কিছু পইচা উদ্যোগটোত চলি আছে ।

এখন ছবি যেতিয়া নির্মাণ হয় তাত বহু টকা বিনিয়োগ হয় । সেই বিনিয়োগ কৰা পইচা ছবি উদ্যোগটোতে ঘূৰি থাকে । ছবিখনৰ নামত বিনিয়োগ কৰা ধন উভতি নাহিলেও কিন্তু সেই ধন বহু মানুহৰ জেপলৈ গুচি যায় । সেই চাৰ্কুলেশ্যনটো ছবি উদ্যোগৰ বাবে অতি গুৰুত্বপূৰ্ণ । এখন ছবি চলা-নচলা বা ব্যৱসায়টোৰ কথা কোৱাটো টান ।

লগতে এখন ছবি কৰিয়ে যে হিট হ’ব সেইটো ভৱাটোও উচিত নহয় । যদি ব্যৱসায় কৰিব বিচাৰে তেন্তে ব্যৱসায়ীগৰাকীৰ হাতত একে ধৰণৰ তিনিটা প্ৰডাক্ট থকাটো প্ৰয়োজন । ছবিখন চাবলৈ দৰ্শকক জোৰ কৰি টানি আনিব নোৱাৰি, ছবিখনৰ এটা নিজা জোৰ থকাটো প্ৰয়োজন ।”

  • পৰিচালক সুব্ৰত কাকতিয়ে ক’লে সাধাৰণ ৰাইজৰ কথা

“প্ৰথম কথা ছবি হৈছে বহু ব্যয়বহুল মাধ্যম । এটা পৰিয়ালে ছবিগৃহলৈ গৈ ছবি এখন চোৱা মানে 1000-1500 টকা খৰচ হয় । গতিকে সাধাৰণ পৰিয়াল এটাৰ বাবে ইমানবোৰ ছবি চোৱাটো সম্ভৱ নহয় । হিন্দী ছবিৰ ক্ষেত্ৰতো বহু ছবি নচলে । গতিকে ছবিখন চাবলৈ আমাৰ অৰ্থনীতিও শক্তিশালী হ’ব লাগিব ।

লগতে নিৰ্মাতাসকলৰ তৰফৰ পৰাও সাধাৰণ ৰাইজক আকৰ্ষণ কৰিব পাৰিছে নে নাই সেইটো লক্ষ্য ৰখাটো উচিত । কাৰণ ছবি এখন চাবলৈ ছবিগৃহলৈ মানুহ টানি অনাটো সম্ভৱ নহয় । গতিকে নিৰ্মাতাসকলে ৰাইজৰ উপভোগ্য হোৱাকৈ ছবি নিৰ্মাণ কৰিছে নে নাই সেইটোও গুৰুত্বপূৰ্ণ । মোৰ মতে অসমীয়া ছবি উদ্যোগতো ইমানো ডাঙৰ হোৱা নাই যে ৰাইজে প্ৰতি সপ্তাহত ছবি উপভোগ কৰিব পাৰিব ।”

  • চলচিত্ৰ সমালোচক তথা জ্যেষ্ঠ সাংবাদিক শিৱাণু বৰাই ক’লে সময় বৰ মূল্যৱান

“এটা সময় আছিল যেতিয়া ছবি কোনো এটা বছৰত এখন বা দুখনকৈহে মুক্তি লাভ কৰিছিল । যৌৱনে আমনি কৰে ছবিখনৰ মুক্তিৰ পাছৰে পৰা বছৰটোত মুক্তি পোৱা ছবিৰ সংখ্যা বাঢ়িল । চলিত বৰ্ষত মোৰ হাতত থকা তথ্য অনুসৰি অক্টোবৰ মাহলৈ মুক্তি পোৱা ছবিৰ সংখ্যা 24 খন ।

এতিয়া দেখা গৈছে যে নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলৰ মাজত ছবি নিৰ্মাণ কৰাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে । কিন্তু ছবি নিৰ্মাণ কৰিলেই নহ'ব । ছবিৰ এখন বজাৰ আছে, ছবিখন চলাব পাৰিব লাগিব । তেতিয়াহে ছবি উদ্যোগতো ঠন ধৰি উঠিব । এই ক্ষেত্ৰত প্ৰচাৰো গুৰুত্বপূৰ্ণ । কাৰণ কিছু ছবি মুক্তি পাই, অথচ প্রচাৰৰ অভাৱত ছবিখন মুক্তি পোৱাৰ দিনাহে গম পোৱা যায় ।

প্ৰচাৰৰ চমকেও এখন ছবি হিট কৰিব পাৰে । বহু সময়ত প্ৰচাৰৰ অভাৱত ব্যৱসায়িকভাৱে লোকচানৰ সন্মুখীন হোৱা দেখা যায় । এইবছৰ মুক্তি পোৱা বহু ছবিৰে কাহিনীৰ দিশটোও অতি দুৰ্বল । লগতে অভিনয় দক্ষতা, কাৰিকৰী দিশো অতি নিম্নখাপৰ পাইছো । যাৰ বাবে বহু ছবি মুক্তি পাইয়ো চলা নাই ।”

  • পৰিচালক ঝুলন কৃষ্ণ মহন্তই ক’লে স্ক্ৰীপ্ট ভাল হোৱাৰ লগতে ভাল টীমৰ সৈতে কাম কৰাৰ কথা

“এখন স্ক্ৰীপ্ট বিক্ৰী কৰাৰো বহু কথা থাকে । ছবি চলিবলৈ হ’লে স্ক্ৰীপ্ট ভাল হোৱাৰ লগতে কাৰিকৰী দিশটোতো গুৰুত্ব দিব লাগিব । এই ক্ষেত্ৰত চৰকাৰৰ সহায়ৰো প্ৰয়োজন । অসমীয়া ভাষা কোৱা মানুহ কিমান আছে সেইটোও গুৰুত্বপূৰ্ণ । অসমীয়া ছবি জীয়াই থাকিবলৈ হ’লে অসমীয়া ভাষা, সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব ।”

লগতে পঢ়ক :যুৱ পৰিচালক চিন্ময় বাৰ্মাৰ ছবিসমূহ প্ৰায়ে কিয় ভৌতিকধৰ্মী হয় ?

ABOUT THE AUTHOR

...view details