অসম

assam

ETV Bharat / entertainment

লণ্ডনৰ পৰা বিশ্বযাত্ৰা: মঞ্চত অসমৰ বৰ্ষা-ইটালীৰ ফেডেৰিকা

'ৰাডা'ৰ পৰা নাট্যশিল্পৰ স্নাতকোত্তৰ ডিগ্ৰীপ্ৰাপ্ত উত্তৰ-পূৱৰ প্ৰথমগৰাকী অভিনেত্ৰী বৰ্ষা বাহাৰৰ Unsewn সাজু ৷ আহি আছে গুৱাহাটীৰ দৰ্শকৰ বাবেও ৷

Barkha and Federica are ready to perform their new play Unsewn around the world
লণ্ডনৰ পৰা বিশ্বযাত্ৰা: মঞ্চত অসমৰ বৰ্ষা-ইটালীৰ ফেডেৰিকা (Etv Bharat)

By ETV Bharat Entertainment Team

Published : 10 hours ago

হায়দৰাবাদ :দুগৰাকী যুৱতী ৷ এগৰাকীৰ নাম ফেডেৰিকা ৰুগিয়েৰী আৰু আনগৰাকী বৰ্ষা বাহাৰ ৷ ফেডেৰিকাৰ ঘৰ ইটালীত ৷ আৰু বৰ্ষাৰ ঘৰ গুৱাহাটীত ৷ বৰ্ষা কোন জানেনে বাৰু ? বৰ্ষা হ'ল অসমীয়া নাট্য আৰু ছবিজগতৰ প্ৰসিদ্ধ দম্পতী বাহাৰুল ইছলাম আৰু ভাগীৰথীৰ কন্যা ৷

বৰ্ষাৰ পিতৃ-মাতৃ দুয়োৱে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক আৰু ৰূপালী জয়ন্তী গৰকা গুৱাহাটীৰ নাট্যশিক্ষাৰ প্ৰতিষ্ঠান "ছিগাল"ৰ গুৰিধৰোতা ৷ বৰ্তমান বাহাৰুল ইছলাম আৰু ভাগীৰথী দুয়ো হিন্দী ছবিজগতৰো একো একোগৰাকী ব্যস্ত শিল্পী ৷ আনহাতে জীয়াৰী বৰ্ষা ? বৰ্ষা বাহাৰ এতিয়া লণ্ডনত ৷

লণ্ডনৰ পৰা বিশ্বযাত্ৰা: মঞ্চত অসমৰ বৰ্ষা-ইটালীৰ ফেডেৰিকা (ETV Bharat Assam)

পৃথিৱী বিখ্যাত নাট্য শিক্ষাৰ প্ৰতিষ্ঠান লণ্ডনৰ ৰয়েল একাডেমি অফ ড্ৰামাটিক আৰ্ট (ৰাডা)ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত বৰ্ষা এতিয়া সম্পূৰ্ণৰূপে ব্যস্ত নাটকত ৷ আনহাতে ইটালীৰ ফেডেৰিকা ৰুগিয়েৰীও অভিনয় শিক্ষাত লণ্ডনৰ "ৰাডা"ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী ৷

Unsewn ত বৰ্ষা আৰু ফেডেৰিকা (ETV Bharat Assam)

বৰ্ষা যিদৰে এগৰাকী অভিনয় শিল্পীৰ লগতে এগৰাকী নিপুণ কণ্ঠশিল্পীও বা দুখনকৈ অসমীয়া ছবি "দ্য ছেভেন্থ ষ্ট্ৰিং" আৰু "ৰ'দৰ চিঠি"ত সাৱলীল অভিনয়েৰে নিজৰ দক্ষতাৰ প্ৰমাণ দি থৈছে, একেদৰে ফেডেৰিকায়ো অভিনয়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে ফ্ৰান্স আৰু ব্ৰিটেইনত ৷ পেৰিছৰ ক'ৰ্ছ ফ্লৰেন্ট একাডেমিত ফেডেৰিকাই গ্ৰহণ কৰিছিল অভিনয়ৰ প্ৰাথমিক শিক্ষা ৷

Unsewn ত ইটালীৰ ফেডেৰিকা ৰুগিয়েৰী (ETV Bharat Assam)

"ৰাডা" ৰ এই দুই প্ৰাক্তন শিক্ষাৰ্থী এতিয়া ভীষণ ব্যস্ত এখন বিশেষ নাটকক লৈ ৷ নাটকখনৰ নাম Unsewn ৷ ভাৰতীয় ৰূপকথাৰ আধাৰত বৰ্ষা আৰু ফেডেৰিকাই প্ৰস্তুত কৰি উলিয়াইছে এই ৫০ মিনিট দৈৰ্ঘৰ নাটখন ৷

বৰ্ষা বাহাৰ (ETV Bharat Assam)

অভিনয়ো কৰিছে তেওঁলোক দুগৰাকীয়েই ৷ বিভিন্ন ধৰণে নাৰীৰ ওপৰত চলি থকা অকথ্য নিৰ্যাতনৰে এক প্ৰতিফলন মেজিকেল ৰিয়েলিষ্ট থিয়েট্ৰিকেল শৈলীত দুয়োগৰাকী শিল্পীয়ে দেখুওৱাৰ চেষ্টা কৰিছে Unsewn ত ৷

Unsewn ত বৰ্ষা আৰু ফেডেৰিকা (ETV Bharat Assam)

নাটকখনৰ মূল চৰিত্ৰ এগৰাকী ভাৰতীয় নাৰী ৷ নাম- দুৰ্গা, যিয়ে লণ্ডনৰ এটা কাপোৰ চিলাই কৰা কাৰখানাত কাম কৰে আৰু তাত তেওঁ সন্মুখীন হৈ থকা বিভিন্ন ধৰণৰ নিৰ্যাতনৰ পৰা মুকলি কৰি নিবলৈ অনুৰোধ জনাই চিলাই কৰা কাপোৰসমূহত সৰু সৰু একোটা টেগত এই বাৰ্তা লিখি গোপনে গাঠি দি পেকিং কৰি পঠিয়াই ৷

Unsewn নাটকখনৰ এটি মুহূৰ্ত (ETV Bharat Assam)

দুৰ্গাৰ আশা- কোনোবা নহয় কোনোবা গ্ৰাহকে নিশ্চয় এদিন এই টেগ পঢ়ি চাব আৰু তেওঁক এই নৰকসদৃশ পৰিৱেশৰ পৰা মুক্ত কৰি নিব ৷ দুৰ্গাই এইদৰে কাপোৰৰ লগত গাঠি দিয়া বাৰ্তা এদিন পঢ়িবলৈ পাই লণ্ডনত বাস কৰা ইভা নামৰ এগৰাকী ইটালিয়ান গ্ৰাহকে ৷ ইয়াৰ পিছত কি হ'ল সেয়া জানিবলৈ আপুনি চাব লাগিব Unsewn ৷

Unsewn নাটকখনৰ এটি মুহূৰ্ত (ETV Bharat Assam)

বৰ্তমান বৰ্ষা আৰু ফেডেৰিকাৰ এই নাটকখন লণ্ডনতেই মঞ্চস্থ হ’ব যদিও ১৫ ৰ পৰা ৩১ ডিচেম্বৰলৈ নাটকখন গুৱাহাটী, হায়দৰাবাদ, দিল্লী, কলকাতা, মুম্বাই আৰু পুনেতো মঞ্চস্থ হ’ব ৷

২৫ অক্টোবৰত নাটখন মঞ্চস্থ হ’ব লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ কিংছৱে কলেজ থিয়েটাৰৰ ব্লুমছবাৰি ফেষ্টিভেলত আৰু ৬ নৱেম্বৰত মঞ্চস্থ হ’ব লণ্ডনৰ দ্য ককপিট থিয়েটাৰৰ ভইলা ফেষ্টিভেলত ৷ ইয়াৰ পিছত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ দৰ্শকৰ ওচৰলৈ Unsewn ক লৈ যাব বৰ্ষা-ফেডেৰিকাই ৷

লগতে পঢ়ক :'ৰাডা'ৰ পৰা নাট্যশিল্পৰ স্নাতকোত্তৰ ডিগ্ৰীপ্ৰাপ্ত উত্তৰ-পূৱৰ প্ৰথমগৰাকী অভিনেত্ৰী - who is barkha bahar

ABOUT THE AUTHOR

...view details