গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী: বৰ্তমান সময়ত ঘটি থকা সমাজৰ কিছু ৰুঢ় বাস্তৱৰ প্ৰতিফলন ঘটাই অহা ১ মাৰ্চত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘এটা নিৰ্জন দুপৰীয়া’ । সৰস্বতী পূজাৰ দিনটোত সংঘটিত হোৱা এটা ঘটনাক কেন্দ্ৰ কৰি আৰু এটি প্ৰেমিক যুগলৰ মাজত কিছু নিবিড় মুহূৰ্তক বিষয়বস্তু হিচাপে লৈ এগৰাকী নাৰীৰ প্ৰতি সমাজৰ দৃষ্টিভংগীক উপস্থাপন কৰা হৈছে ছবিখনত । চিনেমালয় আৰু মিডিল ফিংগাৰ ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ কাহিনী আৰু পৰিচালনা কৰিছে খঞ্জন কিশোৰ নাথে ।
ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে কৌশিক নাথ আৰু বাৰ্বী বৰুৱাই । লগতে ছবিখনত অভিনয় কৰিছে ধনঞ্জয় দেৱনাথ, জিতুমণি মহন্ত আৰু বিজয় শংকৰ শইকীয়াই । উল্লেখ্য যে, প্ৰয়াত অভিনেতা বিজয় শংকৰ শইকীয়াৰ এই ছবিখন হৈছে অসমীয়া দৰ্শকলৈ আগবঢ়োৱা শেষ উপহাৰ ।
শেহতীয়াকৈ ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছবিখনৰ সন্দৰ্ভত পৰিচালক খঞ্জন কিশোৰ নাথে কয়, ‘‘ছবিখন সকলো দৰ্শকৰ বাবে নিৰ্মাণ কৰিছো । খুব ধুনীয়া এটা কাহিনী আছে ছবিখনত । প্ৰায় ১ ঘন্টা ৫০ মিনিটৰ এখন ছবি । আশা কৰোঁ ছবিখন চাই দৰ্শকে ভাল পাব । ’’