অসম

assam

ETV Bharat / entertainment

ইমাৰ্জেন্সীৰ নতুন মুক্তিৰ তাৰিখ : প্ৰধানমন্ত্ৰীৰ চৰিত্ৰত অভিনেত্ৰী-সাংসদ কংগনা ৰনৌত - Kangana Ranaut new movie poster

Emergency gets new release : কংগনা ৰনৌতৰ ৰাজনৈতিক ছবি ইমাৰ্জেন্সীৰ বাবে অপেক্ষা কৰি থকা অনুৰাগীসকলৰ বাবে সুখবৰ । ছবিখনৰ নতুন মুক্তিৰ তাৰিখ প্ৰকাশ পাইছে ।

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 12:50 PM IST

Emergency gets new release Makers drops Kangana Ranaut new poster from the film
ইমাৰ্জেন্সীৰ নতুন মুক্তিৰ তাৰিখ (ETV Bharat)

চিটাৰা ডেস্ক, 25 জুন : বিজেপিৰ সাংসদ তথা বলীউডৰ অভিনেত্ৰী কংগনা ৰনৌতৰ আগন্তুক ৰাজনৈতিক ছবি ‘ইমাৰ্জেন্সী’ৰ নতুন মুক্তিৰ তাৰিখ ২৫ জুনত প্ৰকাশ পাইছে । ১৯৭৫ চনৰ আজিৰ দিনটোতে ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল । তেওঁৰ প্ৰডাকচন হাউচ মণিকৰ্ণিকাৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত কংগনা ৰনৌতে তেওঁৰ আটাইতকৈ প্ৰত্যাশিত ছবি ইমাৰ্জেন্সীৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে ।

উল্লেখ্য যে, ইমাৰ্জেন্সী ছবিখনৰ মুক্তিৰ তাৰিখ কেইবাবাৰো পিছুৱাই দিয়াৰ পিচত এতিয়া ছবিখনৰ নতুন মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে । পূৰ্বে চলিত বছৰৰে ১৪ জুনত ছবিখন মুক্তি পোৱাৰ কথা আছিল যদিও ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে ছবিখনে মুক্তি লাভ কৰিব নোৱাৰিলে আৰু এতিয়া ছবিখন ২০২৪ চনৰ ৬ ছেপ্টেম্বৰত মুক্তি দিয়াৰ যো-জা চলাইছে নিৰ্মাতাই ।

Shreyas Talpade new movie: অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰত অভিনেতা শ্ৰেয়াস তালপাড়ে

কংগনাই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত তেওঁৰ ছবি ইমাৰ্জেন্সীৰ এখন পোষ্টাৰো শ্বেয়াৰ কৰিছে, য’ত তেওঁক ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত দেখা গৈছে । চলচ্চিত্ৰখনৰ পোষ্টাৰত লিখা আছে, "ইন্দিৰা হটাও, দেশ বচাও আৰু আকাশ সে নেহৰু কৰে পুকাৰ মত কৰ বেটী অত্যাচাৰ" ৷ তেওঁৰ পোষ্টৰ কেপশ্যনত কংগনাই লিখিছে, "স্বাধীন ভাৰতৰ অন্ধকাৰ সময়ৰ 50 তম বছৰ আৰম্ভ হৈছে" ৷

লগতে পঢ়ক :স্তন কেঞ্চাৰক পৰাস্ত কৰি পুনৰ বলীউডলৈ উভতিল মহিমা চৌধুৰী

কংগনা ৰনৌতৰ উপৰিও অনুপম খেৰ, শ্ৰেয়াস তালপাড়ে, মহিমা চৌধুৰী, মিলিন্দ সুমন, প্ৰয়াত অভিনেতা সতীশ কৌশিকৰ দৰে প্ৰতিভাশালী তাৰকাক ইমাৰ্জেন্সী ছবিখনত দেখিবলৈ পোৱা যাব । ১৯৭৫ চনত স্বাধীন ভাৰতত জাপি দিয়া জৰুৰীকালীন অৱস্থাৰ আধাৰত নিৰ্মিত এই ছবিখন । কংগনা ৰনৌতে নিজেই এই ছবিখন পৰিচালনা কৰিছে ।

১৯৭৫ চনৰ ২৫ জুনত ভাৰতত ২১ মাহৰ বাবে জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছিল আৰু ১৯৭৭ চনৰ ২১ মাৰ্চত জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰা হ’ব বুলি ঘোষণা কৰা হৈছিল । সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী আৰু তেতিয়াৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে সংবিধানৰ ৩৫২ অনুচ্ছেদৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল ।

লগতে পঢ়ক :Emergency Release Postponed: পিছুৱাই দিয়া হ’ল কংগনাৰ অভিনীত ইমাৰ্জেন্সীৰ মুক্তিৰ তাৰিখ

Emergency Poster release: ইন্দিৰা গান্ধীৰ ভেশত আচৰিত কৰি তুলিলে কংগনাই

ABOUT THE AUTHOR

...view details