চিটাৰা ডেস্ক, ১৩ ফেব্ৰুৱাৰী: আজি আমি ক’ম বলীউডৰ এগৰাকী ছুপাৰষ্টাৰৰ কন্যাৰ বিষয়ে যি বৰ্তমান এগৰাকী অভিনেত্ৰী যদিও বহুতে নাজানে যে তাইক জাবৰৰ দমৰ পৰা ঘৰলৈ আনিছিল ছুপাৰষ্টাৰগৰাকীয়ে ৷ ইয়াৰ পিচত প্ৰবীণ অভিনেতাগৰাকীয়ে আৰু তেওঁৰ পত্নীয়ে তুলি লোৱা কন্যাক খুব মৰম দিছিল আৰু প্ৰতিটো সুবিধা থকা বিলাসী ঘৰত ডাঙৰ-দীঘল হোৱাৰ সুযোগ দিছিল ।
এতিয়া ছুপাৰষ্টাৰ পিতৃৰ পদাংক অনুসৰণ কৰি অভিনয়ৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে সেই কণমানিজনীয়ে ৷ অৱশ্যে বলীউডৰ পৰিৱৰ্তে হলিউডত কেৰিয়াৰ গঢ়িবলৈ সক্ষম হৈছে ছুপাৰষ্টাৰগৰাকীৰ কন্যাই । তেওঁৰ হলিউডৰ ছবি ‘দ্য গেষ্ট’ক সমগ্ৰ বিশ্বতে প্ৰশংসা কৰা হৈছিল । এতিয়ালৈকে হয়তো আপুনি গমেই পাইছে আমি কাৰ কথা কৈছো ৷ হয়, আমি কৈছো মিঠুন চক্ৰৱৰ্তীৰ কন্যাৰ কথা ৷
মিঠুন চক্ৰৱৰ্তী চাৰিটা সন্তানৰ পিতৃ ৷ ইয়াৰে তিনিজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান । তেওঁৰ ডাঙৰ পুত্ৰ মিমোহ চক্ৰৱৰ্তী, দ্বিতীয় পুত্ৰ ৰিমো চক্ৰৱৰ্তী আৰু তৃতীয় পুত্ৰ নমাশী চক্ৰৱৰ্তী । তেওঁৰ একমাত্ৰ কন্যা - দিশানী চক্ৰৱৰ্তী । দেউতাকৰ দৰেই দিশানীও অভিনয় ভাল পায় আৰু ইয়াৰ বাবেই অভিনয় জগতত নিজৰ কেৰিয়াৰ গঢ়ি তুলিছে দিশানীয়ে ৷ যদিও বহুতে হয়তো নাজানে, দিশানী চক্ৰৱৰ্তী মিঠুন চক্ৰৱৰ্তীৰ তুলি লোৱা কন্যা ।
মিঠুন চক্ৰৱৰ্তী আৰু তেওঁৰ পত্নী যোগিতা বালিৰ প্ৰথম দৃষ্টিতেই দিশানীৰ প্ৰতি মৰম জাগি উঠিছিল । ইয়াৰ পিচত আইনী কাগজ-পত্ৰ চহী কৰি তেওঁলোকে দিশানীক নিজৰ ঘৰলৈ লৈ যায়, তেতিয়াৰ পৰাই দিশানী গোটেই ঘৰখনৰ প্ৰিয় হৈ পৰিছিল । ছুপাৰষ্টাৰগৰাকীয়ে নিজৰ কন্যাক বহুত ভাল পায় ।
দিশানী চক্ৰৱৰ্তীক কেনেকৈ লগ পাইছিল মিঠুনে ?