মুম্বাই :ভাৰত হৈছে উৎসৱৰ দেশ ৷ গোটেই বছৰটোতে ভাৰতত বিভিন্ন উৎসৱ উদযাপন কৰা হয় ৷ এই সকলোবোৰৰ ভিতৰত দেৱালী হৈছে এটা আটাইতকৈ জনপ্ৰিয় উৎসৱ ৷ দেৱালীৰ আগমনৰ লগে লগে উতনুৱা হৈ পৰে মানুহৰ মন ৷ ঘৰখন নতুনকৈ সজাই-পৰাই তোলাত ব্যস্ত হৈ পৰে সকলো ৷ ৰংগোলী বনোৱাৰ পৰা আৰম্ভ কৰি ঘৰ বিভিন্ন ধৰণৰ মিঠাইৰে ভৰি পৰে সকলোৰে ৷ সম্পৰ্কীয় মানুহৰ সৈতে পোহৰৰ উৎসৱ দেৱালীত প্ৰতিজন ভাৰতীয়ই মন খুলি আনন্দ কৰে ৷
বৃহস্পতিবাৰে দেশবাসী দেৱালী উদযাপন কৰিবলৈ সাজু হৈছে ৷ এটা উৎসৱ য’ত ঘৰ এখন নানা ৰঙী পোহৰেৰে জিলিকি উঠে, তেনে সময়ত উৎসৱটোৰ লগত মিলাই গান নাবাজিলে কেনেকৈ হ’ব ? দেৱালী উদযাপনৰ গানবোৰে উৎসৱটোত এক অনন্য মাত্ৰা যোগ কৰে । এই বিশেষ দিনটোত বলীউডৰ কেইটামান কালজয়ী হিট আপোনালোকলৈ আগবঢ়ালো যিবোৰে দেৱালীৰ সঠিক পৰিৱেশ বৰ্ণান কৰে আৰু উদযাপন সঁচাকৈয়ে স্মৰণীয় কৰি তোলে ।
মেৰে তুমহাৰে সবকে লিয়ে হেপ্পী দিৱালী : পোহৰৰ উৎসৱৰ এইটো এটা অন্যতম জনপ্ৰিয় গীত । এই ট্ৰেকটো 'হোম ডেলিভাৰী : আপকো... ঘৰ টক' চিনেমাৰ । বৈশালী, সুৰতী, দিব্য, সুৰজ আৰু সুনিধি চৌহানে গোৱা এই গীতটিৰ কথা ৰচনা কৰিছে বিশাল দাদলানীয়ে ।
দীপ দিৱালী কে ঝুথে :এইটো ১৯৬০ চনৰ বলীউড ছবি 'জুগনু'ৰ এটা কালজয়ী দেৱালী গান । কিংবদন্তী গায়ক মহম্মদ ৰফিৰ দ্বাৰা গোৱা এই গীতটোৱে দেৱালীৰ উৎসৱৰ সাৰাংশ সুন্দৰভাৱে উপস্থাপন কৰে, পৰম্পৰাগত উপাদানৰ সৈতে এক সুমধুৰ সুৰৰ সংমিশ্ৰণ কৰে ।
আয়ী হে দিৱালী :এই ক্লাছিক গীতটিয়ে পোহৰৰ উৎসৱৰ আগমনৰ বতৰা দিয়ে । ২০০১ চনৰ ‘আমদনি আঠান্নী খৰচা ৰূপাইয়া’ ছবিৰ এই গানটোত উদিত নাৰায়ণ, অল্কা য়াগনিক, কুমাৰ চানু, শ্বান, কেতকী ডেভ আৰু স্নেহা পণ্টে কণ্ঠদান কৰিছে ।