মুম্বাই :যোৱা শনিবাৰে দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত পাঞ্জাবী তাৰকা দিলজিৎ দোছাঞ্জৰ কনচাৰ্ট আছিল । ইয়াত প্ৰায় 35 হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল । দিলজিতৰ অনুৰাগীসকলে হেঁপাহ পলুৱাই উপভোগ কৰে এই অনুষ্ঠান । দিলজিতৰ কনচাৰ্টৰ শব্দ ষ্টেডিয়ামৰ বাহিৰত বহু দূৰলৈকে শুনা গৈছিল । পিছে এতিয়া চৰ্চালৈ আহিছে জে এল এন ষ্টেডিয়ামৰ চৌপাশৰ পৰিৱেশ ৷
সংগীতানুষ্ঠানৰ পিছত জে এল এন ষ্টেডিয়াম চাব নোৱাৰা হৈ পৰিছে ৷ দিলজিতৰ কনচাৰ্টৰ পিছত ষ্টেডিয়ামৰ অৱস্থা একেবাৰে বেয়া হৈ পৰিছে । বিভিন্ন স্থানত সুৰাৰ বটল উদ্ধাৰ হৈছে । এজন খেলুৱৈয়ে জে এল এন ষ্টেডিয়ামৰ ভিডিঅ’ বনাই ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ পাছতেই চাৰিওফালৰ পৰা সমালোচনা জোৱাৰ উঠিছে ।
খেলুৱৈসকলে জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ঘাম উলিয়াই দৈনিক অনুশীলন কৰে, কিন্তু সংগীতানুষ্ঠানৰ পিছত, খেলুৱৈসকলৰ বাবে ইয়াত অনুশীলন কৰাটো কঠিন হৈ পৰিছে । এজন খেলুৱৈয়ে ভিডিঅ’ কৰি জৱাহৰলাল নেহৰু ষ্টেডিয়ামৰ প্ৰতিটো কোণ দেখুৱাইছে, য’ত আৱৰ্জনাৰ থূপ দেখা গৈছে । এতিয়া এই খেলুৱৈগৰাকীৰ সমান্তৰালকৈ জনতায়ো ক্ষোভ প্ৰকাশ কৰিছে ।
মন কৰিবলগীয়া কথা যে, জৱাহৰলাল নেহৰু ষ্টেডিয়ামৰ ৰান ট্ৰেক সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে । য’তে-ত’তে জাবৰৰ থূপ । ভঙা চকী, পচি যোৱা খাদ্য আৰু পানীৰ বাবে ইয়াৰ পৰিস্থিতি বোকাময় হৈ পৰিছে । এই সকলোবোৰ মিলি জৱাহৰলাল নেহৰু ষ্টেডিয়ামত বেয়া গোন্ধ ওলাইছে, যাৰ বাবে খেলুৱৈয়ে অনুশীলন কৰিব পৰা নাই । উল্লেখ্য যে, দৌৰবিদ বেয়ন্ত সিঙে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে, য’ত এই ব্যৱস্থাটোক লৈ নিজৰ ক্ষোভ প্ৰকাশ কৰিছে ।