ETV Bharat / state

আৰক্ষীৰ কন্দুৱা গেছত অধিবক্তাৰ মৃত্যু: প্ৰদেশ কংগ্ৰেছৰ এজাহাৰ দাখিল - GUWAHATI CONGRESS PROTEST TRAGEDY

কংগ্ৰেছৰ 'ৰাজভৱন চলো' কাৰ্যসূচীৰ মাজতে আৰক্ষীৰ কন্দুৱা গেছত প্ৰাণ হেৰুৱালে কংগ্ৰেছ নেতাই ।

Guwahati Congress Protest tragedy
আৰক্ষীৰ কন্দুৱা গেছত অধিবক্তাৰ মৃত্যু; প্ৰদেশ কংগ্ৰেছৰ এজাহাৰ দাখিল (ETV Bharat assam)
author img

By ETV Bharat Assamese Team

Published : Dec 18, 2024, 7:10 PM IST

গুৱাহাটী : কংগ্ৰেছৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহি বুধবাৰে আৰক্ষীৰ কন্দুৱা গেছৰ বাবে অধিবক্তা মৃদুল ইছলামৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে প্ৰদেশ কংগ্ৰেছে । বুধবাৰে কংগ্ৰেছৰ 'ৰাজভৱন চলো' কাৰ্যসূচীত অংশ ল'বলৈ আহি মৃত্যু হয় মৃদুল ইছলাম নামৰ অধিবক্তাজনৰ । প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে লাঠিচালনাও কৰিছিল ।

কন্দুৱা গেছৰ বাবে আহত হৈছিল মৃদুল ইছলাম । আহত মৃদুল ইছলামক লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয় যদিও হাস্পতালত তেওঁৰ মৃত্যু হয় । মৃত মৃদুল ইছলামৰ ঘৰ কামৰূপৰ বকোত ।

আৰক্ষীৰ কন্দুৱা গেছত অধিবক্তাৰ মৃত্যু; প্ৰদেশ কংগ্ৰেছৰ এজাহাৰ দাখিল (ETV Bharat Assam)

এই ঘটনা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছে বুধবাৰে বিয়লি লতাশিল থানাত এখন এজাহাৰ দাখিল কৰে । এজাহাৰত কোৱা হয় যে প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে অত্যধিক মাত্রাত কন্দুৱা গেছ প্ৰয়োগ কৰাৰ বাবে মৃদুল ইছলামৰ মৃত্যু হয় । প্ৰদেশ কংগ্ৰেছে ঘটনাৰ নিৰপেক্ষ তদন্ত দাবী কৰাৰ লগতে দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণৰ দাবী উত্থাপন কৰে । প্ৰদেশ কংগ্ৰেছৰ হৈ সাধাৰণ সম্পাদক বিপুল গগৈয়ে লতাশিল থানাত এজাহাৰ দাখিল কৰে ।

এজাহাৰ দাখিলৰ পাছত সংবাদ মাধ্যমৰ আগত তেওঁ কয়, "কন্দুৱা গেছৰ বিষাক্ত পাৰ্শ্বক্ৰিয়া হৈছে । আমি এই ঘটনাক গৰিহণা দিছো । অসম চৰকাৰৰ আৰক্ষী বাহিনীয়ে এই কাম কৰিব নালাগিছিল । মানুহৰ মৰণ লৈ অনা কন্দুৱা গেছ দিব নালাগিছিল । প্ৰতিবাদী কাৰ্যসূচী সম্পূৰ্ণ শান্তিপূৰ্ণ আছিল । আমি তিনিটা অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়ক লৈ ৰাজভৱন চলো কাৰ্যসূচী গ্ৰহণ কৰিছিলো । কিন্তু দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল । আমি ন্যায় বিচাৰি ঘটনাৰ উচিত তদন্ত দাবী কৰি এজাহাৰ দাখিল কৰিছো ।"

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া :

অধিবক্তা তথা প্ৰদেশ কংগ্ৰেছৰ আইনী কোষৰ সম্পাদক মৃদুল ইছলামৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছে গভীৰ শোক প্ৰকাশ কৰিছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হোৱা মৃদুল ইছলামৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে প্ৰদেশ কংগ্ৰেছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰত এনেদৰে এজন নিষ্ঠাবান কৰ্মীক হেৰুৱাবলগীয়া হোৱা বুলি উল্লেখ কৰে ৷

তেওঁ কয়, "কংগ্ৰেছে সমগ্ৰ দেশজুৰি আদানিৰ দুৰ্নীতি, অসমত গাঁৱৰ ৰাইজক স্মাৰ্ট মিটাৰৰ যোগেদি লুণ্ঠনৰ বিৰুদ্ধে আৰু মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ দাবীত আজি এক প্ৰতিবাদী সমদল উলিয়াইছিল । গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণ প্ৰতিবাদীসকলে ৰাজভৱনলৈ যাওতে আৰক্ষীয়ে প্ৰচণ্ড বাধা দিয়ে আৰু আৰক্ষীয়ে অতি ওচৰৰ পৰা কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলতে অধিবক্তা মৃদুল ইছলামৰ মৃত্যু হয় ৷ এই ঘটনাত বহু কেইজন কংগ্ৰেছ কৰ্মী আহত হৈছে, আনকি কেইবাজনো সাংবাদিকো গুৰুতৰভাৱে আহত হয় ৷ প্ৰতিদিন টাইমৰ অমৰেন্দ্ৰ ডেকা আৰু তেওঁলোকৰ ভিডিঅ' জাৰ্নেলিষ্ট গুৰুতৰভাৱে আহত হয় ৷ আহত কংগ্ৰেছ কৰ্মী আৰু সাংবাদিকসকলৰ আশু-আৰোগ্য কামনা কৰিছো ৷"

তেওঁ লগতে কয়, "মৃদুল ইছলামৰ প্ৰতি সন্মান জনাই অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যালয় ৰাজীৱ ভৱনত পতাকা অৰ্ধনমিত কৰা হৈছে ৷ মৃদুল ইছলামৰ মৃত্যুৰ এই ঘটনাক কংগ্ৰেছ দলে কেতিয়াও নাপাহৰে ৷ এই মৃত্যুক কংগ্ৰেছে কেতিয়াও সহজভাৱে নলয় ৷ ফেচিবাদী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যিধৰণে মানুহক হত্যা কৰিবলৈ আৰম্ভ কৰিছে তাৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছে প্ৰবল জনমত গঢ়ি তুলিব ৷ লগতে মৃদুল ইছলামক ন্যায় প্ৰদান কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছে আৰক্ষীৰ বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।"

ৰাইজৰ দলৰ প্ৰতিক্ৰিয়া :

কংগ্ৰেছ দলৰ 'ৰাজভৱন চলো' কাৰ্যসূচীত অংশ ল'বলৈ আহি অধিবক্তা মৃদুল ইছলামৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে । তেওঁ কয়, "বিজেপি চৰকাৰৰ অপশাসনৰ বিৰুদ্ধে আজি প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল । এই কাৰ্যসূচীত অতি দুৰ্ভাগ্যজনকভাৱে মৃদুল ইছলাম নামৰ এজন কংগ্ৰেছ কৰ্মীৰ মৃত্যু হ'ল । এই মৃত্যুক হত্যাকাণ্ড বুলিয়ে ক'ব বিচাৰিছো । কাৰণ আৰক্ষীয়ে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰি লাঠিচালনা কৰিলে আৰু কন্দুৱা গেছ প্ৰয়োগ কৰিলে । চৰকাৰখনে ভয়-ভাবুকি প্ৰদৰ্শন কৰাৰ লগতে বিৰোধীয়ে যাতে প্ৰতিবাদ কৰিব নোৱাৰে তাৰ বাবে পৰিকল্পিতভাৱে এই হত্যাকাণ্ড কৰিলে । মুকলি আকাশৰ তলত হত্যা আৰম্ভ হৈছে । আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো । বিৰোধী কেতিয়াও মনে মনে নাথাকে । এই ঘটনাৰ নিৰপেক্ষ তদন্ত হ'ব লাগে ।"

লগতে পঢ়ক :কংগ্ৰেছৰ বিশাল প্ৰতিবাদৰ মাজতেই মৃত্যুক সাবটিলে অধিবক্তা কংগ্ৰেছ নেতাই - CONGRESS WORKER DIES DURING PROTEST

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.