চিটাৰা ডেস্ক, ৭ ফেব্ৰুৱাৰী: জনপ্ৰিয় কমেডিয়ান কৃষ্ণা অভিষেকৰ ভগ্নী টিভি অভিনেত্ৰী আৰতি সিঙৰ বিবাহৰ খবৰে এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে । আগন্তুক এমাহৰ ভিতৰত অতি সোনকালেই প্ৰেমিক দীপক চৌহানৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব অভিনেত্ৰীগৰাকী । অৱশ্যে এই সন্দৰ্ভত আৰতিৰ ফালৰ পৰা কোনো আনুষ্ঠানিক ঘোষণা এতিয়ালৈকে অহা নাই । কিন্তু এতিয়া আৰতিৰ ককায়েক অৰ্থাৎ কৃষ্ণাই এই খবৰ নিশ্চিত কৰিছে ।
ভগ্নী আৰতি সিঙৰ বিবাহ নিশ্চিত কৰিছে কৃষ্ণাই
শেহতীয়াকৈ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কৃষ্ণা অভিষেকে আৰতি সিঙৰ বিবাহ সন্দৰ্ভত মুকলিকৈ প্ৰকাশ কৰে। সাক্ষাৎকাৰত কৃষ্ণাই আৰতিৰ বিবাহৰ খবৰটো সঁচা বুলি কৈছে । কেৱল এয়াই নহয়, কৃষ্ণাই প্ৰথম অতিথিৰ নামো প্ৰকাশ কৰিছে, যাক তেওঁ আৰতিৰ বিয়াৰ প্ৰথম কাৰ্ড পঠিয়াব ।
কৃষ্ণাই সাক্ষাৎকাৰত হাঁহি হাঁহি কয়, ‘‘মই আৰতিক বুজাই থাকো যে বিয়াত বেছি টকা খৰচ কৰিব নালাগে । অৱশ্যে আমি এতিয়াও অপেক্ষা কৰি আছো বিয়াৰ আনুষ্ঠানিক ঘোষণালৈ । এই সন্দৰ্ভত আমি অতি সোনকালে আপোনালোকক সকলো সবিশেষ দিম ।’’