চিটাৰা ডেস্ক, 14 জুন :ভাৰতৰ প্ৰথম পেৰা অলিম্পিক স্বৰ্ণ পদক বিজয়ী মুৰলীকান্ত পেটকাৰৰ চৰিত্ৰত অভিনয় কৰিছে কাৰ্তিক আৰিয়ানে ৷ জীৱনীমূলক ছবি চন্দু চেম্পিয়নৰ প্ৰদৰ্শনী বৃহস্পতিবাৰে মুম্বাইত অনুষ্ঠিত হয় । এই অনুষ্ঠানটো আছিল এটা গ্লেমাৰাছ অনুষ্ঠান, বলীউডৰ চেলেব্ৰিটীসকল ছবিখনৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিবলৈ উপস্থিত হয় প্ৰদৰ্শনীত । সকলোৰে মাজত এগৰাকী উল্লেখযোগ্য অতিথি ৰূপে প্ৰাক্তন প্ৰেমিকা বুলি জনাজাত অনন্যা পাণ্ডেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।
ক’লা ৰঙৰ হাৰ্মিছ অৰান চেণ্ডেলৰ সৈতে মিলাই ধূসৰ ৰঙৰ বডিকন ড্ৰেছ পিন্ধি অনন্যাই এই অনুষ্ঠানত প্ৰৱেশ কৰে । মেলি থোৱা চুলি আৰু সামান্য মেকআপৰ সৈতে অনন্যাক মোহনীয় ৰূপত দেখা যায় । স্ক্ৰীণিঙৰ ওচৰলৈ যোৱাৰ আগতে পাপাৰাজ্জীক হাত জোকাৰি কেমেৰাৰ সন্মুখত প’জ দিলে অনন্যাই । লগত আছিল ঘনিষ্ঠ বন্ধু তথা উদীয়মান অভিনেত্ৰী শ্বানায়া কাপুৰৰ লগতে পিতৃ চাংকি পাণ্ডে ।
লগতে পঢ়ক :দৰ্শকৰ দৃষ্টিত চন্দুৱে সঁচাকৈয়ে ধৰা দিলে চেম্পিয়ন হিচাপে - Chandu Champion Review
কাৰ্তিক আৰু অনন্যাই তেওঁলোকৰ অতীতৰ ৰোমান্টিক সম্পৰ্ক শেষ হৈ যোৱা স্বত্বেও তেওঁলোকৰ বন্ধুত্ব অব্যাহত ৰাখিছিল । খবৰ অনুসৰি দুয়োৱে তেওঁলোকৰ ২০১৯ ৰ ৰোমাণ্টিক কমেডী পতি, পত্নী ঔৰ ৱ'ৰ চিত্ৰগ্ৰহণৰ সময়ত ডেট কৰিছিল, কিন্তু তাৰ পিচতে পৃথকে বাট বুলিবলৈ লয় । অৱশ্যে, তেওঁলোকৰ মাজত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক এতিয়াও বৰ্তি আছে ৷ কৰণ জোহৰৰ জনপ্ৰিয় চেট শ্ব' কফি উইথ কৰণ চিজন 7 ত "হে কৰণ, ইটছ মি" ৰাউণ্ডৰ সময়ত অনন্যাই কাৰ্তিকক ফোনো কৰিছিল । অনন্যাৰ মাক ভাৱনা পাণ্ডেও একেটা অনুষ্ঠানতে আছিল, য'ত তেওঁ কাৰ্তিকক অনন্যাৰ প্ৰিয় প্ৰাক্তন বুলি উল্লেখ কৰিছিল ।