চিটাৰা ডেস্ক, 16 মে’ :যিখন ছবি আমি দেখি আহিছো, সেই ছবিখনে এয়ে কয় যে হিন্দী ছবিজগতত অভিনেত্ৰীসকল সদায়ে সমুখ সমৰতহে নামে ৷ সমৰ্থনৰ ভাৱধাৰা তেওঁলোকৰ মাজত নাথাকে ৷ কেটফাইটৰ বাতৰি আৰু এখন চিনেমাৰ ছেটত দুগৰাকী শীৰ্ষস্থানৰ অভিনেত্ৰীৰ মাজত কথা-বতৰা নচলাটোৱে বলীউডৰ গৰম খবৰ ৷ এনেদৰেই পিছে বহু সময়ত উৰাবাতৰিও বিয়পে ৷ পিছে শেহতীয়াকৈ এটা যোগাত্মক বাৰ্তা দিলে বলীউডৰ দুটা বেলেগ বেলেগ সময়ৰ দুগৰাকী শীৰ্ষস্থানৰ অভিনেত্ৰীয়ে ৷ বাস্তৱতা ছবিখন প্ৰতিফলিত কৰা তেওঁলোকৰ এই ব্যৱহাৰ মচলাযুক্ত শিৰোনামবোৰৰ পৰা বহু দূৰত ।
মোহময়ী অভিনেত্ৰী প্ৰীতি জিণ্টাই ইনষ্টাগ্ৰামত অভিনেত্ৰী মনীষা কৈৰালাক প্ৰশংসা কৰে ৷ হীৰামাণ্ডী : দ্য ডায়েমণ্ড বাজাৰত কৰা অভূতপূৰ্ব অভিনয়ৰ মনীষা কৈৰালা সৰ্বব্যাপীৰূপত প্ৰশংসিত হৈছে ৷ সুযোগ এৰি নিদিলে প্ৰীতি জিণ্টাইয়ো ৷ কিন্তু একেটা পেছাতে থকা এজনে আনজনক হিয়া উজাৰি প্ৰশংসা কেতিয়া কৰিব পাৰে ? নিশ্চয়কৈ যেতিয়া প্ৰতিযোগিতামূলক মনোভাৱৰ ঠাইত সহৃদয়তা থাকে ৷ যেতিয়া সকলো সমানে আগবাঢ়ি যোৱাৰ মনোভাৱ থাকে ৷ শেহতীয়া প্ৰীতি জিণ্টাৰ পোষ্টটোৱে তাকেই সূচাইছে ৷
প্ৰীতি আৰু মনীষাই বিখ্যাত দিল ছে ছবিখনত একেলগে অভিনয় কৰিছিল ৷ মনীষাক ‘প্ৰতিভাৰ পাৱাৰহাউচ’ বুলি অভিহিত কৰি এগৰাকী সুন্দৰ মনৰ ব্যক্তি বুলি উল্লেখ কৰে তেওঁ ৷ ১৯৯৮ চনৰ মণি ৰত্নমৰ চলচ্চিত্ৰৰ ছেটত তেওঁলোকৰ সময়ৰ কথা মনত পেলাই জিণ্টাই কৈৰালাৰ নিৰ্দেশনা আৰু দয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে, যিয়ে তেওঁক তেওঁৰ চলচ্চিত্ৰ যাত্ৰা ইতিবাচকভাৱে আৰম্ভ কৰাত সহায় কৰে বুলি উল্লেখ কৰে অভিনেত্ৰীগৰাকীয়ে । কৈৰালাৰ পেছাদাৰীত্বক প্ৰশংসা কৰি কয় যে সদায় হাঁহি এটা মুখত লৈ থকা কৈৰালাই সহযোগিতা আৰু পৰামৰ্শৰ বাবে সদা প্ৰস্তুত থাকে ।