ডিব্ৰুগড় :ডিব্ৰুগড় বিমানবন্দৰত আজি উপস্থিত হয় বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিনোদ ৰাথোড় । ঐতিহাসিক চৰাইদেউৰ দিচাংপানীত বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণাৰু-কাঞ্চন-কৃষ্ণচূড়াৰ পঞ্চম বর্ষপূর্তি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছে কণ্ঠশিল্পী বিনোদ ৰাথোড় ৷ বলীউডৰ কণ্ঠশিল্পীগৰাকীক ডিব্ৰুগড় বিমানবন্দৰত আদৰণি জনাই অসমৰ কেইবাগৰাকীও শিল্পীয়ে । ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে-লগে শিল্পী তথা কলা কুশলীৰ দলটোৱে ফুলাম গামোচা, জাপি পিন্ধাই আদৰণি জনাই তেওঁক । বিপিন চাউদাং, কুমুদ কৈলাসকে ধৰি বহুকেইজন শিল্পী, কলা-কুশলী তেওঁক আদৰণি জনাবলৈ বিমানবন্দৰত উপস্থিত হয় ৷ বলীউডৰ কণ্ঠশিল্পীৰ সৈতে ফটো উঠিবলৈ ভিৰ কৰে বহু অনুৰাগীয়ে ।
উল্লেখ্য যে, প্ৰকৃতি প্ৰেমৰ বিৰল নিদৰ্শনেৰে ঐতিহাসিক চৰাইদেউৰ দিচাংপানীত ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণাৰু-কাঞ্চন- কৃষ্ণচূড়াৰ পঞ্চম বর্ষপূর্তি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে । এই অনুষ্ঠানত প্ৰতিটো দিনতে অসমৰ প্ৰায় অৰ্ধ-শতাধিক জনপ্ৰিয় কণ্ঠশিল্পীয়ে অংশগ্ৰহণ কৰিছে ৷ আজি অন্তিম দিনৰ এই অনুষ্ঠানত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত বলীউডৰ কণ্ঠশিল্পী বিনোদ ৰাথোড় আৰু চান্দনী মূখাৰ্জীয়ে গীত পৰিবেশন কৰিব । অসমলৈ আহি ভাল লগাৰ লগতে আনন্দিত হৈছো বুলি মন্তব্য কৰে বিনোদ ৰাথোড়ে । অসমৰ জনপ্ৰিয় শিল্পী বিপিন চাউদাঙৰ লগতে আনসকল শিল্পীক টেলিভিশ্যনত চাই থাকো বুলিও কয় বলীউডৰ কণ্ঠশিল্পীগৰাকীয়ে ।