চিটাৰা ডেস্ক, ৪ ফেব্ৰুৱাৰী:বলীউডৰ অভিনেত্ৰী ভূমি পেডনেকাৰ নিজৰ জোৰদাৰ অভিনয়ৰ বাবে পৰিচিত । কিন্তু সকলোৰে জীৱনত এনেকুৱা এটা মুহূৰ্ত থাকে যিটো হয়তো কোনেও কাৰো সৈতে শ্বেয়াৰ কৰিব নিবিচাৰে ৷ তেনেকৈ ভূমিৰ জীৱনতো সংঘটিত হৈছিল এনে এক ঘটনা যিটো মনত পেলালে আজিও শিহৰিত হৈ পৰে অভিনেত্ৰীগৰাকী ৷ শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ জীৱনত সন্মুখীন হোৱা হাৰাশাস্তিৰ যন্ত্ৰণাদায়ক কাহিনী মুকলিকৈ শ্বেয়াৰ কৰিছে ।
১৪ বছৰ বয়সতে নিৰ্যাতনৰ বলি হৈছিল ভূমি পেডনেকাৰ
বৰ্তমান ভূমি পেডনেকাৰ তেওঁৰ আগন্তুক ছবি ‘ভক্ষক’ৰ বাবে চৰ্চাত আছে । এনে পৰিস্থিতিত অভিনেত্ৰীগৰাকীয়ে ছবিখনৰ জোৰদাৰ প্ৰচাৰ চলাই আছে । এই সময়চোৱাত তেওঁৰ লগত ঘটা এটা ভয়ংকৰ ঘটনাৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে । অভিনেত্ৰীগৰাকীয়ে কয় যে মাত্ৰ ১৪ বছৰ বয়সতে তেওঁক নিৰ্যাতন চলোৱা হৈছিল । এই ঘটনাই ভূমিক মানসিকভাৱে ভাঙি পেলাইছিল ।
ভূমিয়ে সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত কয়, ‘‘বান্দ্ৰাৰ মেলালৈ যোৱা দিনটো মোৰ এতিয়াও বহুত ভালকৈ মনত আছে । সেই সময়ত মই সৰু আছিলোঁ । মোৰ বয়স প্ৰায় ১৪ বছৰ আছিল । মই মোৰ পৰিয়ালৰ সৈতে সেই মেলালৈ গৈছিলোঁ । মই খোজ কাঢ়ি গৈ থাকোঁতে কোনোবাই বাৰে বাৰে পিঠিত চিকুটি আছিল । কোনোবাই অনবৰতে মোক অনুচিতভাৱে স্পৰ্শ কৰি আছিল । মই বুজি পাইছিলো যে কিবা বেয়া হৈ আছে ৷ পিচলৈ ঘূৰি চাওঁতে তাত কোনো নাছিল । সেই সময়চোৱাত মোৰ সৈতে বিল্ডিঙত থকা আন ল’ৰা-ছোৱালীও আছিল ।’’