অসম

assam

ETV Bharat / entertainment

ঘৰতে এভাগি ভাওনাৰে শ্ৰদ্ধাঞ্জলি জনতাৰ শিল্পী ৰাজীৱ শদিয়াক - SINGER RAJIB SADIYA DEATH

উজনি অসমৰ ভাওনা শিল্পীৰ একত্ৰিত বিশেষ পদক্ষেপ ৷ উজনিৰ ৭ খন জিলাৰ দক্ষ ভাৱৰীয়াই জনাব শ্ৰদ্ধাঞ্জলি ৷

Bhaona to be held at late singer Rajib Sadiya's residence to pay tribute
গণশিল্পী ৰাজীৱ শদিয়া (Photo : ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Jan 23, 2025, 2:54 PM IST

ডিব্ৰুগড় : প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ বাসগৃহলৈ সোঁত বৈয়ে আছে জনতাৰ ৷ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ প্ৰতিদিনেই পৰিয়ালটোৰ কাষত ঠিয় হৈছে ৰাজ্যৰ দল-সংগঠন ৷ ইয়াৰ মাজতে উজনি অসমৰ ভাওনা শিল্পীসকলে ল’লে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ বাসগৃহত ভাওনা প্ৰদৰ্শনৰ মন মেলিছে ভাওনা শিল্পীসকলে ।

গুৰু দুজনাৰ অমৰ সৃষ্টি ভাওনা সংস্কৃতিৰ সৈতে জড়িত উজনি অসমৰ শিল্পীসকল একত্ৰিত হৈ ১০ ফেব্ৰুৱাৰীত প্ৰয়াত ৰাজীৱ শদিয়াৰ বাসগৃহত ভাওনা প্ৰদৰ্শন কৰিব ৷ নাট‍্যকাৰ উৎপল খনিকৰে নাট‍্যৰূপ দিয়া ‘‘সিন্ধু মুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ’’ শীৰ্ষক নাটখন প্ৰদৰ্শন কৰিব শিল্পীসকলে ।

ভাওনা শিল্পীৰ বিশেষ পদক্ষেপ (ETV Bharat Assam)

উক্ত নাটখনত উজনি অসমৰ ৭ খন জিলাৰ দক্ষ ভাৱৰীয়াৰ লগতে প্ৰতিষ্ঠিত ৩০ জন বায়ন আৰু ৩০ জন গায়নে অংশগ্ৰহণ কৰিব । টিংখাঙত এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা ঘোষণা কৰে ভাওনা কৃষ্টিৰ সৈতে জড়িত শিল্পীসকলে ।

গণশিল্পী ৰাজীৱ শদিয়াৰ ভাওনা সংস্কৃতিৰ প্ৰতি আছিল বিশেষ আগ্ৰহ :

উল্লেখ্য যে, সদ্যপ্ৰয়াত ৰাজীৱ শদিয়াৰ ভাওনা সংস্কৃতিৰ প্ৰতি আছিল বিশেষ আকৰ্ষণ । শিল্পীগৰাকীয়ে নিজৰ বাসগৃহত এভাগি ভাওনা প্ৰদৰ্শনৰ বাবেও ইচ্ছা প্ৰকাশ কৰিছিল । প্ৰয়াত ৰাজীৱ শদিয়াৰ পৰিয়ালৰ সূত্ৰে এই কথা অৱগত হোৱাৰ পাছত গণশিল্পীগৰাকীৰ শেষ ইচ্ছাৰ প্ৰতি সন্মান জনাই এই পদক্ষেপ গ্ৰহণ কৰিছে শিল্পীসকলে ।

এইক্ষেত্ৰত তেওঁলোকে সমূহ অসমবাসীৰ সহায়-সহযোগিতা তথা দিহা পৰামৰ্শ কামনা কৰিছে । এই সমগ্ৰ অনুষ্ঠানটোৰ ব্যৱস্থাপনাৰ দায়িত্ব গ্ৰহণ কৰিছে টিংখাঙৰ যোগেশ শইকীয়া, আমগুৰিৰ উৎপল খনিকৰ আৰু জ‍্যোতিপ্ৰতিম খনিকৰে ।

গণশিল্পীগৰাকীলৈ ৰাজ্যজুৰি জনোৱা হৈছে শ্ৰদ্ধাঞ্জলি :

ভোগালীৰ উৰুকাৰ দিনটোতেই আহিছিল সেই দুঃখবৰটো ৷ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন একেবাৰে উকা কৰি গৈছিল জাতি-মাটিৰ গান গাই ভালপোৱা ৰাজীৱ শদিয়া । তিনিচুকীয়াৰ ৰসবাৰী পৰ্যটন মেলাত গীত গাই থকাৰ মাজতে হঠাৎ ঢলি পৰি অসুস্থ হৈ পৰিছিল গণশিল্পী ৰাজীৱ শদিয়া । হৃদক্ৰিয়া বন্ধ হৈ পৰাত জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক অসম চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল ৷ বহু চেষ্টা কৰিও চিকিৎসকে বচাব নোৱাৰিলে তেওঁৰ প্ৰাণ ।

কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ অকাল মৃত্যুত আজিও ৰাজ্যত শোকাকুল পৰিৱেশ । জাতি, মাটিৰ হকে গীত গাই কম সময়তে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হোৱা ৰাজীৱ শদিয়াক ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাইছে ।

লগতে পঢ়ক :ৰাজীৱ শদিয়াৰ মৃত্যুৱে প্ৰমাণ কৰিলে ৰাইজৰ মাজত থকা গণশিল্পীৰ ভেঁটি

ABOUT THE AUTHOR

...view details