চিটাৰা ডেস্ক, ২৮ ফেব্ৰুৱাৰী: বলীউডৰ অভিনেতা অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফৰ আগন্তুক ছবি ‘বাড়ে মিঞা ছোটে মিঞা’ৰ দ্বিতীয়টো গীত ‘মষ্ট মালং ঝুম’ মুক্তি পালে । অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফক এই গীতটিত নৃত্য কৰা দেখা গৈছে । এই গীতটিত কণ্ঠদান কৰিছে অৰিজিৎ সিং, বিশাল মিশ্ৰা আৰু নিখিতা গান্ধীয়ে । এই গীতটি ৰচনা কৰিছে বিশাল মিশ্ৰাই, আনহাতে ইৰশ্বাদ কামিলে গীতৰ কথা লিখিছে । এতিয়া ছ’চিয়েল মিডিয়াত এই গীতটি শ্বেয়াৰ কৰিছে অক্ষয় কুমাৰ, সোনাক্ষী সিনহা, টাইগাৰ শ্ৰফ আৰু জি মিউজিত কোম্পানীয়ে ।
দীৰ্ঘদিন ধৰি অনুৰাগীয়ে অপেক্ষা কৰি আছিল অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফৰ ছবি বড়ে মিঞা ছোটে মিঞাৰ বাবে ৷ অৱশ্যে এতিয়া অনুৰাগীৰ অপেক্ষাৰ অন্ত পৰিব । কাৰণ এই ছবিখন ২০২৪ চনৰ এপ্ৰিলত ঈদ উপলক্ষে মুক্তি পাব ।
ইফালে 'মষ্ট মলং ঝুম' গীতটিৰ কথা ক’বলৈ গ’লে এইটো এটা পাৰ্টি গীত ৷ গীতটিত, টাইগাৰ শ্ৰফ আৰু অক্ষয় কুমাৰে জোৰদাৰ নৃত্য কৰা দেখা গৈছে । অৱশ্যে সোনাক্ষী সিনহাকো টাইগাৰ আৰু অক্ষয়ৰ সৈতে নৃত্য কৰা দেখা গৈছে ৷ এই কথা শ্বেয়াৰ কৰি অক্ষয়ে লিখিছে, ‘‘মষ্ট এনাৰ্জি, বিটছ-মালাং, গ্ৰুভ-ঝুম । এই সময়চোৱাত মলং ঝুমৰ তালেৰে নাচিব লাগিব । ঈদৰ দিনা মুক্তি পাব বাড়ে মিঞা ছোটে মিঞা ।’’
উল্লেখ্য যে, পূজা এণ্টাৰটেইনমেণ্ট আৰু এ এজ ফিল্মছে বড়ে মিঞা ছোটে মিঞা ছবিখনৰ প্ৰযোজনা কৰাৰ বিপৰীতে আলী আব্বাছ জাফৰে এই ছবিখন পৰিচালনা কৰিছে । এই ছবিখন এই ঈদত মুক্তি পাব যদিও কোনো নিৰ্দিষ্ট তাৰিখ এতিয়াও দিয়া হোৱা নাই । এই ছবিখনত অক্ষয় আৰু টাইগাৰৰ উপৰিও পৃথ্বীৰাজ সুকুমাৰন, সোনাক্ষী সিনহা, মনুষী চিল্লাৰ, আলয়া এফ আৰু ৰণিত ৰায়কো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব ।
লগতে পঢ়ক:জনপ্ৰিয় কণ্ঠশিল্পী তৰালি শৰ্মাৰ নতুন গীত ‘উপমাৰ সিপাৰে’