গুৱাহাটী, ১৩ জুলাই:বিশিষ্ট ঔপন্যাসিক ৰঞ্জু হাজৰিকাৰ উপন্যাস 'ক্ষুধাতুৰ শগুণ'ৰ আধাৰত নিৰ্মিত 'ক্ষুধা' নামৰ ৮ টা খণ্ডৰ ৱেব চিৰিজখনে ১৪ জুলাইত মুক্তি লাভ কৰিব ৷ মুক্তিৰ পাচতেই দৰ্শক ৰাইজৰ বাবে ৰীল ড্ৰামা এপত ৱেব চিৰিজখন উপলব্ধ হ’ব ৷ অটিটি প্লেটফৰ্মৰ ৰীলড্ৰামাৰ (Reel Drama) ৱেব চিৰিজ 'ক্ষুধা' মুকলিৰ প্ৰাক্ক্ষণত ৱেব চিৰিজখনৰ ট্ৰেইলৰ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি কৰা হয় ৷
এই অনুষ্ঠানত ৱেব চিৰিজখনৰ পৰিচালক দীপক কুমাৰ ৰয়ৰ লগতে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা, প্ৰদীপ নিষিথকে আদিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি তথা ৱেব চিৰিজখনৰ কলা-কুশলী ৷ ৱেব চিৰিজখনৰ চিত্ৰনাট্য তপজিত দত্ত বৰাৰ, সংগীত আৰু ছাউণ্ড ডিজাইন নবাৰুণ বৰাৰ ৷ আনহাতে কেমেৰাৰ (DOP) কাম কৰিছে প্ৰদীপ দৈমাৰীয় ৷ ৱেব চিৰিজখনৰ সম্পাদনা আৰু কালাৰৰ কাম কৰিছে গৌতম মজুমদাৰে ৷ ইপিনে,ৰূপসজ্জাৰ দায়িত্বত আছে বিশ্বজিৎ কলিতা । কলা নিৰ্দেশনা জ্যোতি শংকৰ ভট্টাচাৰ্য্যৰ ৷